নাগৰিক কমিটী আৰু বিজেপি মণ্ডল কমিটীৰ সম্বৰ্ধনা – এ পি এছ চি পৰীক্ষাত স্থান লাভেৰে জালুকবাৰী সমষ্টিৰ পাণ্ডুলৈ গৌৰৱ কঢ়িয়ালে কৃষ্ণ দাসে
সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ ২০২৪ বৰ্ষৰ মূল পৰীক্ষাত জালুকবাৰী সমষ্টিৰ পাণ্ডু টেম্পলঘাটৰ দুখীয়া পৰিয়ালৰ মেধাৱী ছাত্ৰ কৃষ্ণ দাসে ৪১ সংখ্যক ( কৰ পৰিদৰ্শক ) স্থান লাভেৰে কৃতিত্ব অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। পেছাত শ্ৰমিক তথা পাণ্ডু টেম্পলঘাট নিৱাসী অশোক দাস আৰু ঘৰে ঘৰে ফেৰী কৰি সামগ্ৰী বিক্ৰী কৰা অণিমা দাসৰ একমাত্ৰ পুত্ৰ কৃষ্ণ দাসে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ২০২১ চনত যন্ত্ৰ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ পাছত তেওঁ ২০২২ আৰু ২০২৩ চনৰ এ পি এছ চিৰ সংযুক্ত বাচনি পৰীক্ষাত মূল পৰীক্ষাত উত্তীৰ্ণ হৈ মৌখিক পৰীক্ষাত সাক্ষাৎকাৰত অবতীৰ্ণ হৈছিল। অৱশেষত পূৰ্বৰ দৰে তৃতীয়বাৰৰ বাবে ২০২৪ চনৰ মূল পৰীক্ষাত উত্তীৰ্ণ হৈ সফলতা লাভ কৰে কৃষ্ণ দাসে। কোনো ধৰণৰ আনুষ্ঠানিক কচিং গ্ৰহণ নকৰাকৈয়ে পিতৃ-মাতৃ আৰু ওচৰ চুবুৰীয়াৰ পৰা অনুপ্ৰেৰণা লাভ কৰা বুলি তেওঁ মন্তব্য কৰে। আনহাতে আজি কৃতী ছাত্ৰ গৰাকীৰ বাসগৃহত গুৱাহাটী পৌৰ নিগমৰ ৭ নম্বৰ ৱাৰ্ডৰ পাৰিষদ অজয় চক্ৰৱৰ্তী , বিজেপিৰ জালুকবাৰী মণ্ডল কমিটীৰ সভাপতি পিয়াল শঙ্কৰ দে আৰু জালুকবাৰী আৰক্ষী থানাৰ কেন্দ্ৰীয় নাগৰিক কমিটীৰ সভাপতি দ্বিজেন লহকৰৰ নেতৃত্বত বিজেপি আৰু নাগৰিক কমিটীৰ কৰ্মকৰ্তা ক্ৰমে – শ্যামল ভট্টাচাৰ্য , যতীন্দ্ৰ দাস, জিতুমণি দাস, চম্পা দাস উপস্থিত হৈ কৃষ্ণ দাসৰ লগতে পিতৃ-মাতৃক এখন ফুলাম গামোচা আৰু এটি জাপিৰে সম্বৰ্দ্ধনা জনায় । আনহাতে সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত কৃষ্ণ দাসে নৱ প্ৰজন্মই ভাল ফল লাভ কৰিবলৈ হ’লে, ধৈর্য, একাগ্ৰতাৰে অধ্যয়নত ব্রতী হ’বলৈ পৰামৰ্শ দিয়ে । কৃষ্ণ দাসৰ কৃতিত্বত অঞ্চলৰ বিভিন্নজনে অভিনন্দন জনোৱাৰ উপৰি চুবুৰীয়াই আনন্দ-উৎসৱ পালন কৰে। বৃহত্তৰ পাণ্ডু অঞ্চলত পোন প্ৰথমবাৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কৃষ্ণ দাসে সফলতা অর্জন কৰে।