সুধাকণ্ঠৰ জন্ম-শতবাৰ্ষিকী উপলক্ষে জাপানত বৰ্ণাঢ্য অনুষ্ঠান -জাপানত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি উদ্ভাসিত

0 293

জাপানৰ ওছাকাত চলি থকা ৱৰ্ল্ড এক্সপ’ ২০২৫ত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ অমৰ কৰ্মৰাজি পুনৰবাৰ বিশ্বৰ দৰ্শকৰ সন্মুখত উপস্থাপন কৰা হয়। কিংবদন্তি শিল্পীগৰাকীৰ জন্ম-শতবাৰ্ষিকী উপলক্ষে ইণ্ডিয়া পেভিলিয়নৰ বহুমুখী হলত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানৰ আন্তৰ্জাতিক মঞ্চত সুধাকণ্ঠৰ সৃষ্টিশীল কৰ্মৰাজি আৰু কলাত্মক যাত্ৰা তথা তেওঁৰ অৱদানসমূহ প্ৰদৰ্শন কৰা হয়।
শিল্পী ৰঞ্জিত গগৈৰ নেতৃত্বত অহা অসমৰ সাংস্কৃতিক শিল্পীসকলে তেওঁৰ গীতৰ গভীৰতা, তেওঁৰ ৰচনাৰ স্বকীয় শৈলী, অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য, সাংস্কৃতিক সজীৱতা আৰু সাৰ্বজনীন মানৱতাবাদক প্ৰতিফলিত কৰা তেওঁৰ কলাত্মক দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে। “মহাবাহু ব্ৰহ্মপুত্ৰ”,” মই এটি যাযাবৰ”, “মনুহে মনুহৰ বাবে”কে ধৰি তেওঁৰ কিছুমান চিনাকি গীতৰ নৃত্য ব্যাখ্যাত সাংস্কৃতিক দলটোৱে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত জাপানৰ লগতে বিশ্বৰ অন্যান্য প্ৰান্তৰ দৰ্শকসকলে অংশগ্ৰহণ কৰে।

ড° হাজৰিকাৰ কলাত্মক অৱদান সংগীতৰ বাহিৰলৈও বিস্তৃত আছিল; তেওঁৰ গীতবোৰে প্ৰায়ে মানৱতাৰ সংগ্ৰামৰ হৈ মাত মাতিছিল আৰু জাগৰণৰ মনোভাৱৰ প্ৰেৰণা দিছিল। তেওঁ জাপানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছিল, একাধিকবাৰ দেশখন ভ্ৰমণ কৰিছিল আৰু ইয়াৰ জনসাধাৰণৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিছিল। জাপানৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক, শিল্প, সংস্কৃতি আৰু সমাজৰ ক্ষেত্ৰত তেওঁৰ অৱদান আৰু কিংবদন্তিজনৰ জন্ম-শতবাৰ্ষিকী উদযাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পদক্ষেপৰ বিশেষ উল্লেখ কৰি ড° ভূপেন হাজৰিকাৰ সংগীত জীৱনৰ ওপৰত এক উপস্থাপন আগবঢ়ায় তথ্য আৰু জন সংযোগ বিভাগৰ আয়ুক্ত সচিব পদ্মপানি বৰাই।

শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে জাপান আৰু আন কেইবাখনো দেশক প্ৰতিনিধিত্ব কৰা দৰ্শকৰ পৰা এই অনুষ্ঠানটোৱে ব্যাপক প্ৰশংসা লাভ কৰে। বিশ্ব কলা জগতলৈ ড০ হাজৰিকাৰ উল্লেখযোগ্য অৱদান উপস্থাপনৰ ক্ষেত্ৰত ইয়াক এক উল্লেখযোগ্য পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। অনুষ্ঠানটোত তেওঁৰ জীৱন, গীত আৰু সৃষ্টিশীল কৰ্মৰ ওপৰত দৃশ্য-শ্ৰাব্য মাধ্যমেৰে এক উপস্থাপন কৰা হয়।

অনুষ্ঠানত ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ বিভাগৰ অতিৰিক্ত মুখ্য সচিব জে বি এক্কা, পৰ্যটন, গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাৰ লগতে অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়া,ভাৰত চৰকাৰৰ উচ্চ পদস্থ বিষয়া আৰু সাংস্কৃতিক প্ৰতিনিধিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.