নৱগঠিত জালুকবাৰী সমষ্টিৰ পৰা কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।সমষ্টি পনৰ গঠনৰ পিছত পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ এটা অংশ জালুকবাৰী সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে । মনোনয়ন পত্ৰ দাখিলৰ আগমূহুৰ্তত আজি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই আজি স্বামীৰ মংগল কামনাৰে আজাৰা থানা এলেকাৰ দুটাকৈ ঐতিহ্যমণ্ডিত মন্দিৰত পূজা অৰ্চনা আগবঢ়াই । ৰিণিকি ভূঞা শৰ্মাই ভট্টাপাৰাস্হিত ৰাণী চাপৰি মা মনসা মন্দিৰ আৰু গড়লস্হিত দৌল গোবিন্দ মন্দিৰত পূজা অৰ্চনা আগবঢ়াই স্বামীৰ মংগল কামনা কৰে । ইয়াৰ পিছত ৰিণিকি ভূঞা শৰ্মাই গড়ল পঞ্চায়ত অধীনৰ দুটাকৈ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে । আনহাতে জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণাৰ পিছতে সমষ্টিত সৃষ্টি হৈছে আবতৰীয়া দীপাৱলী। আপোন মানুহজনক সমষ্টিত পাই আত্মহাৰা হৈ পৰিছে জনসাধাৰণ।আনন্দত আত্মহাৰা ৰাইজে স্বতস্ফুৰ্ত ভাবে ওলাই আহি নাচ গান কৰি আনন্দ কৰে । আনহাতে বিজেপিৰ সমৰ্থক সকলে গাড়ীত মাইক লগাই ,আকৌ এবাৰ বিজেপি চৰকাৰ , হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ , নৰেন্দ্ৰ মোডী জিন্দাবাদ’ ধ্বনি দি ৰাজপথ উত্তাল কৰি তোলে ।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan