সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ চৰকাৰী কাৰ্য্যসূচীৰ সবিশেষ সাংস্কৃতিক মন্ত্রী বিমল বড়াই পৰিয়ালক জনালে
ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বড়াই আজি বিয়লি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নিজৰাপাৰৰ গৃহলৈ গৈ একেটা চৌহদতে থকা সুধাকণ্ঠৰ ভাতৃ তথা শিল্পী সমৰ হাজৰিকাক অসম চৰকাৰে ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে ৰজিতাখুৱাই অনুষ্ঠিত কৰিবলৈ লোৱা অনুষ্ঠান সমূহৰ বিষয়ে অৱগত কৰে। অহা ৮ছেপ্টেম্বৰত সুধাকণ্ঠৰ সমাধিস্থল জালুকবাৰীত আয়োজিত হ’ব লগা সুধাকণ্ঠৰ জন্ম বাৰ্ষিকীৰ অনুষ্ঠানৰ লগতে ১৩ছেপ্টেম্বৰত দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত শতবাৰ্ষিকীৰ বৰ্ষজোৰা কাৰ্য্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানৰ সন্দৰ্ভতো মন্ত্ৰী বড়াই শিল্পী সমৰ হাজৰিকাক অৱগত কৰে। উল্লেখ্য যে সুধাকণ্ঠৰ জন্মশতবার্ষিকী উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অসমৰ প্ৰতিটো প্ৰান্তৰ বিভিন্ন বয়সৰ এহেজাৰ শিল্পীয়ে বৰেণ্য শিল্পী গৰাকীৰ ১৪ গীত আৰু কবিতা পৰিৱেশন কৰিব।একেটা অনুষ্ঠানতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সুধাকণ্ঠৰ সান্নিধ্য লাভ কৰা ব্যক্তি সকলকো অনাৰ ব্যৱস্থা কৰা হ’ব।
জন্ম শতবাৰ্ষিকীৰ সৈতে ৰজিতাখুৱাই এটি স্মাৰক মুদ্ৰা প্ৰস্তুত কৰাৰ কথাও মন্ত্রী বড়াই কনিষ্ঠ ভাতৃ গৰাকীক জানিবলৈ দিয়ে।তেখেতৰ লগতে পৰিয়ালকো প্ৰধানমন্ত্ৰী উপস্থিত থাকিব লগা অনুষ্ঠানলৈ মন্ত্রী বড়াই নিমন্ত্রণ আগবঢ়ায়।মন্ত্রী গৰাকীয়ে তেওঁৰ পৰা বিভিন্ন ঠাইত থকা সুধাকণ্ঠৰ পৰিয়ালৰ অন্য ভাতৃ-ভগ্নী সকলৰো খা খবৰ লয়। পাছত সুধাকণ্ঠৰ মূল গৃহটিত প্ৰবেশ কৰি শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।মন্ত্রী বড়াৰ সৈতে সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসো আছিল।