এতিয়া বৰ্ষা ঋতু। বাৰিষাৰ প্ৰাকৃতিক পৰিবৰ্তনৰ লগেলগে যোৱা কেইদিনত ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটী মহানগৰীতো বতৰ প্ৰায়ে ডাৱৰীয়া হোৱাৰ লগতে বৰষুণো বৃদ্ধি পাবলৈ ধৰিছে ৷ সম্ভাৱ্য প্ৰতিকূল পৰিস্থিতিত পথত বাহন চালনা আৰু যাতায়াতৰ ক্ষেত্ৰত স্বাভাৱিকতে জটিলতাৰ সৃষ্টি হ’ব পাৰে। সেয়ে অধিক বৰষুণ-বান, ধুমুহা, বিজুলী-ঢেৰেকনিৰ ভয়ানক পৰিস্থিতিত যান-বাহনৰ গৰাকীক অধিক সতৰ্কতা আৰু সুৰক্ষিতভাৱে বাহন চলাবলৈ আহ্বান জনাইছে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে। তেওঁ কয় যে, বাৰিষাৰ এই সময়চোৱাত হঠাতে বৰষুণৰ সমানে ডাঠ আন্ধাৰে চৌপাশ ঢাকি ধৰা অৱস্থাত ৰাজপথ ক্ৰমাৎ অস্পষ্ট হ’ব পাৰে ৷ এনে সময়ত সাধাৰণতে দুৰ্ঘটনা বৃদ্ধি পোৱা দেখা যায়। সেয়ে এই সময়চোৱাত অধিক সতৰ্কতাৰে বাহন চলোৱাৰ লগতে পৰাপক্ষত গতি হ্ৰাস কৰি আগৰ বাহনৰ লগত নিৰাপদ অনুসৰণ দূৰত্ব বজাই ৰাখিব লাগিব। দৃশ্যমানতা বৃদ্ধি কৰিবলৈ প্ৰয়োজন সাপেক্ষে দিনৰ ভাগতো হেডলাইট জ্বলাই ৰাখিব লাগিব ৷ পথৰ মাজে মাজে পানীয়ে ডোঙা বান্ধি থকা অংশ আৰু বানপানী হোৱা অঞ্চলেৰে বাহন চলাওঁতে অত্যন্ত সাৱধান হওক অথবা এনে ঠাইত বাহন চলোৱাৰ পৰা বিৰত থাকক। তেওঁ আৰু কয় যে, এই সময়ত সকলো চালক,গৰাকীয়ে বাহনৰ টায়াৰৰ গভীৰতা পৰ্যাপ্ত হোৱাটো নিশ্চিত কৰক ৷ ইন্ধনৰ টেংক ভৰ্তি কৰি ৰখা, বিকল তাঁৰ ঠিক কৰা, ব্ৰেক পেড আৰু ব্ৰেক ফ্লুইড পৰীক্ষাৰ লগতে ৱাইপাৰে ভালকৈ কাম কৰি আছেনে নাই সেয়া নিশ্চিত কৰক । তদুপৰি বাহনৰ আইনাবোৰ পৰিস্কাৰ আৰু সামঞ্জস্য কৰা, বাহনৰ তৰল পদাৰ্থৰ মাত্ৰা নিৰিক্ষণ আৰু আভ্যন্তৰীণ পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখি নিয়মীয়া ৰক্ষণাবেক্ষণত গুৰুত্ব দিয়ক। কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়াৰ অতিৰিক্ত দায়িত্বতো থকা বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে এই সময়ত বাহনৰ গৰাকীয়ে বাধ্যতামূলকভাৱে বাহনৰ নথিপত্ৰসমূহ সঠিক কৰি লগত ৰাখিব লাগিব ৷ কিয়নো নথিপত্ৰসমূহ সঠিক হৈ নাথাকিলে বান-বৰষুণৰ জটিল পৰিস্থিতিত বাহনৰ কিবা ক্ষয়-ক্ষতি হ’লেও বীমা কোম্পানীসমূহে তাৰ ক্ষতিপূৰণ নিদিব পাৰে। সেয়ে বাহনৰ গৰাকীক চালকৰ অনুজ্ঞাপত্ৰ, বাহনৰ ফিটনেছ, বীমা, প্ৰদূষণমুক্তৰ লগতে যাবতীয় সকলো নথিপত্ৰ সঠিক কৰি ৰাখিবলৈ পৰিবহণৰ উচ্চপদস্থ বিষয়া গৌতম দাসে সবিনয়ে আহ্বান জনায়। তদুপৰি এই সময়ত দুৰ্ঘটনাৰ পৰা হাত সাৰি চলিবলৈ সদায় সুৰক্ষিত গতিত বাহন চলোৱা, দুচকীয়া বাহনত চালক-আৰোহী উভয়ে হেলমেট, চাৰিচকীয়া বাহনত সকলোৱে ছীটবেল্ট ব্যৱহাৰ কৰা, ৰাগীয়াল দ্ৰৱ্য সেৱন কৰি আৰু ম’বাইলত কথা পাতি অন্যমনস্ক হৈ বাহন নচলোৱা আদি নীতি-নিৰ্দেশনাসমূহ মানি চলিবলৈ তেওঁ আহ্বান জনায়৷
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram