আজি তামুলপুৰৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহত সমাগত বিটিচি নিৰ্বাচনৰ বাবে তামুলপুৰ জিলাৰ পাঁচোটা পৰিষদীয় সমষ্টিৰ জ’নেল আৰু ছেক্টৰ বিষয়াসকলৰ এখনি প্ৰশিক্ষণমূলক সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীৰ তত্ত্বাৱধানত আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচীত ভোটগ্ৰহণ প্ৰক্ৰিয়া, নিৰ্বাচনী নিয়ম-কানুন, নিৰাপত্তা ব্যৱস্থা আদি বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে সমাগত বিটিচি নিৰ্বাচনত সুস্থ আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ লক্ষ্যৰে সকলো বিষয়া-কৰ্মচাৰীক একত্ৰিতভাৱে কাম কৰিবলৈ আহ্বান জনায়। লগতে তেওঁ উল্লেখ কৰে যে ভোটকেন্দ্ৰৰ ২০০ মিটাৰৰ ভিতৰত কোনো ৰাজনৈতিক দলে নিজৰ কাৰ্যালয় স্থাপন কৰিব নোৱাৰিব। নিৰ্বাচনত নিয়োজিত জ’নেল আৰু ছেক্টৰ বিষয়াসকলে নিজৰ অধীনৰ ভোটকেন্দ্ৰসমূহ পৰিদৰ্শন কৰি ভোটকেন্দ্ৰসমূহত থকা সুবিধা-অসুবিধা আদিৰ সবিশেষ দুদিনৰ ভিতৰত প্ৰশাসনৰ ওচৰত দাখিল কৰিবলৈ জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে আহ্বান জনায়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীয়েও নিৰাপত্তাজনিত দিশৰ লগতে নিৰ্বাচনটো শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। আজিৰ এই কাৰ্যসূচীত বিশেষকৈ বেলট বক্সৰ নিৰাপত্তা, উজু যাতায়াত ব্যৱস্থা তথা ৰুটমেপ, ভোটকেন্দ্ৰসমূহৰ ওচৰৰ নেতৃস্থানীয় ব্যক্তিৰ সৈতে যোগাযোগৰ লগতে সমগ্ৰ তামুলপুৰ জিলাখনত গ্ৰীন ইলেক্সন অনুষ্ঠিত কৰা আদি বিষয়ৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি কৰা হয়। আজি অনুষ্ঠিত জ’নেল আৰু ছেক্টৰ বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীত জিলা প্ৰশাসনৰ একাংশ বিষয়া আৰু চিভিল আৰু আৰক্ষীৰ ৫গৰাকীকৈ জ’নেল বিষয়াসহ ৩২গৰাকীকৈ ছেক্টৰ বিষয়া উপস্থিত আছিল বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram