আকঁ -এ ক্ৰিয়েটিভ লাইনৰ উদ্যোগত তৃতীয় বাৰ্ষিক ভুল্লুং-বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ,২৫ আৰম্ভ

0 257

আঁক_এ ক্ৰিয়েটিভ লাইন নামৰ সম্ভ্ৰান্ত নাট্যগোষ্ঠীটোৱে বিগত দুটা বছৰত নাট মহোৎসৱখনৰ ফেষ্টিভেল ডাইৰেক্টৰ ড° মৃণাল জ্যোতি গোস্বামীৰ মুখ্য উদ্যোগত সফলতাৰে এই নাট মহোৎসৱৰ আয়োজন কৰাৰ পাছত এই বছৰতো তৃতীয় বাৰৰ বাবে ৩ছেপ্তেম্বৰৰ পৰা ৭ছেপ্তেম্বৰলৈ এই নাট মহোৎসৱৰ আয়োজন কৰিছে৷
৩ ছেপ্তেম্বৰৰ সন্ধিয়া নাট মহোৎসৱৰ উদ্ধোধনী অনুষ্ঠানত এইবাৰৰ মহোৎসৱৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰিত কোৰিয়া থিয়েটাৰ এছচিয়েচনৰ আন্তঃৰাষ্ট্ৰীয় যোগাযোগৰ সভাপতি (Chair, International Relations Committee, Korea Theatre Association) জিনইয়ং য়ুন (Mr.Jinyoung Youn) উপস্থিত থাকি মহোৎসৱখনিৰ শুভ উদ্ধোধন কৰে৷ড° মানবেন্দ্ৰ শৰ্মা আৰু ঐনাও জেংৰায়ে আঁত ধৰা এই নাট মহোৎসৱত সম্পাদক অনুপম শইকীয়াই আদৰণি ভাষণ আগবঢ়ায়৷উদ্ধোধনী অনুষ্ঠানত ড° মৃণালজ্যোতি গোস্বামীৰ
এছ্‌থেটিকছ অব্‌ থিয়েটাৰ_ এ ষ্পেক্টৰ’ছ অৱ্‌ পাৰ্ছপেক্টিভ
শীৰ্ষক প্ৰবন্ধ সংকলনখন,দুখন জাৰ্ণেল আৰু
মহোৎসৱৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰি মহোৎসৱৰ মুখ্য অতিথি জিনইয়ং য়ুনে বক্তব্য প্ৰদান কৰে৷অনুষ্ঠানটিত ড° মৃণাল জ্যোতি গোস্বামীয়েও বক্তব্য আগবঢ়ায়৷এই উদ্ধোধনী অনুষ্ঠানত নাট মহোৎসৱৰ উপদেষ্টা তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বিষয়া তপন দত্তয়ো অংশগ্ৰহণ কৰে৷

বিশ্বৰ অন্যতম আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ হিচাবে প্ৰসিদ্ধি লাভ কৰা ‘‘কলম্বো ইণ্টাৰনেচনেল থিয়েটাৰ ফেষ্টিভেল’’ (CITF)ৰ উদ্যোক্তা ইণ্টাৰ এক্ট আৰ্ট (Inter act Art)নামৰ নাট্য সংস্থাটোৰ পাৰস্পৰিক সহযোগিতা তথা আদান-প্ৰদানৰে গুৱাহাটীৰ ভুল্লুং বুথুৰ আন্তৰাষ্ট্ৰীয় নাট মহোৎসৱ (BBITF) আৰু কলম্বো ইণ্টাৰনেচনেল থিয়েটাৰ ফেষ্টিভেল (CITF) সমান্তৰাল নাট মহোৎসৱ হিচাপে আয়োজন কৰা হৈছে৷

এই আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ২০২৫ত
প্ৰতিদিনাই সন্ধিয়া দেশী- বিদেশী নাট্যদলসমূহৰ নাট পৰিৱেশনৰ সমান্তৰালভাৱে দিনৰ ভাগত ফিজিকেল থিয়েটাৰ কৰ্মশালা, আলোচনাচক্ৰ অনুষ্ঠিত কৰাৰ লগতে পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতা বিষয়ক সজাগতা সৃষ্টিৰ বাবে ৰাজ্যখনৰ প্ৰকৃতি বিষয়ক সংগঠন আৰণ্যকৰ সহযোগিতাত পৰিৱেশ সংবেদনশীলতা বিষয়ক কৰ্মশালাৰো আয়োজন কৰা হৈছে৷
এইবাৰ ভুল্লুং বুথুৰ আন্তৰ্জাতিক নাট মহোৎসৱ, ২০২৫-ত
শ্ৰীলংকা,দক্ষিণ কোৰিয়া,ক্ৰৱেচীয়া,টিউনিচিয়া,ৰোমানিয়া,ভাৰত আদি ৬খনকৈ বিভিন্ন ৰাষ্ট্ৰৰ সৰ্বমুঠ ১০ টাকৈ নাট্য দলে নাট পৰিৱেশন কৰিব৷ নাট মহোৎসৱৰ আৰম্ভণিৰ দিনা ৩ছেপ্তেম্বৰত সূৰ্য্য ,গুৱাহাটীৰ নাট ‘‘দ্য গাৰ্ল হু ৰড এ বাইচাইকল (The Girl who rode a Bicycle),আৰু ৰোমানিয়াৰ নাটক ‘নট মি’মঞ্চস্থ হয়৷সেইদৰে ৪ছেপ্তেম্বৰত মঞ্চস্থ হ’ব দক্ষিণ কোৰিয়াৰ নাটক আফ্‌টাৰ।

Leave A Reply

Your email address will not be published.