দীপৰ বিলত পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি :: ১০৮ প্ৰজাতিৰ বিদেশী পৰিভ্ৰমী চৰাই আৰু ৬৬ দেশী প্ৰজাতিৰ চৰাই নথিভুক্ত
নেচাৰ এনভাৰমেণ্ট এণ্ড ৱাইল্ড লাইফ চচাইটি (নিউজ)য়ে দীপৰ বিলত পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি অধিবেশন যোৱা ১০ মে’ত সফলভাৱে আয়োজন কৰে। এই অনুষ্ঠানত পৰীভ্ৰমী চৰাই পৰ্যবেক্ষণ আৰু নেচাৰ গাইড হিচাপে পেছাগত সুযোগ বিষয়ক শ্রেণীকক্ষ আলোচনা অন্তর্ভুক্ত আছিল। পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীটো নিউজৰ দলৰ উদ্যোগত বিগত নৱেম্বৰ মাহৰ পৰা যোৱা এপ্ৰিললৈ স্থানীয় যুৱ গোটৰ সক্ৰিয় অংশগ্রহণেৰে পৰিচালিত হয় । সমগ্র সমীক্ষা কালত যুৱ অংশগ্ৰহণকাৰীসকলক দূৰবীন আৰু কেমেৰা ব্যৱহাৰ কৰি চৰাই চিনাক্তকৰণ, ক্ষেত্ৰ নিৰ্দেশিকা পুথি (Field Guide Books) ব্যৱহাৰ, লগতে ই-বাৰ্ড আৰু আই নেচাৰেলিষ্টৰ দৰে অনলাইন জৈৱবৈচিত্ৰ্যৰ তথ্য ভাণ্ডাৰ ব্যৱহাৰৰ প্ৰশিক্ষণ দিয়া হৈছিল । অংশগ্ৰহণকাৰীসলক চৰাইৰ অসমীয়া নাম শিকিবলৈ আৰু নথিভুক্ত কৰিবলৈও উৎসাহিত কৰা হৈছিল, যাৰ জৰিয়তে পৰম্পৰাগত পৰিৱেশ জ্ঞান আৰু বৈজ্ঞানিক নথিভুক্তিকৰণৰ সংযোগ শক্তিশালী কৰা হয় । কালিৰ সামৰণি অধিবেশনত ড° স্বপ্না দেবী ৰায়, নিউজৰ পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিষয়াই দীপৰ বিলৰ দুটা গুৰুত্বপূৰ্ণ চৰাই পৰ্যবেক্ষণৰ গুৰুত্বপূৰ্ণ স্থান অর্থাৎ দীপৰ বিলৰ নিৰীক্ষণ কেন্দ্ৰ (Watch Tower) আৰু বৰাগাওঁ- তেতেলীয়া প্ৰান্তত কৰা ছয়মহীয়া সমীক্ষাৰ ফলাফল উপস্থাপন কৰে। সমীক্ষাৰ সময়ছোৱাত মুঠ ১০৮ প্ৰজাতিৰ চৰাই নথিভুক্ত কৰা হয়, যাৰ ভিতৰত ৬টা বৰ্গ আৰু ১৩টা গোত্ৰৰ অন্তৰ্গত ৪২টা শীতকালীন পৰিভ্ৰমী চৰাই অন্তৰ্ভুক্ত আছিল। বাকী ৬৬টা প্ৰজাতি দীপৰ বিলৰ স্থায়ী বাসিন্দা চৰাই, যিসমূহ ১৬টা বৰ্গ আৰু ৩৪টা গোত্ৰৰ অন্তৰ্গত। নিৰীক্ষণ কাৰ্যসূচীৰ সময়ত নথিভুক্ত কৰা গুৰুত্বপূৰ্ণ পৰিভ্ৰমী চৰাই ভিতৰত দেওৰাজ হাঁহ, দীঘলনেজী হাঁহ, বালিঘোৰা, চাকৈ-চকোৱা আৰু খন্তীয়া হাঁহ উল্লেখযোগ্য। যুৱ অংশগ্ৰহণকাৰীসকলে বন্যপ্ৰাণী সংৰক্ষণবিদ আৰিফ হুছেইনৰ শ্ৰেণীকক্ষ বক্তব্যৰ পৰা বিশেষভাবে উপকৃত হয়, য’ত তেওঁ প্ৰকৃতি নিদেৰ্শকৰ ক্ষেত্ৰ অধ্যয়নৰ অভিজ্ঞতা আৰু বন্যপ্ৰাণী সংৰক্ষণ তথা ইক’টুৰিজম ক্ষেত্ৰৰ পেছাগত সুযোগসমূহৰ বিষয়ে বৃস্তিতভাবে আলোচনা কৰে । দীপৰ বিলৰ স্থানীয় সমাজৰ প্ৰতিনিধি প্রমোদ কলিতাই নেচাৰ গাইড প্রশিক্ষণৰ গুৰুত্ব আৰু বিশেষকৈ দীপৰ বিল অঞ্চলত ইক’টুৰিজমৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰে। তেওঁ এই উদ্যোগৰ প্ৰশংসা কৰি যুৱসকলক কেৱল পক্ষী অধ্যয়নতেই সীমাবদ্ধ নহৈ পখিলা, জিঞা, উদ্ভিদ আৰু আন জৈৱবৈচিত্র্য গোটসমূহৰ অধ্যয়ন অব্যাহত ৰাখিবলৈ উৎসাহিত কৰে।
কার্যসূচীখন বন বিভাগৰ বিষয়াবৰ্গ আৰু স্থানীয় সমাজৰ উপস্থিতিত অনুষ্ঠিত হয়, যিসকলে এই উদ্যোগক প্ৰশংসা কৰাৰ লগতে যুৱ সম্পৃক্ততা, জৈৱবৈচিত্র্য নথিভুক্তিকৰণ আৰু সংৰক্ষণ সচেতনতা বৃদ্ধিত ইয়াৰ গুৰুত্ব স্বীকাৰ কৰে।