ভাৰতৰ আন আন বহু ৰাজ্যৰ দৰে অসমতো শাওণ মাহ আৰম্ভ হোৱাৰ সময়ৰে পৰা হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ বহুতেই মাহটোক পবিত্ৰ মাহ বুলি গণ্য কৰি আহিছে।লোক বিশ্বাস অনুসৰি বোলবোম হিচাপে জনপ্ৰিয় আৰু দেবাদিদেৱ মহাদেৱৰ সৈতে স্মৃতি বিজড়িত শাওণ মাহত হিন্দু ধৰ্মাৱলম্বী লোকৰ বহুতেই সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰাৰ লগতে প্ৰতি সোমবাৰে পুৱা বা বহুতেই দেওবাৰে মাজনিশাৰ পৰা ওচৰৰ নদীৰ পৰা পদব্ৰজে গৈ পানী আনি সেই পানী কোনোবা শিৱ মন্দিৰ বা শিৱলিংগত পবিত্ৰ মনেৰে ঢালি দিয়ে । পৰম্পৰা অনুসৰি অসমৰ আন বহু অঞ্চলৰ দৰে গুৱাহাটী মহানগৰীৰ গড়চুকৰ সমীপৰ পামহীস্থিত তথা আজাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ডাকিনীবামা পাহাৰত প্ৰাকৃতিক পৰিবেশৰ মাজত থকা ভীমাশংকৰত শাওণ মাহ আৰম্ভ হোৱা উপলক্ষে ২০ জুলাই দেওবাৰে মাজনিশাৰে পৰা পুৰুষ মহিলা নিৰ্বিশেষে হাজাৰ হাজাৰ লোকৰ সমাগম হয় । এই সন্দৰ্ভত ভীমাশংকৰ মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা ভীমাশংকৰ দ্বাদশ জ্যোতিলিংগ ডাকিনী পাহাৰ পঞ্চধাৰা শিৱ ধাম ন্যাস কমিটিৰ সভাপতি সনেশ টেৰণ,সাধাৰণ সম্পাদক হেনৰী ডেভিড টেৰণ , সহকাৰী সম্পাদক দীপক তেৰাং আৰু সুশীল টেৰণে জানিবলৈ দিয়া মতে বোলবোম উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ সমাগম হব বুলি কমিটি এইবেলি আগতীয়াকৈ সাজু হৈ আছিল । ইতিমধ্যে অধিক ভক্তৰ সমাগম হব বুলি ধাৰণা কৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা,কোনো ভক্ত হঠাতে অসুস্থ হলে ততাতৈয়াকৈ প্ৰাথমিক চিকিৎসা প্ৰদানৰ বাবে চিকিৎসা সেৱা কেন্দ্ৰ স্থাপন কৰাকে ধৰি এম্বুলেন্সৰ ব্যৱস্থা কৰা হয় । তেনেদৰে কমিটিৰ ফালৰ পৰা শতাধিক স্বেচ্ছাসেৱক নিয়োগ কৰাৰ লগতে সন্দেহজনক ভক্তৰ গতিবিধি নিৰীক্ষণৰ বাবে কেবাটাও উচ্চক্ষমতা সম্পন্ন চি চি টি ভি স্থাপন কৰা হৈছে ।২০ জুলাই দেওবাৰে মাজনিশাৰ পৰা ২১ জুলাই সোমবাৰে সন্ধিয়া পৰ্যন্ত প্ৰায় ৫০ হাজাৰৰো অধিক ভক্তই প্ৰায় এক কিঃমিঃ পৰ্যন্ত শাৰীত থিয় দি কেবাঘণ্টা জোৰা অপেক্ষাৰ অন্তত গৈ শিৱলিংগত পানী ঢালি যাবতীয় পূজা অৰ্চনা কৰা পৰিলক্ষিত হয় । ইফালে কেবাটাও সংগঠনে ভীমাশংকৰলৈ অহা ভক্তই দৰ্শন কৰাৰ পাছত যাতে এমুঠি অন্ন গ্ৰহণ কৰিব পাৰে তাৰ বাবে ভোগ বিতৰণৰ ব্যৱস্থা কৰিছে । আনকি সমগ্ৰ অঞ্চলটো যাতে নিশা আলোকিত হৈ থাকে তাৰ বাবে অস্থায়ী ভাবে জেনেৰেটৰ স্থাপন কৰি অৰ্দ্ধ শতাধিক উচ্চ পোহৰযুক্ত লাইট সংযোজন কৰা হৈছে বুলি কমিটিৰ কৰ্মকৰ্তা সকলে সদৰি কৰিছে । ইফালে বাহন লৈ অহা ভক্তৰ বাহন ৰখাৰ বাবে মন্দিৰৰ প্ৰৱেশ পথৰ সন্মুখত গড়চুক – ৰাণীগেট সংযোগী পথৰ দাঁতিত থকা খেলপথাৰত পাৰ্কিং স্থাপন কৰি আলোকসজ্জাৰ ব্যৱস্থা কৰা হৈছে। আনকি কমিটীয়ে সকলোৱে যাতে শৃংখলাবদ্ধভাৱে দৰ্শন কৰিব পাৰে তাৰ বাবে পুৰুষ – মহিলা নিৰ্বিশেষে ১০০ ৰো অধিক স্বেচ্ছাসেবক নিয়োগ কৰিছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram