স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা

0 235

সমাগত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম) জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ সভাপতিত্বত আজি খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এখন সভা অনুস্থিত হয় । সভাত কামৰূপ মহানগৰৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন , সামৰিক,অৰ্দ্ধসামৰিক বাহিনীৰ প্ৰতিনিধিবৰ্গৰ উপস্থিতিত আগন্তুক স্বাধীনতা দিৱস উদযাপন সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয় । স্বাধীনতা দিৱসৰ অনুষ্ঠান সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে বিভাগসমূহক দায়িত্ব অৰ্পণ কৰা হয় । তদুপৰি গুৱাহাটী জনস্বাস্থ্য কাৰিকৰী বিভাগক মোবাইল টয়লেট ,পানীৰ ব্যৱস্থা,গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষক শ্ৰদ্ধাঞ্জলি কাননত অস্থায়ী চি চি কেমেৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । একেদৰে নলা – নৰ্দমাসমূহ পৰিস্কাৰ কৰা, নিয়মীয়া বিদ্যুত ব্যৱস্থা,মেডিকেল টীমৰ ব‍্যৱস্থা আদিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় । আজিৰ সভাত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন,মহানগৰ আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ উপ আয়ুক্ত হৰেকৃষ্ণ নাথ ,মহানগৰ আৰক্ষীৰ সুৰক্ষা বিভাগৰ উপ আয়ুক্ত ধ্ৰুব বৰা, আৰক্ষী যানবাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথি বৰা , গুৱাহাটী পৌৰ নিগম,দিছপুৰ আৰু জালুকবাৰী সমজিলাৰ সম আয়ুক্ত,তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক,অগ্নিনিৰ্বাপক বাহিনী তথা সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.