মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক এখনি আলোচনা চক্ৰ ১০ মাৰ্চত গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ ছাটাৰগাঁও সমূহীয়া কেন্দ্ৰত সফলভাৱে অনুষ্ঠিত হৈ যায়। গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বন্যপ্ৰাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্ৰৰ (চি ডব্লিউ ই এচ) উদ্যোগত, বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা (এন এচ এছ) ইউনিট–১ আৰু বেচৰকাৰী সংস্থা অৰণ্যকৰ সহযোগিতাত এই অনুষ্ঠানৰ আয়োজন। উক্ত আলোচনা চক্ৰখনত ছাটাৰগাঁৱৰ প্ৰায় ৬০গৰাকী, লগতে চি ডব্লিউ ই এচ’ৰ সদস্য, এন এচ এছ’ৰ স্বেচ্ছাসেৱক আৰু বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব, প্ৰাণীবিজ্ঞান আৰু উদ্ভিদ বিজ্ঞান বিভাগৰ ছাত্ৰ–ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। গাঁওবাসী, ছাত্ৰ-ছাত্ৰী আৰু বিশেষজ্ঞসকলৰ মাজত মতবিনিময় হোৱা এই মঞ্চখনতে মানুহ আৰু বন্যপ্ৰাণীৰ বাসস্থান একেলগে থকা অঞ্চল সমূহত জীৱন–যাপনৰ ব্যৱহাৰিক সমস্যা সমূহ আলোচনা কৰা হয়। বিশেষকৈ বন্যহস্তী আদি কৰি অন্যান্য বন্যপ্ৰাণীৰ সৈতে গাঁওবাসীয়ে দৈনন্দিন জীৱনত সন্মুখীন হোৱা সমস্যা আৰু প্ৰত্যাহ্বান সমূহৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনাত স্থানীয়ভাৱে লাভ কৰা অভিজ্ঞতা সমূহ বুজি হাতী–মানুহৰ সংঘাত হ্ৰাস কৰিব পৰা ব্যৱহাৰিক উপায় সমূহ চিনাক্ত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। আলোচনা চক্ৰখনৰ শেষত গাঁওবাসীসকলৰ বাবে হাতী–মানুহৰ মাজত সহাৱস্থান বজাই ৰাখি মানুহ আৰু বন্যপ্ৰাণী দুয়োপক্ষৰ ক্ষতি হ্ৰাস কৰাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱা হয়। লগতে স্থানীয় অৰ্থনীতি মজবুত কৰাৰ ক্ষেত্ৰত কৃষি, উদ্যান শস্য, মৎস্য, পশুপালন লগতে হাতীক কমকৈ আকৃষ্ট কৰা উদ্ভিদৰ সম্ভাৱনা সম্পৰ্কেও আলোচনা কৰা হয়। এই পৰামৰ্শ সমূহে গাঁওবাসীৰ অৰ্থনৈতিক স্থিতি বৃদ্ধি কৰাৰ লগতে বন্যপ্ৰাণীৰ সৈতে স্থায়ী সহাৱস্থানৰ প্ৰতিও উৎসাহিত কৰি তুলিব।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan