ঐতিহাসিক বটদ্ৰৱা থান তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত পৰম্পৰাগত ভাৱে উদযাপিত হৈ অহা শ্ৰীকৃষ্ণৰ দৌল যাত্রা মহোৎসৱ আৰম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে থান পৰিচালনা সমিতিয়ে প্ৰস্তুতি অব্যাহত ৰাখিছে। ইতিমধ্যে ধৰ্মীয় উপ সমিতি, প্ৰশাসনিক উপ সমিতি, মেলা-বজাৰ উপ সমিতি, প্ৰচাৰ উপ সমিতি, ৰভা-তোৰণ উপ সমিতি, সাংস্কৃতিক উপ সমিতি, বিজুলী আৰু পানী যোগান উপ সমিতি, স্মৃতিগ্ৰন্থ উপ সমিতিকে ধৰি ১৫ খন উপ সমিতি গঠন কৰি পূৰ্ণ গতিত কাম কৰিছে। আজি বটদ্ৰৱা থানৰ সভাগৃহত থান পৰিচালনা সমিতি আৰু উপসমিতিৰ আহ্বায়ক, সদস্য সকলৰ মাজত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰি পাঁচ দিনীয়াকৈ অনুষ্ঠিতব্য দৌল উৎসৱটি মহা আৰম্বৰপূৰ্ণভাৱে উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে। থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত দৌল মহোৎসৱৰ প্ৰচাৰ সূচী ভাগ আনুষ্ঠানিক ভাৱে উন্মোচন কৰি ৰাইজলৈ আগবঢ়াই দিয়ে। তাৰ আগেয়ে দিনৰ ১১.৩০ বজাত পৰম্পৰাগত নিয়মেৰে প্ৰচাৰসূচীভাগ কীৰ্তন ঘৰত শৰাইত আগবঢ়াই সমিতিয়ে আশৰ্বাদ গ্ৰহণ কৰে। সভাত থান পৰিচালনা সমিতিৰ উপ সভাপতি অম্লানজ্যোতি দেৱ গোস্বামী, কাৰ্যকৰী সভাপতি প্ৰভাত কলিতা, সাধাৰণ সম্পাদক টিকেন্দ্ৰজিৎ গোস্বামী, কাৰ্যনিবাহক মানিক বৰা, ৰাহুল দেৱ বৰদলৈ, কল্যাণ কলিতা, পদুম কলিতাকে ধৰি সদস্য সকল উপস্থিত থাকে। উল্লেখ্য যে পাঁচ দিনীয়াকৈ অহা ১৩ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হ’বলগা ৰঙৰ উৎসৱলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা অগণন ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱাৰ আশা কৰা হৈছে।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা