ছফ্টৱেৰ টেকনোলজী পাৰ্ক অফ ইণ্ডিয়া চমুকৈ এছ টি পি আইৰ আজাৰাস্থিত গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত থকা হোটেল কিৰণশ্ৰী গ্ৰেণ্ডৰ সভাগৃহত আজি দিনযোৰা কাৰ্যসূচীৰে বিনিয়োগ সম্পৰ্কীয় এখন সন্মিলন ( Investor Connect 3.0 ) অনুষ্ঠিত হয়। দিনৰ ১০ বজাৰ পৰা সন্ধিয়ালৈ অনুষ্ঠিত সন্মিলনখন বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰাৰ পাছত উপস্থিত সকলোকে আদৰণি জনায় সন্মিলনৰ উদ্দ্যেশ্য বাখ্যা কৰে এছ টি পি আইৰ গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক বন্দনা শ্ৰীবাস্তৱে । আনহাতে সন্মিলনত চাৰিটা অগ্ৰণী উদ্যমিতা প্ৰতিস্থান ক্ৰমে – আই আই এম কলকাতাৰ ইন্নোভেনচন পাৰ্কৰ মুখ্য অপাৰেটিং বিষয়া প্ৰাঞ্জল কোঁৱৰ, আলভাভালভ কনচালটেণ্টিং প্ৰাইভেট লিমিটেডৰ সঞ্চালক মনীষ শ্ৰীবাস্তৱ, টি৯এল কিউবৰ ই আই আৰ কুমাৰ সৌৰভ আৰু এছ আই ডি বি আই ভেঞ্চাৰ কেপিটেল লিমিটেডৰ এ ভি পি ৰূপম নাথে ভাগ লৈ এনে ধৰণৰ সন্মিলনত হোৱা মত – বিনিময়ৰ জৰিয়তে নতুনকৈ আই টি ক্ষেত্ৰত জড়িত হব খোজা সকলক উৎসাহিত কৰিব বুলি আশা ব্যক্ত কৰে। বিশেষকৈ নতুনকৈ ষ্টাৰ্টআপ আৰম্ভ কৰিব বিচৰা সকল কেনেদৰে লাভবান হব তাৰ বাখ্যা দাঙি ধৰে। আনহাতে সন্মিলনৰ লগত সংগতি ৰাখি দুখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত বেংগালুৰুস্থিত কোৱালিটি এণ্ড ৰেগুলাৰিটি কম্পলিয়েন্সৰ টিৰকগ হেলথৰ উপ সভাপতি ডঃ মধু দণ্ডপানী আৰু আগৰতলাস্থিত নেশ্যনেল ইনষ্টিটিউট অৱ টেকনোলজীৰ সহকাৰী অধ্যাপক ডঃ সুমন দেৱ উপস্থিত থাকে । ইয়াৰ উপৰিও সন্মিলনত ভাগ লোৱা কেবাজনো প্ৰতিনিধিয়ে তেওঁলোকৰ ষ্টাৰ্টআপ প্ৰদৰ্শন কৰাৰ লগতে ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰে।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক