দক্ষিণ শালমাৰা – মানকাচৰ জিলাৰ কোক্ৰাডাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 188

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ কোক্ৰাডাঙা অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰি অহা খহনীয়াৰ বুজ লয় । অঞ্চলটোত প্ৰায় ৪০০ মিটাৰ অংশত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়াই বৃহত্তৰ অঞ্চললৈ ভাবুকিৰ সৃষ্টি কৰি আহিছিল। উক্ত স্থানত জলসম্পদ বিভাগৰ উদ্যোগত ইতিমধ্যে জৰুৰীকালীন প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছিল। আজি ধুবুৰীৰ পৰা ‘স্পীড বোটেৰে’ জলসম্পদ মন্ত্ৰীগৰাকীয়ে এই অঞ্চলত উপস্থিত হৈ সামগ্ৰিক দিশ পৰিদৰ্শন কৰে আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লয় । বিভাগীয় অভিযন্তাৰ পৰিকল্পনা আৰু স্থানীয় ৰাইজৰ আবেদন অনুসৰি খহনীয়াত আক্ৰান্ত এই স্থানত প্ৰায় ৫০০ মিটাৰ অংশত শক্তিশালীভাৱে স্থায়ী প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আজিৰ পৰিদৰ্শনকালত প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

পাছত সাংবাদিকৰে হোৱা সাক্ষাতত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে কোক্ৰাডাঙাত জিঅ’ মেগা টিউবেৰে খহনীয়া প্ৰতিৰোধী কাম কৰিবলৈ ইতিমধ্যেই ৫০ টা টিউব ইয়ালৈ অনা হৈছে আৰু কাইলৈৰ পৰাই অঞ্চলটোত খহনীয়াৰোধী কাম আৰম্ভ কৰা হ’ব ।আনহাতে অসমত বৰ্তমানে নতুন মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত জিঅ’ মেগা টিউব ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপে ৰাজ্যখনৰ মথাউৰিসমূহ শক্তিশালী কৰি তুলিছে । ভৱিষ্যত পৰিকল্পনা হিচাপে পৰ্যায়ক্ৰমে ৰাজ্যখনৰ প্ৰায় ৪০০০ কিল’মিটাৰ দৈৰ্ঘ্যৰ পুৰণা মথাউৰি শক্তিশালী কৰিবলৈ দুটাকৈ জিঅ’ টিউব ব্যৱহাৰ কৰাৰ ওপৰতো চিন্তা কৰি থকা হৈছে বুলি জলসম্পদ মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।মন্ত্ৰীগৰাকীয়ে আৰু কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমত বানপানী নিয়ন্ত্ৰণৰ বাবে আন্তৰিকতাৰে কাম কৰি বহুখিনি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.