এছ এছ বি আন্তঃসীমা বেডমিণ্টন ক্লাষ্টাৰ প্ৰতিযোগিতা – ২০২৫ আৰম্ভ

0 112

গুৱাহাটীৰ সশস্ত্ৰ সীমা বল সীমান্তৰ উদ্যোগত গুৱাহাটী (অসম)ৰ সোণাপুৰৰ কমাৰকুছিৰ লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানত অহা ২৫ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ আন্তঃসীমা বেডমিণ্টন ক্লাষ্টাৰ প্ৰতিযোগিতা (বেডমিণ্টন আৰু টেবুল টেনিছ)ৰ আয়োজন কৰা হৈছে। আজি ২৫ নৱেম্বৰত গুৱাহাটীৰ সীমান্তৰ মহাপৰিদৰ্শক সুধীৰ বৰ্মা ডাঙৰীয়াই এল এন আই পি ইৰ ডীন ড° শংকৰজ্যোতি বসুমতাৰী ডাঙৰীয়াৰ উপস্থিতিত প্ৰতিযোগিতাখন উদ্বোধন কৰে।
নতুন দিল্লীৰ এছ এছ বি ফৰ্চৰ মুখ্য কাৰ্যালয়ৰ লগতে ৰাণীখেত, লক্ষ্ণৌ, পাটনা, শিলিগুৰি, গুৱাহাটী, তেজপুৰ, আৰু একাডেমীৰ সকলো সীমান্তৰ মুঠ আঠটা দলে অংশগ্ৰহণ কৰিছে। ৯ গৰাকী মহিলাকে ধৰি ফৰ্চৰ সকলো ৰেংকৰ পৰা মুঠ ১৪৯ গৰাকী খেলুৱৈয়ে (বেডমিণ্টনত ১০৯ গৰাকী আৰু টেবুল টেনিছত ৩৮ গৰাকী) ছটা ভিন্ন শাখাত একক আৰু ডাবলছ মেচত অংশগ্ৰহণ কৰে।

নতুন দিল্লীৰ ফ’ৰ্চ হেডকোৱাৰ্টাৰৰ নিৰ্দেশনা অনুসৰি প্ৰতি বছৰে বিভিন্ন স্থানত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা। বিগত দুবছৰ ধৰি এই প্ৰতিযোগিতাখন ফ্ৰন্টিয়াৰ গুৱাহাটীত অনুষ্ঠিত হৈ আহিছে। এই প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে বাহিনীৰ কৰ্মীসকলৰ মাজত শাৰীৰিক বিকাশ আৰু ক্ৰীড়া আৰু দলীয় কাম-কাজৰ বিকাশৰ ক্ষমতা বৃদ্ধি কৰা। এই প্ৰতিযোগিতাৰ সময়ত নিৰ্বাচিত খেলুৱৈসকলে আগন্তুক অল ইণ্ডিয়া পুলিচ ডিউটি মিট (এআইপিডিএম)ত এছএছবিক প্ৰতিনিধিত্ব কৰিব।
অনুষ্ঠানৰ সময়ত সীমান্ত গুৱাহাটীৰ মহাপৰিদৰ্শক সুধিৰ বৰ্মাই বাহিৰৰ পৰা অহা সকলো খেলুৱৈ আৰু অতিথিক আদৰণি জনাই,এই অনুষ্ঠানে বাহিনীটোৰ ভিতৰত অনুশাসন আৰু দলীয় মনোভাৱ বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। সশস্ত্ৰ সীমা বলে ২০২৫ চনত বিভিন্ন ক্ৰীড়াত মুঠ ৪০৭টা পদক লাভ কৰে, য’ত ৰাষ্ট্ৰীয় খেলত ১৬৪টা, আন্তঃৰাষ্ট্ৰীয় খেলত ৪৩টা পদক, পুলিচ গেমছত ২০০টা পদক লাভ কৰে।সীমান্ত গুৱাহাটীৰ অধ্যক্ষা ৰাণী অনুৰাধাৰ নেতৃত্বত সমগ্ৰ সশস্ত্ৰ সীমা বল পৰিয়ালে উদ্বোধনী অনুষ্ঠানত শোভা বঢ়ায় আৰু খেলুৱৈসকলক উৎসাহিত কৰে।

এইচ বি কে সিং, উপ মহাপৰিদৰ্শক (প্ৰশাসন), নীৰজ চান্দ, উপ মহাপৰিদৰ্শক (অপাৰেচন), ডাঃ মমতা আগৰৱাল, উপ মহাপৰিদৰ্শক (চিকিৎসা), কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী, স্থানীয় প্ৰশাসন, আৰু এছ এছ বিৰ জ্যেষ্ঠ বিষয়া আৰু কৰ্মীসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.