বাহন চালনৰ অনুজ্ঞা পত্ৰ লাভৰ বাবে গুৱাহাটী মহানগৰীৰ পৰিৱৰ্তে এইবাৰ অসম মেঘালয় সীমান্তৱৰ্তী এক অতি ভিতৰুৱা আম্প্ৰিভেলী অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ্থে অনুস্থিত কৰিলে এক বিশেষ পৰীক্ষণ শিবিৰৰ।উল্লেখ্য যে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে চলি থকা বিশেষ জন সেৱা মাহৰ লগত সংগতি ৰাখি “ৰাইজৰ সেৱা ৰাইজৰ পদূলীত” শীৰ্ষক কাৰ্য্যসুচীৰ অংশ স্বৰূপে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে সমগ্ৰ জিলা খনতে যানবাহনৰ নথিপত্ৰ, কৰ পৰিশোধ বিষয়ক ওজৰ নিষ্পত্তি আৰু সুৰক্ষিত যাতায়তৰ স্বাৰ্থত বাহনৰ নথি-পত্ৰ সমূহ ততালিকে উন্নীতকৰণৰ বাবে ঘৰে ঘৰে গৈ সেৱা আগবঢ়োৱাৰ ওপৰিও আজি কামৰূপ মহানগৰ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী দণ্ডৰাই ৰাজহুৱা খেল পথাৰত গাড়ী চলোৱাৰ অনুজ্ঞা পত্ৰৰ বাবে বাহন চালনৰ এক বিশেষ পৰীক্ষণ অনুস্থিত কৰে য’ত পূৰ্বতে লাৰনাৰ লাইচেঞ্চ প্ৰাপ্ত প্ৰায় তিনি শতাধিক আবেদনকাৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হয়। ইপিনে আজিৰ এই অনুস্থানৰ সৈতে সংগতি ৰাখি পথ সুৰক্ষা সম্পৰ্কীয় এখন সজাগতা সভাও অনুস্থিত হয় সভাত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া তথা পৰিবহন বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাস উপস্থিত থাকি ৰাইজৰ মাজত পথ সুৰক্ষা সজাগতা সম্পৰ্কীয় বিভিন্ন বক্তব্য আগবঢ়ায়।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন