মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক এখনি আলোচনা চক্ৰ ১০ মাৰ্চত গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ ছাটাৰগাঁও সমূহীয়া কেন্দ্ৰত সফলভাৱে অনুষ্ঠিত হৈ যায়। গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বন্যপ্ৰাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্ৰৰ (চি ডব্লিউ ই এচ) উদ্যোগত, বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা (এন এচ এছ) ইউনিট–১ আৰু বেচৰকাৰী সংস্থা অৰণ্যকৰ সহযোগিতাত এই অনুষ্ঠানৰ আয়োজন। উক্ত আলোচনা চক্ৰখনত ছাটাৰগাঁৱৰ প্ৰায় ৬০গৰাকী, লগতে চি ডব্লিউ ই এচ’ৰ সদস্য, এন এচ এছ’ৰ স্বেচ্ছাসেৱক আৰু বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব, প্ৰাণীবিজ্ঞান আৰু উদ্ভিদ বিজ্ঞান বিভাগৰ ছাত্ৰ–ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। গাঁওবাসী, ছাত্ৰ-ছাত্ৰী আৰু বিশেষজ্ঞসকলৰ মাজত মতবিনিময় হোৱা এই মঞ্চখনতে মানুহ আৰু বন্যপ্ৰাণীৰ বাসস্থান একেলগে থকা অঞ্চল সমূহত জীৱন–যাপনৰ ব্যৱহাৰিক সমস্যা সমূহ আলোচনা কৰা হয়। বিশেষকৈ বন্যহস্তী আদি কৰি অন্যান্য বন্যপ্ৰাণীৰ সৈতে গাঁওবাসীয়ে দৈনন্দিন জীৱনত সন্মুখীন হোৱা সমস্যা আৰু প্ৰত্যাহ্বান সমূহৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনাত স্থানীয়ভাৱে লাভ কৰা অভিজ্ঞতা সমূহ বুজি হাতী–মানুহৰ সংঘাত হ্ৰাস কৰিব পৰা ব্যৱহাৰিক উপায় সমূহ চিনাক্ত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। আলোচনা চক্ৰখনৰ শেষত গাঁওবাসীসকলৰ বাবে হাতী–মানুহৰ মাজত সহাৱস্থান বজাই ৰাখি মানুহ আৰু বন্যপ্ৰাণী দুয়োপক্ষৰ ক্ষতি হ্ৰাস কৰাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱা হয়। লগতে স্থানীয় অৰ্থনীতি মজবুত কৰাৰ ক্ষেত্ৰত কৃষি, উদ্যান শস্য, মৎস্য, পশুপালন লগতে হাতীক কমকৈ আকৃষ্ট কৰা উদ্ভিদৰ সম্ভাৱনা সম্পৰ্কেও আলোচনা কৰা হয়। এই পৰামৰ্শ সমূহে গাঁওবাসীৰ অৰ্থনৈতিক স্থিতি বৃদ্ধি কৰাৰ লগতে বন্যপ্ৰাণীৰ সৈতে স্থায়ী সহাৱস্থানৰ প্ৰতিও উৎসাহিত কৰি তুলিব।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী