গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উদ্যোগত ২৫ এপ্ৰিলত দ্বিতীয় বাৰ্ষিক লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতাখন সফলতাৰে অনুষ্ঠিত হৈ যায়। উত্তৰ পূবৰ বিভিন্ন প্ৰান্তৰ শিক্ষা প্ৰতিষ্ঠানৰ পৰা অহা মুঠ ২২ টা দলৰ ৬৬ গৰাকী আইনৰ শিক্ষাৰ্থীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ আইনী দক্ষতা প্ৰদৰ্শন কৰে। বিশ্ববিদ্যালয়খনৰ চেণ্টাৰ ফৰ লিগেল ষ্টাডিজৰ ডীন ডঃ নিজুমণি দাসে এই সমগ্ৰ অনুষ্ঠানটোৰ সমন্বয়ক হিচাপে দায়িত্ব পালন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে এছ এছ এৰ সভাপতি যশোদা ৰঞ্জন দাস, গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জয়ন্ত ডেকা আৰু উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কৌশিক গোস্বামীয়ে ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে মুট কোৰ্ট কেৱল এখন প্ৰতিযোগিতা নহয় , এয়া আইনৰ ক্ষেত্ৰখনত ভৱিষ্যত জীৱনৰ বাবে কৰা এক আখৰাহে। আদালতত সততা আৰু সঠিক প্ৰস্তুতিৰ ওপৰত গুৰুত্ব দিবলৈ সকলোকে তেওঁ পৰামৰ্শ দিয়ে। উদ্বোধনী অনুষ্ঠানৰ পিছতেই প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ খেলসমূহ আৰম্ভ হয়। উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু অসমৰ বিভিন্ন আইন মহাবিদ্যালয়ৰ অধ্যাপকসকলে বিচাৰক হিচাপে অংশগ্ৰহণকাৰীসকলৰ যুক্তি আৰু প্ৰস্তুতি নিৰীক্ষণ কৰে। দুপৰীয়ালৈ এই প্ৰতিযোগিতাৰ পৰা ৬ টা দলক ছেমি ফাইনেল পৰ্যায়ৰ বাবে নিৰ্বাচিত কৰা হয়। ইয়াৰ পিছত চূড়ান্ত খেলখন বিশ্ববিদ্যালয়ৰ মুট কোৰ্ট হলত অনুষ্ঠিত হয়, য’ত শীৰ্ষ দুটা দলে নিজৰ আইনী যুক্তি তৰ্ক উপস্থাপন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ডঃ খ্যাদউদ্দিন আহমেদ আৰু অধিবক্তা কিশোৰ কলিতাই চূড়ান্ত পৰ্যায়ৰ বিচাৰক হিচাপে দায়িত্ব পালন কৰে। প্ৰতিযোগিতাৰ অন্তত জে বি আইন মহাবিদ্যালয়ৰ অগস্ত্য কাশ্যপ, জিষ্ণু প্ৰতিম কাশ্যপ আৰু প্ৰজ্ঞান পাটোৱাৰীৰ দলটোৱে শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি জিষ্ণু প্ৰতিম কাশ্যপে শ্ৰেষ্ঠ মুটাৰৰ সন্মান লাভ কৰে। গুৱাহাটীৰ এন ই এফ আইন মহাবিদ্যালয়ৰ দলটোৱে প্ৰতিযোগিতাত ৰানাৰ্ছ আপ খিতাপ অৰ্জন কৰে। প্ৰতিযোগিতাৰ অন্তত বিজয়ী সকলক বঁটা আৰু ট্ৰফী প্ৰদান কৰা হয়।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan