প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে পুৰুষ – মহিলা নিৰ্বিশেষে দেশৰ অনুসূচিত জাতিৰ লোকসকলেও যাতে অলপ মাটিত কৃষি কৰ্মৰ লগতে পশুপালন, মৎসপালনৰে আৰ্থিকভাবে স্বাৱলম্বী হব পাৰে তাৰ বাবে কৃষি মন্ত্ৰণালয়ক নিৰ্দেশনা দিছিল। সেই নিৰ্দেশনাৰ আধাৰত ভাৰতীয় কৃষি গৱেষণা পৰিষদ চমুকৈ আই চি এ আৰৰ পাটনাস্থিত পূৱ মণ্ডল গৱেষণা চৌহদৰ উদ্যোগত আৰু গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ সহযোগত কেন্দ্ৰ চৌহদত ২৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত তিনিদিনীয়া সম্বনিত কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ আজি বিয়লি সামৰণি পৰে। । শিবিৰত কামৰূপ আৰু কামৰূপ মহানগৰৰ জিলাৰ বিভিন্ন প্ৰান্তৰ ৭ জনী মহিলাকে ধৰি নিৰ্বাচিত ২৫ জন কৃষকে প্রশিক্ষণ গ্ৰহণ কৰে। মূলতঃ বৈজ্ঞানিক পদ্ধতিৰে কম মাটিত ধান খেতিৰ লগতে গৰু, ছাগলী, গাহৰিকে ধৰি পশুপালন আৰু সৰু পুখুৰী বা বিশেষ পদ্ধতিৰে নিৰ্মিত কৃত্রিম পুখুৰীত মাছ পুহি কিদৰে আৰ্থিকভাবে লাভবান হব পাৰি তাৰ প্ৰশিক্ষণ দিয়া হয়। তিনিদিনীয়া শিবিৰত সমল ব্যক্তি তথা প্ৰশিক্ষক হিচাপে ভাগ লৈছিল ক্ৰমে – আই চি এ আৰ পাটনা চৌহদৰ প্ৰধান বিজ্ঞানীত্ৰয় ডঃ কমল শৰ্মা, ডঃ নাৰায়ণ ভক্ত আৰু ডঃ পি চি চন্দৰন , কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ মূৰব্বী ডঃ সোণমইনা ভূঞা , উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালক ডঃ ধীৰেন্দ্ৰ নাথ কলিতা , বিজ্ঞানী ডঃ ডি পি দুৱৰা, অসম কৃষি বিশ্ববিদ্যালয়ৰ ডঃ আৰফান আলী, ডঃ ধীৰেন চৌধুৰী , কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী মধুস্মিতা ডেকা । শিবিৰত ভাগ লোৱা সমল ব্যক্তিসকলে উপস্থিত কৃষক সকলক কম মাটিত খেতিৰ উৎপাদন বৃদ্ধিৰ বিভিন্ন কৌশলৰ লগতে কৃষিকৰ্মৰ সমান্তৰালভাৱে পশুপালন আৰু মৎসপালনৰ কৌশল সমুহৰো বিষয়েও প্ৰশিক্ষণ প্ৰদান কৰে। একেদৰে খাদ্য সংসাধন বা ফুড প্ৰছেচিং আদিৰো প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে ব্যৱহাৰিক জ্ঞান অৰ্জনৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰ চৌহদত থকা কৃষি পাম পৰিদৰ্শন কৰোৱা হয়। আনহাতে আজি বিয়লি কেন্দ্ৰৰ সভাগৃহত অনুষ্ঠিত সামৰণি অনুষ্ঠানত শিবিৰত ভাগ লোৱা প্রশিক্ষাৰ্থী সকলৰ মাজত মানপত্ৰৰ লগতে কৃষি কাৰ্যত ব্যৱহাৰ হোৱা বিভিন্ন সামগ্ৰী আৰু সজুঁলি বিতৰণ কৰা হয়। অনুষ্ঠানত আই চি এ আৰ , পাটনাৰ তিনি প্ৰধান বিজ্ঞানী ক্ৰমে – ডঃ কমল শৰ্মা, ডঃ নাৰায়ণ ভক্ত আৰু ডঃ পি চি চন্দৰন , কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ মুৰব্বী ডঃ সোণমইনা ভূঞাকে ধৰি কেন্দ্ৰৰ কেবাজনো বিজ্ঞানী উপস্থিত থাকে। আনহাতে সামৰণিত শিবিৰত ভাগ লোৱা কৃষকসকলৰ মাজত নিজ ঘৰত ৰোপণ কৰিবৰ বাবে তামোল,নাৰিকল , জালুক আৰু নেমুৰ পুলি বিতৰণ কৰা হয়।
Trending
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়