বিশিষ্ট লেখক,সাহিত্যিক, উত্তৰ পূব সীমান্ত ৰেলৱেৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী আজি তেওঁৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত বাসগৃহত উন্মোচন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটোত গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ডঃ অৱনী কুমাৰ ভাগৱতীয়ে । আনহাতে সাহিত্যিক চন্দন কলিতাই আঁত ধৰা অনুষ্ঠানটোত চমু ভাষণত ডঃ অৱনী কুমাৰ ভাগৱতীয়ে পৰীক্ষিত হালৈৰ সাহিত্য প্ৰতিভাৰ উচ্চ প্ৰশংসা কৰি অৱসৰৰ পাছতো তেঁও সময়ৰ সদ্বব্যৱহাৰ কৰি সাহিত্য চৰ্চাত ব্ৰতী হৈ থকা বিষয়টোৰ শলাগ লয়।অনুষ্ঠানত ডঃ দিলীপ কুমাৰ কলিতা ,ডঃ প্ৰদীপ কলিতা ,প্ৰশান্ত গোশ্বামী , মহেশ্বৰ লহকৰকে ধৰি কেবাজনেও চমু ভাষণত গ্ৰন্থখনে পাঠক ৰাইজৰ সমাদৰ লাভ কৰিব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত লেখক পৰীক্ষিত হালৈয়ে চমু ভাষণত ভিন্নসুৰী প্ৰবন্ধ গ্ৰন্থখনৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে পূৰ্বতে তেওঁৰ প্ৰকাশ পোৱা অন্য তিনিখন গ্ৰন্থৰ বিষয়েও উল্লেখ কৰে। অনুষ্ঠানত সাহিত্য ক্ষেত্ৰৰ লগত জড়িত কেবাজনো বিশিষ্ট ব্যক্তি আৰু পৰীক্ষিত হালৈৰ পৰিয়ালৰ সদস্য সকল উপস্থিত থাকে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন