গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আজি পিএম শ্ৰী স্কুলৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজিত তিনিদিনীয়া আঞ্চলিক উদ্ভাৱনী পৰামৰ্শদান অধিবেশনখনৰ আজি সামৰণি পৰে । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ উদ্ভাৱনী কোষ, এ আই চি টিই আৰু বিদ্যালয় শিক্ষা তথা সাক্ষৰতা বিভাগৰ যুটীয়া উদ্যোগত ৪ ফেব্ৰুৱাৰীৰ পৰা আয়োজিত এই বিশেষ কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। উত্তৰ-পূব ভাৰতৰ বিদ্যালয় পৰ্যায়ত উদ্যোগী মানসিকতা গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজিত এই বুটকেম্পৰ জৰিয়তে শ্ৰেণীকোঠাৰ জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত কেনেকৈ প্ৰয়োগ কৰিব পাৰি, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানত শ্ৰীমন্ত শংকৰ একাডেমী সমাজৰ সভাপতি যশোদা ৰঞ্জন দাস, পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনীষা ভট্টাচাৰ্য আৰু শিক্ষা মন্ত্ৰালয়ৰ আঞ্চলিক সমন্বয়ক নন্দজিৎ ৰাভাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কাৰ্যসূচীৰ প্ৰথম দিনটোত ডিজাইন থিংকিং আৰু উদ্ভাৱনৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা হয়। ড০ উৎপল বৰ্মনে এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক নৈতিক দিশসমূহ আৰু সমস্যা চিনাক্তকৰণৰ কৌশলৰ বিষয়ে অৱগত কৰে। দ্বিতীয় দিনা অংশগ্ৰহণকাৰীসকলে হাতে-কামে বিভিন্ন আৰ্হি বা প্ৰট’টাইপ প্ৰস্তুত কৰাৰ অভিজ্ঞতা লাভ কৰে। আজি সন্ধিয়া আয়োজিত অন্তিম দিনাৰ কাৰ্যসূচীত বিত্তীয় ব্যৱস্থাপনা আৰু নিজৰ ধাৰণা সমূহক উপস্থাপন কৰাৰ কৌশলৰ বিষয়ে বিশেষজ্ঞসকলে প্ৰশিক্ষণ দিয়ে। সামৰণি অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প দাস আৰু নডেল কেন্দ্ৰৰ মুৰব্বী অধ্যাপক এছ ৰবাৰ্টে ভাগ লৈ অংশগ্ৰহণকাৰীসকলক উৎসাহিত কৰে। ৱাধৱানী ফাউণ্ডেশ্যনৰ প্ৰশিক্ষকসকলে সমগ্ৰ কাৰ্যসূচীটোত উদ্যোগী হোৱাৰ দিশত গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰে। ইয়াৰ উপৰিও শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়ৰ ইনকুবেচন চেণ্টাৰ পৰিদৰ্শন কৰি গৱেষণা আৰু নতুন ব্যৱসায়িক আৰম্ভণিৰ বিষয়ে বাস্তৱ অভিজ্ঞতা লাভ কৰে।ৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আজি পিএম শ্ৰী স্কুলৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজিত তিনিদিনীয়া আঞ্চলিক উদ্ভাৱনী পৰামৰ্শদান অধিবেশনখনৰ আজি সামৰণি পৰে । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ উদ্ভাৱনী কোষ, এ আই চি টিই আৰু বিদ্যালয় শিক্ষা তথা সাক্ষৰতা বিভাগৰ যুটীয়া উদ্যোগত ৪ ফেব্ৰুৱাৰীৰ পৰা আয়োজিত এই বিশেষ কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। উত্তৰ-পূব ভাৰতৰ বিদ্যালয় পৰ্যায়ত উদ্যোগী মানসিকতা গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজিত এই বুটকেম্পৰ জৰিয়তে শ্ৰেণীকোঠাৰ জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত কেনেকৈ প্ৰয়োগ কৰিব পাৰি, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানত শ্ৰীমন্ত শংকৰ একাডেমী সমাজৰ সভাপতি যশোদা ৰঞ্জন দাস, পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনীষা ভট্টাচাৰ্য আৰু শিক্ষা মন্ত্ৰালয়ৰ আঞ্চলিক সমন্বয়ক নন্দজিৎ ৰাভাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কাৰ্যসূচীৰ প্ৰথম দিনটোত ডিজাইন থিংকিং আৰু উদ্ভাৱনৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা হয়। ড০ উৎপল বৰ্মনে এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক নৈতিক দিশসমূহ আৰু সমস্যা চিনাক্তকৰণৰ কৌশলৰ বিষয়ে অৱগত কৰে। দ্বিতীয় দিনা অংশগ্ৰহণকাৰীসকলে হাতে-কামে বিভিন্ন আৰ্হি বা প্ৰট’টাইপ প্ৰস্তুত কৰাৰ অভিজ্ঞতা লাভ কৰে। আজি সন্ধিয়া আয়োজিত অন্তিম দিনাৰ কাৰ্যসূচীত বিত্তীয় ব্যৱস্থাপনা আৰু নিজৰ ধাৰণা সমূহক উপস্থাপন কৰাৰ কৌশলৰ বিষয়ে বিশেষজ্ঞসকলে প্ৰশিক্ষণ দিয়ে। সামৰণি অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প দাস আৰু নডেল কেন্দ্ৰৰ মুৰব্বী অধ্যাপক এছ ৰবাৰ্টে ভাগ লৈ অংশগ্ৰহণকাৰীসকলক উৎসাহিত কৰে। ৱাধৱানী ফাউণ্ডেশ্যনৰ প্ৰশিক্ষকসকলে সমগ্ৰ কাৰ্যসূচীটোত উদ্যোগী হোৱাৰ দিশত গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰে। ইয়াৰ উপৰিও শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়ৰ ইনকুবেচন চেণ্টাৰ পৰিদৰ্শন কৰি গৱেষণা আৰু নতুন ব্যৱসায়িক আৰম্ভণিৰ বিষয়ে বাস্তৱ অভিজ্ঞতা লাভ কৰে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন