গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা পৰিষদ চমুকৈ NSS কোষ-১ৰ সৌজন্যত যোৱা ২৪ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ কামৰূপ জিলাৰ পলাশবাৰীস্থিত আগচিয়া গাঁৱত ৭ দিনীয়া বিশেষ শিবিৰ সফলতাৰে সম্পন্ন হয় । এই শিবিৰ পৰিচালনাৰ দায়িত্বত থাকে কাৰ্যসূচী সমন্বয়ক ডঃ বাসৱ দাস আৰু কাৰ্যসূচী বিষয়া ডঃ তৃষ্ণা দাস। এন এছ এছ কোষ-১ ৰ মুঠ ৫০ গৰাকী স্বেচ্ছাসেৱকে বিভিন্ন সমাজসেৱামূলক কাৰ্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে ।লগতে শিবিৰত সমাজৰ উন্নয়ন আৰু সজাগতাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হয়। এক বৃক্ষৰোপণ অভিযানৰ জৰিয়তে স্বেচ্ছাসেৱীসকলে গাঁৱৰ চাৰিওফালে গছপুলি ৰোপণ কৰি পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰচাৰ কৰে। স্বাস্থ্য আৰু সামাজিক সমস্যাৰ ওপৰত প্ৰত্যেক ঘৰে ঘৰে জৰীপ চলোৱা হয়, য’ত গাঁৱৰ লোকৰ স্বাস্থ্য, পৰিচ্ছন্নতা আৰু সামাজিক প্ৰত্যাহ্বানৰ তথ্য সংগ্ৰহ কৰা হয় যিবোৰ ভৱিষ্যতৰ কাৰ্যক্ৰমৰ বাবে সহায়ক হ’ব। মৌলিক স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ বাবে গাঁৱৰ লোকৰ মাজত প্ৰাথমিক চিকিৎসা সামগ্ৰী বিতৰণ কৰা হয় আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ প্ৰদৰ্শনীও দেখুওৱা হয়। পৰিচ্ছন্নতা, শিক্ষা, মহিলা সশক্তিকৰণ আৰু চৰকাৰী কল্যাণ আঁচনিৰ বিষয়ে এটা সজাগতামূলক বক্তৃতাৰ আয়োজন কৰা হয়, য’ত গাঁৱৰ লোকে সক্ৰিয়ভাৱে অংশ লয় । গাঁওখনৰ পৰিচ্ছন্ন আৰু স্বাস্থ্যকৰ পৰিৱেশ বজাই ৰাখিবলৈ স্বচ্ছতা অভিযানৰ জৰিয়তে ৰাজহুৱা স্থান, বিদ্যালয় আৰু সমাজকেন্দ্ৰৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াৰ উপৰি স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আয়োজিত এক অংকন প্ৰতিযোগিতাত ২০ জন ছাত্ৰ-ছাত্ৰীয়ে উৎসাহেৰে অংশ লৈ নিজৰ প্ৰতিভা প্ৰকাশ কৰে। স্বেচ্ছাসেৱীসকলে যোগাসনৰ এটা অনুষ্ঠানো পৰিচালনা কৰে, যিয়ে অংশগ্ৰহণকাৰীসকলৰ মানসিক আৰু শাৰীৰিক সুস্থতাৰ প্ৰসাৰ ঘটায় । আগছিয়া গাঁৱত এন এছ এছ ইউনিট-১ৰ এই বিশেষ শিবিৰ সমাজৰ বিভিন্নতা আৰু সামাজিক দায়িত্ববোধ জাগ্ৰত কৰাৰ এক অনন্য প্ৰচেষ্টা । উল্লেখ্য যে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ এন এছ এছ ইউনিট-১ সমাজৰ কল্যাণ আৰু উন্নয়নৰ বাবে এনে প্ৰচেষ্টাৰ প্ৰতি সদা অনুকৰণীয়৷
Trending
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক
- অসমৰ ২০টা গুৰুত্বপূর্ণ স্থানত বিশেষ মক ড্ৰিল
- পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং, পলিং বিষয়া- কাইলৈ কামৰূপ মহানগৰ জিলাৰ ২৬৬ টা কেন্দ্ৰত ভোটগ্ৰহণ
- ৰাণী হাইস্কুল চৌহদত চি আৰ এফৰ উদ্যোগত গছপুলি ৰোপণ অভিযান
- গুৱাহাটীত অৰুণাচল প্ৰদেশৰ গালো জনগোষ্ঠীৰ মপিন উৎসৱ উদযাপন
- জুন মাহৰ শেষত ৰেলৱে নেটৱৰ্কৰ সৈতে সংযুক্ত হ’ব মিজোৰামৰ ৰাজধানী চহৰ আইজল -ৰাজধানী নতুন দিল্লীৰ পৰা পোনপটীয়াকৈ চলিব ৰেল
- মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘৰ ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত
- ৰাজধানী নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত পথ আৰু প্ৰতিমূৰ্তি মুকলি
- Rubber Board of India, ATMA chairman visit rubber nursery in Jirang
- উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ