কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ অধ্যক্ষতাত আজি জিলা পথ-সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ।কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত অজিত কুমাৰ শৰ্মা,পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাস,কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ সদস্য সচিব অভিজিৎ চৌধুৰী, প্ৰৱৰ্তক পৰিদৰ্শক বিক্ৰমাদিত্য গগৈ, নিতু চেতিয়া, যানবাহন পৰিদৰ্শক পংকজ কুমাৰ দাসকে ধৰি জিলা পথ-সুৰক্ষা সমিতিৰ লগত জড়িত লোকনিৰ্মাণ,স্বাস্থ্য আদি বিভিন্ন বিভাগৰ সংশ্লিষ্ট বিষয়াৰ উপস্থিতিত বৈঠকখন অনুস্থিত হয় । ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত যৌথ টহল দিয়াৰ বাবে জিলা পৰিবহণ বিষয়াৰ সৈতে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ আলোচনা, পথচাৰীকে ধৰি সকলো শ্ৰেণীৰ যানবাহন ব্যৱহাৰকাৰীৰ সুৰক্ষিত যাতায়াতৰ ব্যৱস্থা কৰা, ব্লেক স্পট ডাটা প্ৰদান আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় । বৈঠকত জিলা আয়ুক্তগৰাকীয়ে পথ-সুৰক্ষাৰ লগত জড়িত সকলো বিভাগকে পথ-দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহতৰ সংখ্যা হ্ৰাস কৰাৰ ক্ষেত্ৰত নিজৰ নিজৰ বিভাগৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় ।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন