বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা

0 107

অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন, ২০২৬ৰ বাবে মনোনয়ন পত্ৰসমূহৰ পৰীক্ষা আজি সম্পন্ন কৰা হয়। অৱশ্যে মুঠ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ১২৪টা সমষ্টিতহে পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে। ২৪ নং বৰপেটা (অনুসূচীত জাতি) আৰু ৬৫ নং ঢেকিয়াজুলি সমষ্টিৰ মনোনয়ন পত্ৰৰ পৰীক্ষা কাইলৈ, ২৫ মাৰ্চ ২০২৬ তাৰিখে পুৱা ১১ বজালৈ স্থগিত ৰখা হৈছে। ১২৪টা সমষ্টিত মুঠ ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰা হৈছে। অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন, ২০২৬ৰ বাবে মুঠ ৮১৫গৰাকী প্ৰাৰ্থীয়ে সৰ্বমুঠ ১,৩৮৯খন মনোনয়ন পত্ৰ দাখিল কৰিছিল।ইচ্ছুক প্ৰাৰ্থীয়ে ২৬ মাৰ্চ, ২০২৬ তাৰিখে বিয়লি ৩ বজাৰ ভিতৰত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.