অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত তথা পশ্চিম গুৱাহাটীৰ আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপলৈ দেশৰ ভিতৰতে শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ স্বীকৃতিৰে “এন এ এ এছ ধানুকা” বঁটা,২০২৫” লাভ কৰিবলৈ সক্ষম হৈছে । ৬ জুনত নতুন দিল্লীত নেশ্যনেল একাডেমী অফ এগ্ৰিকালচাৰ চায়েন্সৰ প্ৰতিষ্ঠা দিৱসৰ লগত সঙ্গতি ৰাখি অনুষ্ঠিত এক অনুষ্ঠানত কেন্দ্ৰটোৰ হৈ বঁটা গ্ৰহন কৰে জ্যেষ্ঠ বিজ্ঞানী তথা কেন্দ্ৰৰ মূৰব্বী ডঃ সোণমইনা ভূঞাই । দেশৰ বিশিষ্ট কৃষি বিজ্ঞানী আৰু উচ্চপদস্থ কৃষি প্ৰশাসক সকলৰ উপস্থিতিত প্ৰদান কৰা এই বঁটাত আছে এখনি প্ৰশস্তি পত্ৰ,এটা স্মাৰক আৰু ২৫ হাজাৰ টকাৰ ধনাদেশ । উল্লেখ্য যে কেন্দ্ৰটোৰ মূৰব্বী ডঃ সোণমইনা ভূঞা এজন মীন বিজ্ঞানী আৰু ৰহাস্থিত মীন মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ । তেওঁ অসমত উপলব্ধ ২১৭ বিধ মৎস্য প্ৰজাতিৰ দৈহিক বৈশিষ্ট সন্নিৱিষ্ট কৰি মাছ চিনাক্ত কৰিব পৰাকৈ “অসমৰ মাছবোৰ” শীৰ্ষক এখন সচিত্ৰ ৰঙীন পুথি কেইবাবছৰৰো শ্ৰম আৰু ক্ষেত্ৰভিত্তিক অধ্যয়নৰ অন্তত প্ৰণয়ন কৰি মীন বিজ্ঞানৰ গ্ৰন্থৰ ভঁৰাল চহকী কৰিছে। ডঃ ভূঞাক ২০২১ চনত দেশৰ মৎস্য আৰু জীৱ বিজ্ঞান সমাজে প্ৰদান কৰা শ্ৰেষ্ঠ যুৱ সম্প্ৰসাৰণ বিজ্ঞানী বঁটা, ২০২৪ চনত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ শ্ৰেষ্ঠ মাণ্ডলিক সম্প্ৰসাৰণ বঁটা লাভ কৰিছে। বৰ্তমানলৈ তেওঁ ৮টা গৱেষণা প্ৰকল্পৰ লগত জড়িত হোৱাৰ উপৰিওঁ ২১খন গৱেষণা পত্ৰ, ৪খন মীন বিষয়ক পুথি, ১৫খন কাৰিকৰী পত্ৰিকা লিখনি প্ৰকাশ পাইছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram