অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত তথা পশ্চিম গুৱাহাটীৰ আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপলৈ দেশৰ ভিতৰতে শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ স্বীকৃতিৰে “এন এ এ এছ ধানুকা” বঁটা,২০২৫” লাভ কৰিবলৈ সক্ষম হৈছে । ৬ জুনত নতুন দিল্লীত নেশ্যনেল একাডেমী অফ এগ্ৰিকালচাৰ চায়েন্সৰ প্ৰতিষ্ঠা দিৱসৰ লগত সঙ্গতি ৰাখি অনুষ্ঠিত এক অনুষ্ঠানত কেন্দ্ৰটোৰ হৈ বঁটা গ্ৰহন কৰে জ্যেষ্ঠ বিজ্ঞানী তথা কেন্দ্ৰৰ মূৰব্বী ডঃ সোণমইনা ভূঞাই । দেশৰ বিশিষ্ট কৃষি বিজ্ঞানী আৰু উচ্চপদস্থ কৃষি প্ৰশাসক সকলৰ উপস্থিতিত প্ৰদান কৰা এই বঁটাত আছে এখনি প্ৰশস্তি পত্ৰ,এটা স্মাৰক আৰু ২৫ হাজাৰ টকাৰ ধনাদেশ । উল্লেখ্য যে কেন্দ্ৰটোৰ মূৰব্বী ডঃ সোণমইনা ভূঞা এজন মীন বিজ্ঞানী আৰু ৰহাস্থিত মীন মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ । তেওঁ অসমত উপলব্ধ ২১৭ বিধ মৎস্য প্ৰজাতিৰ দৈহিক বৈশিষ্ট সন্নিৱিষ্ট কৰি মাছ চিনাক্ত কৰিব পৰাকৈ “অসমৰ মাছবোৰ” শীৰ্ষক এখন সচিত্ৰ ৰঙীন পুথি কেইবাবছৰৰো শ্ৰম আৰু ক্ষেত্ৰভিত্তিক অধ্যয়নৰ অন্তত প্ৰণয়ন কৰি মীন বিজ্ঞানৰ গ্ৰন্থৰ ভঁৰাল চহকী কৰিছে। ডঃ ভূঞাক ২০২১ চনত দেশৰ মৎস্য আৰু জীৱ বিজ্ঞান সমাজে প্ৰদান কৰা শ্ৰেষ্ঠ যুৱ সম্প্ৰসাৰণ বিজ্ঞানী বঁটা, ২০২৪ চনত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ শ্ৰেষ্ঠ মাণ্ডলিক সম্প্ৰসাৰণ বঁটা লাভ কৰিছে। বৰ্তমানলৈ তেওঁ ৮টা গৱেষণা প্ৰকল্পৰ লগত জড়িত হোৱাৰ উপৰিওঁ ২১খন গৱেষণা পত্ৰ, ৪খন মীন বিষয়ক পুথি, ১৫খন কাৰিকৰী পত্ৰিকা লিখনি প্ৰকাশ পাইছে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন