অসমীয়া ভাষাৰ শিশু-সাহিত্যৰ ক্ষেত্ৰত এইবেলি পোন প্ৰথমবাৰলৈ কাব্যপুথিত সাহিত্য অকাডেমীৰ বঁটা প্ৰদান কৰা হয়। বিশিষ্ট শিশু-সাহিত্যিক, চিত্ৰশিল্পী, ব্যাকৰণবিদ, নাবাৰ্ডৰ অৱসৰপ্ৰাপ্ত বিষয়া সুৰেন্দ্ৰ মোহন দাসৰ কাব্যপুথি ‘মইনাহঁতৰ পদ্য’ শীৰ্ষক পুথিৰ বাবে ২০২৫ বৰ্ষৰ শিশু-সাহিত্যৰ অকাডেমী বঁটা ঘোষণা কৰা হয়। অতি প্ৰাণোদ্দীপক খবৰটোত আহ্লাদিত হৈ মাহেকীয়া সাহিত্য-সংস্কৃতিমূলক আলোচনী ‘জোনাক’ৰ বৃহত্তৰ পৰিয়ালবৰ্গ আৰু ‘আমাক হেজাৰখন হাত লাগে, যাৰ মন এটাই’ আপ্তবাক্যৰে জনমানসত কৰ্মেৰে সবল খোজ পেলোৱা ‘উত্তৰ পুৰুষৰ মঞ্চ, অসম’ (উপুম)ৰ প্ৰতিনিধিবৰ্গই যোৱা ১৮ জুনত মহানগৰীৰ বশিষ্ঠ লতাকটাৰ দাসৰ বাসভৱনলৈ গৈ তেঁওক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। বিভিন্ন সৃষ্টিশীল কামেৰে অসমীয়া সাহিত্যৰ বৰপেৰাত অনেক বৰঙণি আগবঢ়োৱা দাসদেৱৰ এই প্ৰাপ্তিত উৎফুল্লিত হৈ জোনাকৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱা, উপমুৰ সম্পাদক হৰেকৃষ্ণ হালৈ আৰু উপুমৰ পঞ্জীয়ন কমিটীৰ সভাপতি ডঃ অণিমা বৰাই তেওঁক ফুলাম গামোচা, ফুলৰ থোপা , গ্ৰন্থ, উপহাৰেৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে কেবাখনো গ্ৰন্থৰ ৰচক, সাহিত্যৰ একান্ত সেৱক সুৰেন্দ্ৰ মোহন দাসৰ জন্ম গাওঁ নলবাৰী জিলাৰ পশ্চিম খাতাৰ কালাকুছিতো ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰিছে । জালুকবাৰীস্থিত স্বৰগম সংগীত বিদ্যালয়ৰ অধ্যক্ষ নিৰেন চন্দ্ৰ বৈশ্যয়ো বিদ্যালয়ৰ হৈ দাসক অভিনন্দন জ্ঞাপন কৰে । লগতে বগুৰীহাটী বিকাশ মঞ্চ, বৰনৰ্দ্দী গাঁও উন্নয়ন সমিতি, বৰনৰ্দ্দী নৱজ্যোতি সংঘ আদি অনুষ্ঠানেও দাসক অভিনন্দন জনায়। আনহাতে দাসৰ পুৰস্কাৰপ্ৰাপ্ত গ্ৰন্থখনৰ প্ৰকাশক, ভাষা প্ৰকাশনৰ স্বত্বাধিকাৰী মুকুট শৰ্মাৰ লগত লেখকৰ এটা প্ৰতিনিধি দল আৰু দাসৰ বৰ্তমানৰ বাসস্থান লতাকটাৰ স্থানীয় সাহিত্যসেৱীৰ একাংশয়ো তেঁওক ঘৰত গৈ সম্ভাষণ জনায়।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram