বাহন চালনৰ অনুজ্ঞা পত্ৰ লাভৰ বাবে গুৱাহাটী মহানগৰীৰ পৰিৱৰ্তে এইবাৰ অসম মেঘালয় সীমান্তৱৰ্তী এক অতি ভিতৰুৱা আম্প্ৰিভেলী অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ্থে অনুস্থিত কৰিলে এক বিশেষ পৰীক্ষণ শিবিৰৰ।উল্লেখ্য যে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে চলি থকা বিশেষ জন সেৱা মাহৰ লগত সংগতি ৰাখি “ৰাইজৰ সেৱা ৰাইজৰ পদূলীত” শীৰ্ষক কাৰ্য্যসুচীৰ অংশ স্বৰূপে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে সমগ্ৰ জিলা খনতে যানবাহনৰ নথিপত্ৰ, কৰ পৰিশোধ বিষয়ক ওজৰ নিষ্পত্তি আৰু সুৰক্ষিত যাতায়তৰ স্বাৰ্থত বাহনৰ নথি-পত্ৰ সমূহ ততালিকে উন্নীতকৰণৰ বাবে ঘৰে ঘৰে গৈ সেৱা আগবঢ়োৱাৰ ওপৰিও আজি কামৰূপ মহানগৰ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী দণ্ডৰাই ৰাজহুৱা খেল পথাৰত গাড়ী চলোৱাৰ অনুজ্ঞা পত্ৰৰ বাবে বাহন চালনৰ এক বিশেষ পৰীক্ষণ অনুস্থিত কৰে য’ত পূৰ্বতে লাৰনাৰ লাইচেঞ্চ প্ৰাপ্ত প্ৰায় তিনি শতাধিক আবেদনকাৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হয়। ইপিনে আজিৰ এই অনুস্থানৰ সৈতে সংগতি ৰাখি পথ সুৰক্ষা সম্পৰ্কীয় এখন সজাগতা সভাও অনুস্থিত হয় সভাত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া তথা পৰিবহন বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাস উপস্থিত থাকি ৰাইজৰ মাজত পথ সুৰক্ষা সজাগতা সম্পৰ্কীয় বিভিন্ন বক্তব্য আগবঢ়ায়।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ