জাপানৰ এটা প্ৰতিনিধি দলে ১১ মে’ৰ দিনা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাণীগেটৰ পৰা কিছু নিলগৰ ৰাণীৰ বাক্ৰাপাৰাস্থিত কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা ‘লাভলি হুড আশ্ৰম’ পৰিদৰ্শন কৰি তাত মাছৰূম ডেভেলপমেণ্ট ফাউণ্ডেশ্যন ( এম ডি এফ ) ৰ উদ্যোগত চলি থকা বিভিন্ন কামকাজ , বহনক্ষম উন্নয়ন আদিৰ বুজ লয়। উল্লেখ্য যে জাপানৰ দুটা কোম্পানীয়ে এম ডি এফৰ সৈতে সহযোগিতাৰে বিগত কেবামাহ ধৰি বৈজ্ঞানিক পদ্ধতিৰে মাছৰূমৰ উৎপাদন বৃদ্ধি কৰাৰ হকে কাম কৰি আহিছে । তাৰ ভিতৰত মাছৰূমৰ অভিজ্ঞ প্ৰশিক্ষক প্লেটফৰ্ম হিচাপে পৰিচিত ‘কিনকো ছেনচেই’ৰ সৈতে এম ডি এফে সম্প্ৰতি মাছৰূম বা কাঠফুলাৰ উন্নয়নৰ হকে কাম কৰি আহিছে। আনহাতে পৰিদৰ্শনকালত জাপানৰ প্ৰতিনিধি দলটোৱে লাভলি হুড আশ্ৰমত কাঠফুলাৰ উৎপাদন , প্ৰশিক্ষণ আদিৰ বুজ লোৱাৰ লগতে আধুনিক প্ৰযুক্তিৰ দ্বাৰা কৃত্ৰিম বুদ্ধিমত্তা ( AI) ৰ সহায়ত কিদৰে কাঠফুলাৰ উৎপাদন বৃদ্ধি কৰিব পাৰি সেই বিষয়ে পাৰস্পাৰিক মত – বিনিময় কৰে । আনহাতে পৰিদৰ্শন কালত জাপানৰ প্ৰতিনিধি দলটোক এম ডি এফৰ সচিব প্ৰধান প্ৰাঞ্জল বৰুৱাই লাভলি হুড আশ্ৰমৰ কাৰ্যকলাপ সম্পৰ্কে এক বিস্তৃত প্ৰতিবেদন দাঙি ধৰে। পৰি। পৰিদৰ্শন কালত কাঠফুলা খেতিৰ লগত জড়িত ৰাণী অঞ্চলৰ কেবাগৰাকী মহিলা কৃষক , পৃথিৱী পুষ্টি চল্যুচন প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী নিকুমণি বৰুৱা , ৰাভা হাচং স্বায়িত্ব শাসিত পৰিষদৰ সদস্যা পুষ্পাঞ্জলী ৰাভা , ৰাণী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি পৰমেশ্বৰ বৰ্মন , বি এছ এফৰ আজাৰা পাটগাওঁস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰৰ কেবাজনো বিষয়াৰ লগতে বহু সংখ্যক কৃষক আৰু স্থানীয় লোক উপস্থিত থাকে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ