কাশী হিন্দু বিশ্ববিদ্যালয়ত ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ অধীনস্থ স্বায়ত্ব শাসিত অনুস্থান ৰাষ্ট্ৰীয় আয়ুৰ্বেদ বিদ্যাপীঠৰ দ্বাৰা ১১ মাৰ্চত আয়োজিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুস্থানত আয়ুৰ্বেদ চিকিৎসা বিজ্ঞানৰ প্ৰসাৰ আৰু উন্নয়নৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াই অহা বাবে কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আয়ুৰ্বেদ ফেকাল্টীৰ ডীন অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক FRAV (Dellow of Rashtriya Ayurveda Vidyapeeth) সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানত আয়ুৰ্বেদিক চিকিৎসা আৰু গৱেষণা ক্ষেত্ৰৰ লগত জড়িত বহু বিশিষ্ট লোকৰ উপস্থিতিত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক এই সন্মান প্ৰদান কৰে ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেছাই। উল্লেখ্য যে নলবাৰী জিলাৰ বিহামপুৰ গাঁৱৰ বাসিন্দা অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামী ইয়াৰ পূৰ্বে শ্বিলংস্থিত উত্তৰ পূব আয়ুৰ্বেদিক গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan