ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন

0 41

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰস্থিত অগ্ৰণী যোগ শিক্ষা প্ৰতিষ্ঠান ‘দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। আৰম্ভণিতে সমূহীয়া যোগাভ্যাস কাৰ্যসূচীৰ বন্তি প্ৰজ্বলন কৰে দীক্ষা যোগ কেন্দ্ৰৰ জন্মলগ্নৰ পৰাই নিয়মিতভাৱে যোগ অনুশীলন কৰি অহা প্ৰশিক্ষাৰ্থী সুৰভী বৰুৱাই। অনুষ্ঠানটোত অন্নেষ গোষ্ঠীৰ সম্পাদক পৰীক্ষিত হালৈ, সভাপতি ডঃ দিলীপ কলিতা, ধাৰাপুৰ জ্যেষ্ঠ নাগৰিক সংস্থাৰ সম্পাদক ধনেশ্বৰ কলিতা, ধাৰাপুৰৰ বহু স্থায়ী বাসিন্দা আৰু দীক্ষা যোগ কেন্দ্ৰৰ বহু প্ৰশিক্ষাৰ্থী উপস্থিত থাকে। অনুষ্ঠানত বিশিষ্ট গল্পকাৰ তথা সমাজসেৱক জগদীশ গোস্বামীয়ে যোগৰ উপকাৰিতাৰ বিষয়ে আলোকপাত কৰে আৰু শাৰীৰিক,মানসিকভাৱে সুস্থ-সবল হৈ থাকিবলৈ নিয়মিতভাৱে যোগাভ্যাস কৰাৰ বাবে আহ্বান জনায়।
অনুষ্ঠানত কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থী অনুপমা দেৱী আৰু চন্দ্ৰা মণ্ডলে শাস্ত্ৰীয় ভংগীমাৰে সূৰ্য নমস্কাৰ প্ৰদৰ্শন কৰি উপস্থিত সকলোক আপ্লুত কৰে। তাৰ পিছত এইবাৰৰ আন্তৰ্জাতিক যোগ দিৱসৰ মূল বিষয়বস্তু সুস্থ বাৰ্ধক্যৰ বাবে যোগক উদ্দেশ্য কৰি দীক্ষা যোগ কেন্দ্ৰৰ প্ৰশিক্ষকসকলৰ তত্ত্বাৱধানত ঔঁকাৰ ধ্বনিৰে সমূহীয়া যোগাভ্যাস আৰম্ভ কৰা হয়।

Leave A Reply

Your email address will not be published.