বিগত বছৰৰ দৰে এইবাৰো ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদ, অসমৰ উদ্যোগত ১০ মে’ৰ দিনা গুৱাহাটীৰ চানমাৰিৰ পেঞ্চনাৰ ভৱনত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ২১ সংখ্যক বিশ্ব পক্ষী দিৱস উদযাপন কৰা হয় । পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিষদৰ সভাপতি অভিযন্তা প্রহ্লাদ শংকৰ ভাগৱতীয়ে আৰু স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা চৈয়দ মহম্মদ বাকী আৰু সমাজসেৱিকা অঞ্জলি চলিহাই । বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা ডঃ ত্ৰিলোচন বৰুৱাই। আনহাতে পক্ষী দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাখন উদ্ধোধন কৰে গুৱাহাটীৰ চাউথ পইন্ট স্কুলৰ অধ্যক্ষ কৃষ্ণাঞ্জন চন্দই আৰু আঁত ধৰে ৰঞ্জু গগৈয়ে । সভাত নিদিষ্ট বক্তা হিচাপে ভাগ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ প্ৰশান্ত কুমাৰ শইকীয়াই বিশ্ব পক্ষী দিৱস উদযাপনৰ তাৎপৰ্য দাঙি ধৰি পক্ষীয়ে সমস্ত জীৱকুলৰ ওপৰত কিদৰে প্ৰভাৱ বিস্তাৰ কৰি আহিছে তাৰ বাখ্যা আগবঢ়াই। সভাত ডঃ ত্ৰিলোচন বৰুৱা আৰু সাহিত্যক ছফিকুৰ ৰহমানেও চমু ভাষণ প্ৰদান কৰে। ইয়াৰ উপৰিও দুপৰীয়া বিশ্ব পক্ষী দিৱসৰ লগত সংগতি ৰাখি পক্ষী আৰু প্ৰকৃতিৰ ওপৰত আলোচনা চক্র, স্ব-ৰচিত কবিতা পাঠ আৰু গীত- মাতৰ অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানটোত সভাপতিত্ব কৰে পৰিষদৰ সভাপতি অভিযন্তা, প্ৰহ্লাদ শংকৰ ভাগৱতীয়ে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram