গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখ চেকগেটস্থিত নৃত্য গীতৰ প্ৰশিক্ষণৰ অগ্ৰণী প্ৰতিষ্ঠান উপাসনা কলাকেন্দ্ৰৰ ২৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে ২৫ এপ্ৰিলৰ দিনা সন্ধিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত এক বাৰে ৰহণীয়া নৃত্য সন্ধিয়া অনুষ্ঠিত হয় । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটোত মূখ্য অতিথি হিচাপে ভাগ লৈ উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ডঃ প্ৰশান্ত শৰ্মাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ অৱনী কুমাৰ ভাগৱতী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত জনসংখ্যা বিষয়া ডঃ দিলীপ কলিতা, অসম মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক ডঃ প্ৰদীপ কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি, বিচমিল্লাহ খান বঁটা প্ৰাপক সত্ৰীয়া নৃত্যৰ সাধক নৰেন চন্দ্ৰ বৰুৱা উপস্থিত থাকে।আনহাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উপাসনা কলা কেন্দ্ৰৰ সঞ্চালক গৌতম কুমাৰ চৌধুৰীয়ে । উপাসনা কলা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মহেশ্বৰ লহকৰৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা মূল অনুষ্ঠানত উপাসনা কলাকেন্দ্ৰৰ শিক্ষাৰ্থীসকলে ভাৰত নাট্যম নৃত্যৰ গণেশ স্তুতি, বৰ্ণম, অষ্টপদী, জাৱেলী,নাটেষ কৌতুৱম, শিৱকৃতি, টিল্লানাৰ লগতে শাস্ত্ৰীয় সংগীতত আধাৰিত বিভিন্ন গীতত নৃত্য প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । তেনেদৰে একাংশ শিক্ষাৰ্থীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, ডঃ ভূপেন হাজৰিকাৰ গীততো নৃত্য প্ৰদৰ্শন কৰে।অনুষ্ঠানত নিমন্ত্ৰিত দল হিচাপে ভাগ লৈ নলবাৰীৰ ‘আৰাধনা’ গোষ্ঠীয়ে শাস্ত্ৰীয় সংগীত পৰিবেশন কৰে । অনুষ্ঠানত কথক শিল্পী ৰাকেশ মণ্ডলে কথক নৃত্য আৰু পাশ্চাত্য নৃত্যৰ শিল্পী ৰাম কুমাৰ বাছফোৰে নৃত্য প্ৰদৰ্শন কৰে । ৰাজৱী পুৰকায়স্থই ভায়োলিন বাদনৰে বাৰে ৰহণীয়া অনুষ্ঠান পৰিৱেশনেৰে নৃত্য সন্ধিয়াৰ অনুষ্ঠানটো জীপাল কৰি তোলে। শেষত পিছত ‘মঙ্গলম’ প্ৰদান অনুষ্ঠানেৰে নৃত্য সন্ধিয়াটোৰ সামৰণি পৰে । অনুষ্ঠানত ভাগ লোৱা উপাসনা কলা কেন্দ্ৰৰ শিক্ষাৰ্থীসকল আছিল ক্ৰমে – দৰ্শনা, ৰিম্পী, ৰিচনা, শ্ৰুতি, নয়নিকা, স্নেহা, মৃদুস্মিতা, বিপান্সী, কুহি, ইশানী, প্ৰতিক্ষা, অপৰ্না, তানিষ্কা, প্ৰজ্ঞা, অৱনী, ৰিছিতা, আদ্রীকা, নীলাক্ষী, ৰিমঝিম, নিষ্ঠা, কাব্যা, শ্ৰদ্ধা, শাইবিকা, হৰ্ষিকা, অঞ্চিতা, ঈপ্সিতা, আশ্বি, কাশ্বি, সানবিকা, ৰীয়া, প্ৰীয়া, কাব্যা, তনুশ্ৰী, খ্যাতি, বৈষ্ণৱী আদি। শেষত শলাগৰ শৰাই আগবঢ়াই উপাসনা কলাকেন্দ্ৰৰ গুৰু,খ্যাতিসম্পন্ন নৃত্যশিল্পী মিনতি লহকৰ চৌধুৰীয়ে ।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী