নগাঁও গোপীনাথ দেৱগোস্বামী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহ সফল সামৰণি

0 53

মধ্য অসমৰ বানিজ্য শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত নগাঁও গোপীনাথ দেৱগোস্বামী বানিজ্য মহাবিদ্যালয়ত যোৱা ৩ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা বাৰ্ষিক সপ্তাহ সমাৰোহৰ আজি সফল সামৰণি পৰে ।এই উপলক্ষে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি বটা বিতৰনী অনুষ্ঠানটি সম্পন্ন হয়।উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি লেখক- সাংবাদিক দেৱজিৎ হাজৰিকাই কয় যে, ছাত্ৰ ছাত্ৰী সকলে অধ্যয়নৰ সমান্তৰালকৈ খেলা ধুলাত আত্ম নিয়োগ কৰি আমাৰ জাতিটোৰ উত্তৰণ ঘটাব লাগিব । লগতে কয় যে সমাজ সংস্কাৰৰ লগতে শিক্ষা গুৰু আৰু পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰিব লাগিব। সৰু কালৰ পৰাই ছাত্ৰ ছাত্ৰী সকল ভক্তি পৰায়ন হ’বলৈ আহ্বান জনাই সাংবাদিক দেবজিৎ হাজৰিকাই।মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ভূপেশ তুমুঙে আত ধৰা অনুষ্ঠানটিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড: মৃগাঙ্ক শইকীয়াই কয় যে ছাত্ৰ ছাত্ৰী সকলৰ শাৰিৰীক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত আৰু অনান্য সাংস্কৃতি অনুষ্ঠানৰ প্ৰয়োজনীয়তা বিষয়ে আলোকপাত কৰে। লগতে এনেধৰনৰ বাৰ্ষিক সপ্তাহ সমাৰোহে ছাত্ৰ ছাত্ৰী সকলক নিজস্ব প্ৰতিভা বিকাশ কৰাৰ লগতে ক্ৰীড়া আৰু সাংস্কৃতিক পথাৰ খনত তেওঁলোক যাতে উজ্বলি উঠে তাৰ কামনা কৰে । অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষা বিজুমনি পাঠকে ছাত্র ছাত্ৰী সকলক উদ্দেশ্যে ম’বাইল ইন্টাৰনেটৰ সৎ প্ৰয়োগ কৰিবলৈ আহবান জনায় । মহাবিদ্যালয়ৰ অধ্যাপিকা নাতাশা বৰুৱা আৰু বন্তি কলিতাই বঁটা বিতৰনী অনুষ্ঠানটি পৰিচালনা কৰা বাৰ্ষিক সপ্তাহ সমাৰোহৰ বিজয়ী প্ৰতিযোগী সকলক মান পত্ৰ আৰু মেডেল প্ৰদান কৰা হয় । উল্লেখ যে মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহত বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে শুভাৰম্ভ হোৱা সপ্তাহ সমাৰোহত ছাত্র ছাত্ৰীৰ মাজত ১০০ মিটাৰ দৌৰ,৪০০ মিটাৰ দৌৰ,হাই জাম্প,লং জাম্প কেৰেম , দবা , পাঞ্জা , বেডমিন্টন, ৰন্ধা বঢ়া, ভলীবল,ক্ৰিকেট প্ৰতিযোগিতা আদি অনুষ্ঠিত হয় । উল্লেখযোগ্য যে মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলে অতি উৎসাহে ৰচি টনা ক্ৰিকেট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি ক্ৰিকেটৰ দ্বিতীয় শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে । মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰী সকল উপস্থিত থকা অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই ছাত্র একতা সভাৰ উপ সভাপতি পল্লৱ জ্যোতি বৰাই ।

বাতৰি যুগুতালে ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.