অসমৰ উদ্যোগ আৰু শিক্ষাক্ষেত্ৰৰ মাজত সম্পৰ্ক অধিক শক্তিশালী আৰু উন্নত কৰাৰ বাবে নুমলীগড় শোধনাগাৰ লিমিটেড ( এন আৰ এল) ৰ সৈতে ১৩ মাৰ্চত এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে। চুক্তি স্বাক্ষৰ অনুষ্ঠানত এন আৰ এলৰ l পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন, এছ এছ এ ছ’চাইটিৰ সভাপতি যশোদাৰঞ্জন দাস আৰু গিৰিজানন্দ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কন্দৰ্প দাসকে ধৰি কেবাজনো শীৰ্ষ পদাধিকাৰী উপস্থিত থাকে। আনহাতে এই উপলক্ষে বিশ্ববিদ্যালয়ৰ সভাগৃহত আয়োজিত চুক্তি স্বাক্ষৰ অনুষ্ঠানত ভাষণ প্ৰসংগত এন আৰ এলৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনে প্ৰযুক্তিৰ ভৱিষ্যৎ আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে জলবায়ু সংকটৰ বিষয়তো গুৰুত্বপূৰ্ণ মন্তব্য কৰে। উল্লেখ্য যে এই বুজাবুজিৰ চুক্তিৰ লক্ষ্য হৈছে পাৰস্পৰিকভাৱে উপকাৰী হোৱাকৈ কৌশল গ্ৰহণ কৰি উদ্যোগ আৰু শৈক্ষিক ক্ষেত্ৰৰ সংযোগ শক্তিশালী কৰা আৰু ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলা। দুয়োটা প্ৰতিষ্ঠানে পৰিকল্পনা কৰা কাৰ্য্যকলাপসমূহৰ ভিতৰত আছে যৌথ অনুষ্ঠানৰ ব্যৱস্থা কৰা, জ্ঞান আৰু তথ্য বিনিময় কৰাৰ লগতে গৱেষণা, অধ্যয়ন আদি বিভিন্ন ক্ৰিয়া-কলাপ সম্পন্ন কৰা। দুয়োটা প্ৰতিষ্ঠানে আশা কৰিছে যে প্ৰযুক্তি আৰু ব্যৱসায়িক ব্যৱস্থাপনাৰ ক্ষেত্ৰত নুমলীগড় শোধনাগাৰৰ ব্যৱহাৰিক দক্ষতা, অভিজ্ঞতাৰ দ্বাৰা গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উদ্যোগ আৰু প্ৰযুক্তি ক্ষেত্ৰত এক উন্নত শৈক্ষিক পৰিৱেশ গঢ়ি তুলিব পৰা যাব। যাৰ ফলত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে গৱেষণা, অধ্যয়ন, কৰ্মশালা, সন্মিলন আদিৰ ক্ষেত্ৰত সহায় লাভ কৰিব। উল্লেখ্য যে তেল আৰু গেছেৰে সমৃদ্ধ অসমৰ চাৰিটা শোধনাগাৰৰ ভিতৰত অন্যতম নুমলীগড় শোধনাগাৰ।
Trending
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন