কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফ দিৱসটো গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ নং চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত ১৯ মাৰ্চত অতি উলহ-মালহেৰে উদ্যাপন কৰা হয়। উল্লেখ্য যে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী সম্পর্কীয় ইতিহাস হ’ল ১৯৩৯ চনৰ ২৭ জুলাইত মধ্য প্ৰদেশৰ নীমচ জিলাত ক্রাউন প্রতিনিধি আৰক্ষী নামেৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী গঠন কৰা হৈছিল। স্বাধীনতাৰ পিছত ১৯৫০ চনৰ ১৯ মাৰ্চত তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে ইয়াক ক্রাউন ৰিপ্লেজেন্টেটিভ পুলিচৰ পৰা চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৰ্চলৈ সলনি কৰি ৰাষ্ট্ৰপতিৰ পতাকা প্ৰদান কৰে । যাৰ বাবে ১৯ মাৰ্চৰ দিনটো চি আৰ পি এফে নিজৰ দিৱস হিচাপে পালন কৰি আহিছে। দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত ১৭৫ চি আৰ পি এফৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই প্ৰথমতে বাহিনীটোৰ বিষয়া – জোৱান সকলৰ অভিবাদন গ্ৰহণ কৰাৰ পাছত কৰ্তব্যৰ সময়ত প্ৰাণ আহুতি দিয়া বাহিনীৰ বীৰ শ্বহীদ জোৱান – বিষয়া সকলক শ্ৰদ্ধা নিবেদন কৰে। তাৰ পাছত বাহিনীটোৰ ছেকেণ্ড ইন কমাণ্ড মুকুন্দ মোহন, ডেপুটী কমাডেণ্টে বিৰাট কুমাৰ সিঙৰ লগতে অন্যান্য বিষয়া আৰু অধীনস্থ বিষয়াসকলে শ্বহীদ স্মৃতিসৌধত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে দিৱসৰ লগত সংগতি ৰাখি প্ৰেক্ষাগৃহত এখন সৈনিক সন্মিলন অনুষ্ঠিত হয় । সন্মিলনত কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই উপস্থিত বিষয়া – জোৱান সকলক সম্বোধন কৰি চি আৰ পি এফৰ ইতিহাস আৰু গৌৰৱৰ বিষয়ে ব্যক্ত কৰি দিৱসত সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ উপৰি কমাডেণ্ট ঝাই আগন্তুক দিনত অসমকে ধৰি দেশৰ পাঁচখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত হবলগীয়া বিধানসভাৰ নিৰ্বাচনত কৰ্তব্যত নিয়োজিত হলে কেনে ধৰণে কাম কৰিব লাগিব তাৰ বাবেও বিশেষ নিৰ্দেশনা দিয়ে। দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়াৰ পাছত মুখ্য কাৰ্যালয়ৰ লগতে কোম্পানী সমূহৰ মুখ্য কাৰ্যালয়ত বৰাখানা অনুষ্ঠিত হয়।
Trending
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ