বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ পবিত্ৰ এমহীয়া ৰমজান মাহৰ সামৰণিত দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ঈদগাহ ময়দান আৰু মছজিদ সমূহত আজি পুৱাৰ ভাগত ঈদ – উল – ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন হয়। আনহাতে গুৱাহাটীৰ আন আন ঈদগাহ ময়দান বা মছজিদৰ দৰে আদাবাৰী বাছ আস্থানৰ সমীপৰ জালুকবাৰী ঈদগাহ ময়দানতো পুৱা ৮.৪৫ বজাত ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়। প্ৰায় চাৰি হাজাৰৰো অধিক লোকৰ উপস্থিতিত সমূহীয়া নামাজত ইমামতি কৰে কামৰূপ জিলাৰ দেউদুৱাৰ জামে মছজিদৰ পেছ ইমাম মৌলানা ,কাৰী,গৌছে আলম কাচিমীয়ে । নামাজৰ পূৰ্বে অনুষ্ঠিত এক চমু অনুষ্ঠানত উপস্থিত সকলোকে আদৰণি জনাই পবিত্ৰ ঈদ – উল – ফিটৰৰ উদ্দেশ্য বাখ্যা কৰে জালুকবাৰী ঈদগাহ কমিটিৰ কাৰ্যকৰী সভাপতি আলহাজ চৰিফ উল্লাহে । আনহাতে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক আবুল আলীয়ে। তেনেদৰে কোষাধ্যক্ষ নাছেম আলীয়ে জানিবলৈ দিয়া মতে নামাজৰ লগত সংগতি ৰাখি জাকাট, ফিটৰা, লাৱাৰীজ, ইমাম, ঈদগাহ, মছজিদ, কবৰস্থানৰ উন্নয়নৰ বাবে ধন সংগ্ৰহ কৰা হয়।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan