কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফ দিৱসটো গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ নং চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত ১৯ মাৰ্চত অতি উলহ-মালহেৰে উদ্যাপন কৰা হয়। উল্লেখ্য যে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী সম্পর্কীয় ইতিহাস হ’ল ১৯৩৯ চনৰ ২৭ জুলাইত মধ্য প্ৰদেশৰ নীমচ জিলাত ক্রাউন প্রতিনিধি আৰক্ষী নামেৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী গঠন কৰা হৈছিল। স্বাধীনতাৰ পিছত ১৯৫০ চনৰ ১৯ মাৰ্চত তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে ইয়াক ক্রাউন ৰিপ্লেজেন্টেটিভ পুলিচৰ পৰা চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৰ্চলৈ সলনি কৰি ৰাষ্ট্ৰপতিৰ পতাকা প্ৰদান কৰে । যাৰ বাবে ১৯ মাৰ্চৰ দিনটো চি আৰ পি এফে নিজৰ দিৱস হিচাপে পালন কৰি আহিছে। দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত ১৭৫ চি আৰ পি এফৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই প্ৰথমতে বাহিনীটোৰ বিষয়া – জোৱান সকলৰ অভিবাদন গ্ৰহণ কৰাৰ পাছত কৰ্তব্যৰ সময়ত প্ৰাণ আহুতি দিয়া বাহিনীৰ বীৰ শ্বহীদ জোৱান – বিষয়া সকলক শ্ৰদ্ধা নিবেদন কৰে। তাৰ পাছত বাহিনীটোৰ ছেকেণ্ড ইন কমাণ্ড মুকুন্দ মোহন, ডেপুটী কমাডেণ্টে বিৰাট কুমাৰ সিঙৰ লগতে অন্যান্য বিষয়া আৰু অধীনস্থ বিষয়াসকলে শ্বহীদ স্মৃতিসৌধত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে দিৱসৰ লগত সংগতি ৰাখি প্ৰেক্ষাগৃহত এখন সৈনিক সন্মিলন অনুষ্ঠিত হয় । সন্মিলনত কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই উপস্থিত বিষয়া – জোৱান সকলক সম্বোধন কৰি চি আৰ পি এফৰ ইতিহাস আৰু গৌৰৱৰ বিষয়ে ব্যক্ত কৰি দিৱসত সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ উপৰি কমাডেণ্ট ঝাই আগন্তুক দিনত অসমকে ধৰি দেশৰ পাঁচখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত হবলগীয়া বিধানসভাৰ নিৰ্বাচনত কৰ্তব্যত নিয়োজিত হলে কেনে ধৰণে কাম কৰিব লাগিব তাৰ বাবেও বিশেষ নিৰ্দেশনা দিয়ে। দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়াৰ পাছত মুখ্য কাৰ্যালয়ৰ লগতে কোম্পানী সমূহৰ মুখ্য কাৰ্যালয়ত বৰাখানা অনুষ্ঠিত হয়।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan