প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবঙ্গৰ হুগলীৰ তাৰকেশ্বৰ পৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN)-ৰ ২৩ সংখ্যক কিস্তি মুকলি কৰে। এই উপলক্ষে দেশজুৰি ৯.৪৪ কোটিতকৈ অধিক কৃষকৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষভাৱে ১৮,৮৮০ কোটিতকৈ অধিক ধন স্থানান্তৰ কৰা হয়। এই কিস্তিৰ হিতাধিকাৰীৰ ভিতৰত ২.১৮ কোটিতকৈ অধিক মহিলা কৃষকো অন্তৰ্ভুক্ত হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী (MoPSW) সৰ্বানন্দ সোণোৱালে আজি বিয়লি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপ চৌহদত ভাৰ্চুৱেলী পিএম-কিষাণ সন্মান উৎসৱত যোগদান কৰে। এই অনুষ্ঠানত কৃষি বিভাগৰ বিষয়া, কৃষি বিজ্ঞানী, বিশেষজ্ঞ আৰু কৃষকসকল উপস্থিত আছিল। সমবেত লোকসকলক সম্বোধন কৰি সৰ্বানন্দ সোণোৱালে কয়, আজিৰ দিনটো কেৱল চৰকাৰী আঁচনিৰ আন এক কিস্তি মুকলি কৰাৰ দিন নহয়। ই হৈছে আমাৰ অন্নদাতাসকলৰ সৈতে চৰকাৰৰ আস্থা-বিশ্বাসৰ এক উদযাপনৰ দিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ নিশ্চিত কৰিছে যে কৃষকৰ কল্যাণ সদায় সুশাসনৰ কেন্দ্ৰবিন্দুত থাকিব লাগিব। অসমত পিএম-কিষাণ আঁচনিৰ প্ৰভাৱৰ কথা উল্লেখ কৰি সোণোৱালে কয় যে ৰাজ্যখনৰ ১৮.৫৬ লাখৰো অধিক কৃষকে ২৩ সংখ্যক কিস্তিৰ অধীনত সুবিধা লাভ কৰিছে আৰু ৩৭১ কোটিতকৈ অধিক ধন প্ৰত্যক্ষভাৱে তেওঁলোকৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হৈছে। আঁচনিখন আৰম্ভ হোৱাৰ পৰাই অসমৰ কৃষকসকলে মুঠ ৮,২৯২ কোটিতকৈ অধিক আৰ্থিক সহায় লাভ কৰিছে। “অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ চৰকাৰী কল্যাণমূলক আঁচনিৰ পৰা এতিয়া আৰু বঞ্চিত নহয়। অঞ্চলটোৰ কৃষকসকললৈ স্থানান্তৰ হোৱা এই ধনে সময়মতে বীজ ক্ৰয়, ঋণ নোলোৱাকৈ সাৰ ক্ৰয়, আত্মবিশ্বাসেৰে কৃষি বিনিয়োগ আৰু প্ৰয়োজনৰ সময়ত কৃষকসকলক যথেষ্ট উপকৃত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আধুনিক ভাৰতৰ গতিশীল আৰু প্ৰেৰণাদায়ক নেতা বুলি অভিহিত কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত স্বচ্ছতা, প্ৰযুক্তি আৰু নাগৰিকক প্ৰত্যক্ষভাৱে সবল কৰাৰ জৰিয়তে ভাৰতত কল্যাণমূলক ব্যৱস্থাৰ এক ঐতিহাসিক পৰিৱৰ্তন ঘটিছে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশত মধ্যভোগী আৰু ধন অপচয়ৰ যুগ শেষ হৈছে আৰু স্বচ্ছ আৰু জবাবদিহিমূলক পোনপটীয়া সুবিধা হস্তান্তৰ (DBT) ব্যৱস্থা গঢ়ি তোলা হৈছে। প্ৰধানমন্ত্ৰী মোদীজীৰ সুশাসনে নিশ্চিত কৰিছে যে সুবিধাসমূহ প্ৰত্যক্ষভাৱে উপযুক্ত হিতাধিকাৰীৰ ওচৰলৈ গৈছে। দৰিদ্ৰৰ বাবে নিৰ্ধাৰিত ধন মধ্যভোগীয়ে আত্মসাৎ কৰা যুগ প্ৰযুক্তিনিৰ্ভৰ শাসনৰ জৰিয়তে সমাপ্ত কৰা হৈছে। পিএম-কিষাণ এই ৰূপান্তৰৰ অন্যতম উৎকৃষ্ট উদাহৰণ, য’ত কোনো বিলম্ব, বৈষম্য বা অপচয় নোহোৱাকৈ কৃষকসকলৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষভাৱে আৰ্থিক সহায় উপলব্ধ কৰা হৈছে। ডিবিটি ব্যৱস্থাই ক্ষুদ্ৰ আৰু সীমান্তৱৰ্তী কৃষকসকলক শক্তিশালী কৰাৰ লগতে আৰ্থিক অন্তৰ্ভুক্তিকৰণ বৃদ্ধি কৰিছে আৰু গ্ৰাম্য পৰিয়ালসমূহক সময়মতে কৃষিত বিনিয়োগ কৰাৰ সুযোগ দিছে। “পিএম-কিষাণৰ সফলতাই দেখুৱাইছে যে প্ৰযুক্তি আৰু সুশাসনে কেনেকৈ তৃণমূল পৰ্যায়ত জীৱন উন্নত কৰিব পাৰে আৰু কৃষকসকলৰ মৰ্যাদা পুনৰুদ্ধাৰ কৰিব পাৰে। অসমৰ বিষয়ে সোণোৱালে কয় যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উৰ্বৰ ভূমি আৰু ৰাজ্যখনৰ কৃষকসকলৰ কঠোৰ পৰিশ্ৰমে ভাৰতৰ কৃষিগত বিকাশৰ কাহিনীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। দেশৰ ৭২৮খন জিলাত চলি থকা “খেত বচাও অভিযান” চলি আছে । যাৰ লক্ষ্য হৈছে ১ কোটিতকৈ অধিক কৃষকৰ মাজত বৈজ্ঞানিক কৃষি পদ্ধতি আৰু মাটিৰ গুণাগুণ ব্যৱস্থাপনাৰ প্ৰচাৰ কৰা। “যোৱা বাৰ বছৰে দেখুৱাইছে যে সুস্পষ্ট দৃষ্টিভংগী, সৎ ৰূপায়ণ আৰু কৃষকৰ কল্যাণৰ প্ৰতি অবিচল প্ৰতিশ্ৰুতিয়ে এখন দেশক কেনেকৈ ৰূপান্তৰিত কৰিব পাৰে। বিকশিত ভাৰত ২০৪৭ৰ যাত্ৰা আমাৰ গাঁওসমূহৰ শক্তি আৰু কৃষকসকলৰ সমৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰধানমন্ত্ৰী মোদীজীৰ নেতৃত্বত ভাৰতে এনে এক ভৱিষ্যৎ গঢ়ি তুলিছে য’ত প্ৰতিজন কৃষক শক্তিশালী, প্ৰতিখন গাঁও সুযোগৰ সৈতে সংযুক্ত আৰু প্ৰতিজন নাগৰিক ৰাষ্ট্ৰীয় উন্নয়নৰ অংশীদাৰ হৈছে।” “বিকশিত ভাৰতৰ চাৰি স্তম্ভ — গৰীব, যুৱপ্ৰজন্ম, অন্নদাতা আৰু নাৰী শক্তিক শক্তিশালী কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃঢ় প্ৰতিশ্ৰুতিয়ে গ্ৰাম্য ভাৰতৰ বাবে অভূতপূৰ্ব সুযোগ সৃষ্টি কৰিছে। যোৱা বাৰ বছৰত কৃষিক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন হৈছে । কৃষি বাজেট ২৭,৬৬৩ কোটিৰ পৰা বৃদ্ধি পাই ১.৪০ লাখ কোটিলৈ উন্নীত হৈছে, আৰু কৃষকসকলক সুলভ প্ৰতিষ্ঠানিক ঋণ প্ৰদানৰ বাবে দেশজুৰি প্ৰায় ৮ কোটি কিষাণ ক্ৰেডিট কাৰ্ড জাৰি কৰা হৈছে। মুখ্য শস্যসমূহৰ বাবে উৎপাদন ব্যয়ৰ প্ৰায় ডেৰগুণ ন্যূনতম সমৰ্থন মূল্য (Minimum Support Price) প্ৰদান কৰা হৈছে। ভাৰতৰ কৃষিক্ষেত্ৰৰ বৰ্ধিত শক্তিৰ কথাও উল্লেখ কৰি কয় যে কৃষি, সামুদ্ৰিক আৰু খাদ্য সামগ্ৰীৰ ৰপ্তানি বছৰি ৪ লাখ কোটিৰ সীমা অতিক্ৰম কৰিছে। আনহাতে কৃষি বিজ্ঞান কেন্দ্র, কামৰূপৰ মুখ্য ডঃ সোনমণি ভূঞাৰ পৰিচালনাত অনুষ্ঠিত অনুষ্ঠানটো সফলভাৱে সম্পন্ন কৰাত কেন্দ্ৰৰ ডঃ ইলাক্ষী ডেকা, ডঃ দৰদী প্ৰিয়ম দুৱৰা, জুৰি তালুকদাৰ, মধুস্মিতা ডেকা, অৰুপ কুমাৰ শৰ্মা, ৰাহুল ভৰদ্বাজকে ধৰি আন কৰ্মচাৰীসকলে সক্রিয় সহযোগিতা আগবঢ়ায়।
অনুষ্ঠানটো ‘খেত বচাও অভিযান’-ৰ সহযোগত আয়োজন কৰা হয়। এই উপলক্ষে পৰৱৰ্তী ধান খেতিৰ বাবে সেউজ সাৰ মাটিত চহাই সংযোজন (Green Manure Incorporation by Ploughing Down) সম্পর্কে এক প্রদর্শনীও অনুষ্ঠিত হয়। অনুষ্ঠানৰ অন্তত কৃষকসকলৰ সৈতে এক আন্তঃক্রিয়ামূলক আলোচনা অনুষ্ঠিত হয়, য’ত চৰকাৰী কল্যাণমূলক আঁচনি, বৈজ্ঞানিক কৃষি পদ্ধতি, বহনক্ষম কৃষি ব্যৱস্থা, কৃষকৰ আয় বৃদ্ধি আৰু জীৱিকা সুৰক্ষাৰ বিভিন্ন সুযোগ-সুবিধা সম্পর্কে বিস্তৃত আলোচনা কৰা হয় ।