গুৱাহাটী মহানগৰীৰ বশিষ্ঠত নন্দ উৎসৱ উদযাপন

0 197

ভক্তি বেদান্ত হোলিষ্টিক হেল্থকেয়াৰ চেণ্টাৰৰ উদ্যোগত গুৱাহাটীৰ বশিষ্ঠ পিলিংকাটা পথত অৱস্থিত নৈষ্টিক ডান্স একাডেমীত গভীৰ ভক্তি আৰু সাংস্কৃতিক উদ্যমেৰে নন্দ উৎসৱৰ পবিত্ৰ অনুষ্ঠানটো উদযাপন কৰা হয়। এই সন্ধিয়াত প্ৰায় ১৫০ গৰাকী ভক্ত আৰু শুভাকাংক্ষীয়ে একত্ৰিত হৈ ভগৱান শ্ৰীকৃষ্ণক সন্মান জনোৱাৰ লগতে আধ্যাত্মিকতা আৰু যোগৰ মনোভাৱক আকোৱালি লয়।
উদযাপনৰ আৰম্ভণি ইস্কন ভক্তৰ দ্বাৰা পৰিবেশন কৰা আত্মাস্পৰ্শী হৰে কৃষ্ণ মহামন্ত্ৰ কীৰ্তনেৰে কৰা হয়। সুৰীয়া মন্ত্ৰত হলঘৰৰ মাজেৰে প্ৰতিধ্বনিত হৈছিল, ঐশ্বৰিক শক্তি আৰু সামূহিক প্ৰাৰ্থনাৰ পৰিৱেশ কঢ়িয়াই লৈ ফুৰিছিল। বহু অংশগ্ৰহণ কাৰীয়ে মহামন্ত্ৰৰ কম্পনে কেনেকৈ তেওঁলোকৰ হৃদয় স্পৰ্শ কৰিছিল, শান্তি, আনন্দ আৰু আধ্যাত্মিক ঐক্যৰ ভাৱ জগাই তুলিছিল সেই কথা প্ৰকাশ কৰে।দিনটোৰ তাৎপৰ্য বৃদ্ধি কৰি আনুষ্ঠানিকভাৱে মুক্তি পালে “যোগ বিজ্ঞানৰ সৈতে জীৱন সলনি কৰক” শীৰ্ষক এখন নতুন গ্ৰন্থ। জে এন চি বুক লিমিটেডৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থখন সম্পাদনা কৰিছে অমৰ কৃষ্ণ পলে, দিব্য জ্যোতি ডেকাই সহযোগী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। উন্মোচনী অনুষ্ঠানত বিশিষ্ট ব্যক্তি অমৰ আলী আহমেদ আৰু ৰঞ্জিত সিনহাই যৌথভাৱে গ্ৰন্থখন উদ্বোধন কৰাৰ লগতে আজিৰ সময়ত যোগৰ প্ৰাসংগিকতাৰ ওপৰত উৎসাহজনক মন্তব্যৰে উপস্থিত সকলোকে আপ্লুত কৰে।যোগেশ্বৰ সংস্থাৰ অধ্যক্ষ দিব্য জ্যোতি ডেকাই সঞ্চালনা কৰা এই কাৰ্যসূচীত যোগ আৰু আধ্যাত্মিক অনুশীলনে কেনেদৰে ব্যক্তিগত জীৱনক ৰূপান্তৰিত কৰিব পাৰে আৰু সুস্থ, অধিক দয়ালু সমাজত অৰিহণা যোগাব পাৰে সেই বিষয়েও চিন্তা-চৰ্চা আগবঢ়ায়।জে.এন.চি বুক লিমিটেডৰ সঞ্চালক অমৰ কৃষ্ণ পল, নগাঁৱৰ মেৰা যুৱ ভাৰতৰ গাণনিক আৰু কাৰ্য্যসূচী বিষয়া ধনঞ্জয় তালুকদাৰে এক উৎসাহ জনক বক্তব্যৰে উপস্থিত সকলোকে মুগ্ধ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যোগ থেৰাপিষ্ট ছিকতা দেৱ ক’ৰ আৰু আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ প্ৰধান অধ্যাপিকা জোনাকী কলিতা তালুকদাৰ উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক-সভাপতি যোগাচাৰ্য সুভাশীষ ক’ৰে সভাপতিত্ব কৰি সামগ্ৰিক বৃদ্ধিৰ বাবে দৈনন্দিন জীৱনত যোগাভ্যাসক একত্ৰিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে দৃঢ়তাৰে ভাষণ প্ৰদান কৰে। শৰীৰ, মন, আৰু আত্মাৰ অনুৰণন ঘটাই যোগক জীৱনশৈলী হিচাপে আকোৱালি ল’বলৈ উপস্থিত সকলোকে অনুপ্ৰানিত কৰে লগতে বৰ্তমান সময়ত ভক্তি যোগৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ উপস্থিত সকলোকে বিনম্যতাৰে অনুৰোধ জনায়।সন্ধিয়া ৮ বজাত উদ্যোক্তা অনিল ডেকাই আগবঢ়োৱা আন্তৰিক কৃতজ্ঞতাৰে উদযাপন আধ্যাত্মিক প্ৰজ্ঞা, সামূহিক ভক্তিৰ আনন্দ, যোগ আৰু ভক্তিৰ পথত খোজ দিয়াৰ প্ৰেৰণা লৈ যোগ শিক্ষক কঙ্কন ডেকাৰ নেতৃত্বত সমূহীয়া ধ্যান আৰু শান্তি মন্ত্ৰৰে অনুষ্ঠানৰ সামৰণি পৰে।

Leave A Reply

Your email address will not be published.