গুৱাহাটী মহানগৰীৰ পাৰ্শ্ববৰ্তী তথা মৰিগাঁও জিলাৰ অন্তৰ্গত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখন ২৩ অক্টোবৰত অসম চৰকাৰৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰ্যটকৰ দৰ্শনৰ বাবে মুকলি কৰাৰ পাছত আৰম্ভ কৰা হৈছিল জীপ চাফাৰী। তাৰ পাছত ১২ নৱেম্বৰত ২০২৫ – ২৬ পৰ্যটন বৰ্ষৰ বাবে আৰম্ভ কৰা হব হাতী চাফাৰী। উল্লেখ্য যে বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ৰ বিচৰণ ভূমি পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ অভ্যন্তৰত এইবাৰ বাৰিষা কালত বাট-পথ তথা যাতায়াত ব্যৱস্থা সমূহ কিছু বিধস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ তুলনাত কিছু পলমকৈহে ২৩ অক্টোবৰত পৰ্যটকৰ দৰ্শনৰ বাবে পবিতৰা অভয়াৰণ্য মুকলি কৰি জীপ চাফাৰীৰ ব্যৱস্থা কৰা হয়। তাৰ পাছত ১২ নৱেম্বৰত ২০২৫ – ২৬ পৰ্যটক বৰ্ষৰ বাবে হাতী চাফাৰী আৰম্ভ হব বুলি বন বিভাগৰ গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰীয়ে ১০ নৱেম্বৰত এক জাননী যোগে সদৰি কৰিছে।আনহাতে আজি বন বিভাগৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন বিনয় গুপ্তাই পবিতৰা অভয়াৰণ্যত উপস্থিত হৈ মাংগলিক কাৰ্যৰ মাজেৰে হাতী চাফাৰীৰ পইণ্ট মুকলি কৰে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী আলেখ চাক্সেনা , অৱসৰপ্ৰাপ্ত সহকাৰী বন সংৰক্ষক মুকুল তামুলী, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাকে ধৰি কেবাজনো বনকৰ্মী উপস্থিত থাকে। আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাই সদৰি কৰা অনুসৰি হাতী চাফাৰী পুৱাৰ ভাগত দুটা খেপত আৰম্ভ হব। তাৰ ভিতৰত প্ৰথমটো ৬.৩০ বজাত আৰু দ্বিতীয়টো ৭.৩০ বজাত আৰম্ভ হব। ইতিমধ্যে পৰ্যটকৰ বাবে হাতী সমূহ সাজু কৰি তোলা হৈছে। ইফালে অভয়াৰণ্য কৰ্তৃপক্ষৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি ২০২৪-২০২৫ পৰ্যটন বৰ্ষত পবিতৰা অভয়াৰণ্যত দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটিছিল সৰ্বমুঠ ৩৪,৩৯০জনৰ। ইয়াৰ বিপৰীতে অভয়াৰণ্যখনত ৰাজহ সংগ্রহ হৈছিল ৬১,২৬,৪২৫ টকা।
Trending
- মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ
- কলাক্ষেত্ৰৰ অসম ভিত্তিক নাট প্ৰতিযোগিতা সফল সামৰণি
- জাপানী প্ৰতিনিধি দলৰ ৰাণীৰ কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা লাভলি হুড আশ্ৰম পৰিদৰ্শন
- দীপৰ বিলত পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি :: ১০৮ প্ৰজাতিৰ বিদেশী পৰিভ্ৰমী চৰাই আৰু ৬৬ দেশী প্ৰজাতিৰ চৰাই নথিভুক্ত
- Dr. Himanta Biswa Sarma sworn in as The Chief Minister of Assam
- গুৱাহাটী প্ৰেছ ক্লাবত যুৱ কবি জোনাক প্ৰতীম বৰঠাকুৰৰ কবিতা পুথি ‘মায়া’ উন্মোচন
- গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি – পুৰুষত কটন আৰু মহিলা শাখাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চেম্পিয়ন
- Assam’s Baksa Honey Enters US Market in Historic ODOP Export
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ