আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য

0 339

দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিস্থান ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি চমুকৈ আই আই টি গুৱাহাটীৰ লগত বিশ্বৰ তৃতীয় মেৰুৰ পৰিৱেশ সংৰক্ষণৰ বাবে কাম কৰি অহা সংগঠন বালিপাৰা ফাউণ্ডেশ্যনে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে৷ এই সহযোগিতাই আই আই টি গুৱাহাটীৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত বিশেষজ্ঞৰ নেতৃত্বৰে পৰিৱেশ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত বালিপাৰা ফাউণ্ডেশ্যনৰ অভিজ্ঞতাৰ লগত একত্ৰিত হৈ উদ্ভাৱন-আলোচনাৰ মাধ্যমৰে কায্যক্ষম কৰাত এক শক্তিশালী মঞ্চৰ সৃষ্টি কৰিব৷ আনহাতে, চুক্তিৰ অধীনত আই আই টি গুৱাহাটীৰ শক্তি বিদ্যালয় আৰু বহনক্ষম পানী গৱেষণা কেন্দ্ৰৰ সক্ৰিয় অংশগ্ৰহণৰ সৈতে গৱেষণাৰ ফলাফল, কৰ্মশালা আৰু কাৰিকৰি জ্ঞানৰ সৃষ্টিত সহযোগিতাও বিস্তৃত হ’ব৷ যৌথ আয়োজক সমিতিয়ে কেৱল মঞ্চৰ বিষয়বস্তু, অংশগ্ৰহণ আৰু প্ৰচাৰকেই নহয়, ভৱিষ্যতৰ যৌথ প্ৰকল্পসমূহকো পথ প্ৰদৰ্শন কৰিব৷

উল্লেখ্য যে বালিপাৰা ফাউণ্ডেশ্যনে আয়োজন কৰা ত্ৰয়োদশ পূব হিমালয়ান আলোচনাচক্ৰ-২০২৫ টো আই আই টি, গুৱাহাটী সহ-আয়োজক হোৱাৰ লগতে আনগত দিনত শৈক্ষিক তথা গৱেষণাৰ দিশত দীৰ্ঘম্যাদী অংশীদাৰিত্ব স্থাপনৰ লক্ষ্যৰে উভয়ে চুক্তি স্বাক্ষৰ কৰিছে৷ সেই অনুসৰি অহা ১০ আৰু ১১ ডিচেম্বৰত আই আই টি গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া পূব হিমালয়ান আলোচনাচক্ৰ-২০২৫ ত ‘তৃতীয় মেৰুৰ ভৱিষ্যত আৰু হিমসাগৰ [পূব হিমালয়]’ বিষয়টোত গুৰুত্ব আৰোপ কৰি শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতি লোৱা হ’ব৷ উল্লেখ্য যে বালিপাৰা ফাউণ্ডেশ্যনৰ এই ফ’ৰামে পৃথিৱীৰ এই অঞ্চলটোৰ বাবে বহনক্ষম ভৱিষ্যত গঢ়ি তুলিবলৈ চিন্তাশীল নেতা, অনুশীলনকাৰী, নীতি নিৰ্ধাৰক আৰু সমাজৰ কণ্ঠক আহ৩ান কৰাৰ বাবে ইতিমধ্যে বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে৷

আই আই টি গুৱাহাটীৰ মানৱীয় আৰু সমাজ বিজ্ঞান বিভাগৰ অধ্যাপিকা ড॰ অনমিকা বৰুৱাই চুক্তি সন্দৰ্ভত কয় ‘এই অংশীদাৰিত্ব তৃণমূল পৰ্যায়ৰ জ্ঞানৰ সৈতে বৈজ্ঞানিক উদ্ভাৱনক একত্ৰিত কৰি আমাৰ সন্মুখত দেখা দিয়া সময়ৰ জটিল প্ৰত্যাহ৩ানসমূহ মোকাবিলা কৰা লগতে সমাধান বিকশিত কৰাৰ দিশত এক পদক্ষেপ৷ শৈক্ষিক, প্ৰযুক্তি আৰু সম্প্ৰদায়ক একত্ৰিত কৰি আমি এটা বহনক্ষম আৰু স্থিতিস্থাপক পূব হিমালয়ৰ বাবে এক ৰোডমেপ তৈয়াৰ কৰিবলৈ আশা কৰিছো৷’ ইফালে, বালিপাৰা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক ৰঞ্জিত বৰঠাকুৰে কয়, ‘পূব হিমালয়ান আলোচনাচক্ৰই সদায় ধাৰণাক কৰ্মৰ সৈতে সেতুবন্ধন কৰি আহিছে৷ আই আই টি গুৱাহাটীৰ সৈতে কৰা অংশীদাৰিত্বই প্ৰমাণভিত্তিক সম্প্ৰদায়-চালিত সমাধান সৃষ্টিৰ দিশটোত আমাৰ ক্ষমতা শক্তিশালী কৰিব৷ আনহাতে, নিৰন্তৰ সহযোগিতাৰ জৰিয়তে আগন্তুক বছৰবোৰত পূব হিমালয়ক উপকৃত কৰিব৷’

Leave A Reply

Your email address will not be published.