জাপানৰ এটা প্ৰতিনিধি দলে ১১ মে’ৰ দিনা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাণীগেটৰ পৰা কিছু নিলগৰ ৰাণীৰ বাক্ৰাপাৰাস্থিত কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা ‘লাভলি হুড আশ্ৰম’ পৰিদৰ্শন কৰি তাত মাছৰূম ডেভেলপমেণ্ট ফাউণ্ডেশ্যন ( এম ডি এফ ) ৰ উদ্যোগত চলি থকা বিভিন্ন কামকাজ , বহনক্ষম উন্নয়ন আদিৰ বুজ লয়। উল্লেখ্য যে জাপানৰ দুটা কোম্পানীয়ে এম ডি এফৰ সৈতে সহযোগিতাৰে বিগত কেবামাহ ধৰি বৈজ্ঞানিক পদ্ধতিৰে মাছৰূমৰ উৎপাদন বৃদ্ধি কৰাৰ হকে কাম কৰি আহিছে । তাৰ ভিতৰত মাছৰূমৰ অভিজ্ঞ প্ৰশিক্ষক প্লেটফৰ্ম হিচাপে পৰিচিত ‘কিনকো ছেনচেই’ৰ সৈতে এম ডি এফে সম্প্ৰতি মাছৰূম বা কাঠফুলাৰ উন্নয়নৰ হকে কাম কৰি আহিছে। আনহাতে পৰিদৰ্শনকালত জাপানৰ প্ৰতিনিধি দলটোৱে লাভলি হুড আশ্ৰমত কাঠফুলাৰ উৎপাদন , প্ৰশিক্ষণ আদিৰ বুজ লোৱাৰ লগতে আধুনিক প্ৰযুক্তিৰ দ্বাৰা কৃত্ৰিম বুদ্ধিমত্তা ( AI) ৰ সহায়ত কিদৰে কাঠফুলাৰ উৎপাদন বৃদ্ধি কৰিব পাৰি সেই বিষয়ে পাৰস্পাৰিক মত – বিনিময় কৰে । আনহাতে পৰিদৰ্শন কালত জাপানৰ প্ৰতিনিধি দলটোক এম ডি এফৰ সচিব প্ৰধান প্ৰাঞ্জল বৰুৱাই লাভলি হুড আশ্ৰমৰ কাৰ্যকলাপ সম্পৰ্কে এক বিস্তৃত প্ৰতিবেদন দাঙি ধৰে। পৰি। পৰিদৰ্শন কালত কাঠফুলা খেতিৰ লগত জড়িত ৰাণী অঞ্চলৰ কেবাগৰাকী মহিলা কৃষক , পৃথিৱী পুষ্টি চল্যুচন প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী নিকুমণি বৰুৱা , ৰাভা হাচং স্বায়িত্ব শাসিত পৰিষদৰ সদস্যা পুষ্পাঞ্জলী ৰাভা , ৰাণী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি পৰমেশ্বৰ বৰ্মন , বি এছ এফৰ আজাৰা পাটগাওঁস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰৰ কেবাজনো বিষয়াৰ লগতে বহু সংখ্যক কৃষক আৰু স্থানীয় লোক উপস্থিত থাকে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan