কাশী হিন্দু বিশ্ববিদ্যালয়ত ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ অধীনস্থ স্বায়ত্ব শাসিত অনুস্থান ৰাষ্ট্ৰীয় আয়ুৰ্বেদ বিদ্যাপীঠৰ দ্বাৰা ১১ মাৰ্চত আয়োজিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুস্থানত আয়ুৰ্বেদ চিকিৎসা বিজ্ঞানৰ প্ৰসাৰ আৰু উন্নয়নৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াই অহা বাবে কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আয়ুৰ্বেদ ফেকাল্টীৰ ডীন অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক FRAV (Dellow of Rashtriya Ayurveda Vidyapeeth) সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানত আয়ুৰ্বেদিক চিকিৎসা আৰু গৱেষণা ক্ষেত্ৰৰ লগত জড়িত বহু বিশিষ্ট লোকৰ উপস্থিতিত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক এই সন্মান প্ৰদান কৰে ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেছাই। উল্লেখ্য যে নলবাৰী জিলাৰ বিহামপুৰ গাঁৱৰ বাসিন্দা অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামী ইয়াৰ পূৰ্বে শ্বিলংস্থিত উত্তৰ পূব আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা