ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ ৰাণী অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ । আনকি বৰঝাৰ বিমানবন্দৰৰ সমীপৰ জবে পাটগাঁৱৰ পৰা আৰম্ভ কৰি অসম মেঘালয় সীমান্তবৰ্তী নালাপাৰা , বেলগুৰী, গাৰোপাৰা আদিকে ধৰি বৃহত্তৰ ৰাণী অঞ্চলত দৈনিক বনৰীয়া হাতীৰ জাক গাঁৱত প্ৰৱেশ কৰি মানুহৰ ভঁৰাল ঘৰ ভাঙি ধান খাই তাণ্ডৱৰ সৃষ্টি কৰা, মানুহৰ থকা ঘৰ, গোহালি ঘৰ আদি ভঙা, বাৰীত শস্য খোৱা আদি তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে। ৰাণীৰ আঞ্চলিক বন বিষয়া গৰাকীৰ নেতৃত্বত বনকৰ্মীৰ দলে হাতীৰ তাণ্ডৱৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা চলাই আহিছে যদিওঁ সম্পূৰ্ণ সফল হ’ব পৰা নাই। ফলত হাতীৰ তাণ্ডৱৰ পৰা ৰাইজক ৰক্ষা কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি ৰাণী অঞ্চলৰ এটা সজাতি দলে ১২ জুনত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অসম চৰকাৰৰ কৃষি মন্ত্ৰী পীযুষ হাজৰিকাক সাক্ষাৎ কৰি তেওঁৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বিশেষকৈ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰাণী, নালাপাৰা, বেলগুৰি, মৈৰাপুৰ, বিক্ৰমপুৰ, পুৰাণ শুকুৰবৰীয়া, মাণিকপুৰ খপেগাঁওকে ধৰি বৃহত্তৰ অঞ্চলটোৰ কেবাখনো গাঁৱৰ কৃষক ৰাইজৰ এটা প্ৰতিনিধি দলে বনৰীয়া হাতীৰ উপদ্ৰৱৰ সমস্যাৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ বুলি মন্ত্ৰী গৰাকীৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰখনত বৃহত্তৰ ৰাণীকে ধৰি দাঁতি কাষৰীয়া অঞ্চলত বনৰীয়া হাতীৰ অব্যাহত উপদ্ৰৱৰ ফলত কৃষকৰ খেতি-বাতি, সম্পত্তি আৰু জীৱন-জীৱিকাৰ ওপৰত পৰা ক্ষতিৰ কথা উল্লেখ কৰি সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে চৰকাৰৰ হস্তক্ষেপ কামনা কৰা হয়। কৃষকসকলে হাতী – মানুহৰ সংঘাট হ্ৰাস কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ আদায় দিয়াৰ ব্যবস্থা গ্ৰহণ কৰাৰ লগতে উপযুক্ত সুৰক্ষা আৰু সহায় আগবঢ়োৱাৰ দাবী উত্থাপন কৰে। আনহাতে মন্ত্ৰী পীযুষ হাজৰিকাই শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ সৈতে ৰাণী অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱৰ বিষয়টো আলোচনা কৰি চৰকাৰৰ ফালৰ পৰা এটা বাস্তবসন্মত সমাধানৰ পথ উলিয়াব বুলি সজাতি দলটোক আশ্বাস প্ৰদান কৰে।