আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন

0 48

ঐতিহ্যমণ্ডিত বৃটিছ সংসদৰ ১৫ নং কক্ষত যোৱা ১৭ জুনত গুৰুজনাৰ বৈষ্ণৱ সংস্কৃতি, আধ্যাত্মিক দৰ্শন প্ৰচাৰ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড০পীতাম্বৰ গোস্বামীদেৱলৈ আগবঢ়োৱা বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন অনুষ্ঠানত আজি বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে। সদৌ অসম ভাওনা সন্মিলনীৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অধ্যক্ষ দাসে গুৰুজনাৰ আধ্যাত্মিক বৰঙণিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উপৰি বিশ্ব দৰবাৰত গুৰুজনাৰ সৃষ্টি আৰু কৃষ্টিৰ বহুল প্ৰচাৰেৰে বিশ্বৰ জনসাধাৰণক তেখেতে আগবঢ়োৱা অমূল্য বৰঙণি অৱগত কৰাৰ দৃঢ় পদক্ষেপ গ্ৰহণৰো পোষকতা কৰে । এই সম্পৰ্কত তেওঁ কয় যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিশাল আধ্যাত্মিক বৰঙণি বিশ্ব দৰবাৰত প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰতে সীমাবদ্ধ নাৰাখি গুৰুজনাৰ কৃষ্টি আৰু সৃষ্টিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিলেহে সমগ্ৰ বিশ্বৰ জনসাধাৰণে গুৰুজনাৰ অনবদ্য বিশাল অৱদানৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ব । এই ক্ষেত্ৰত বৃটিছ সংসদত উপস্থাপন কৰাৰ লেখীয়াকৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তত অনুৰূপ পদক্ষেপ লোৱাৰ বাবে তেওঁ চৰকাৰৰ লগতে সত্ৰাধিকাৰ গৰাকীক আহ্বান জনায়। আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ গৰাকীয়ে এই দিশত গ্ৰহণ কৰি অহা সক্ৰিয় পদক্ষেপৰ বাবে অধ্যক্ষ গৰাকীয়ে সত্ৰাধিকাৰ গৰাকীৰ প্ৰতি বিশেষভাৱে কৃতজ্ঞতা প্ৰকাশ কৰে। অধ্যক্ষ গৰাকীয়ে লগতে সত্ৰাধিকাৰ গৰাকীয়ে গুৰুজনাৰ দৰ্শন, কৃষ্টি-সংস্কৃতিৰ বিষয়ে বৃটিছ সংসদৰ ১৫ নং কক্ষত প্ৰদান কৰা বক্তব্য জনসাধাৰণৰ বাবে সুলভ কৰাৰ বাবেও আহ্বান জনায় যাতে জনসাধাৰণ বিশেষকৈ নৱ প্ৰজন্মই এই বক্তব্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ গুৰুজনাৰ বিশাল অৱদান বিশ্ব মঞ্চত সজোৰে উপস্থাপন কৰাৰ বাবে অনুপ্ৰেৰণা লাভ কৰে।অনুষ্ঠানত আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড০পীতাম্বৰ গোস্বামীয়ে শেহতীয়া লণ্ডন ভ্ৰমণ তথা গুৰুজনাৰ কৃষ্টি-সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত গ্ৰহণ কৰা পদক্ষেপ তথা এই সম্পৰ্কে কৰণীয় বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি সাৱলীল বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত সাংসদ দিলীপ শইকীয়াকে ধৰি বিভিন্ন গণ্য–মান্য ব্যক্তিয়ে বক্তব্য প্ৰদান কৰে।
অনুষ্ঠানত সাংসদ বিজুলী কলিতা মেধি,নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° সমূদ্ৰ গুপ্ত কাশ্যপ, বিশিষ্ট কলা নিৰ্দেশক পদ্মশ্ৰী নুৰুদ্দিন আহমেদ, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া,সদৌ অসম ভাওনা সন্মিলনীৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি জয়ন্ত ডেকা, সদৌ অসম ভাওনা সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অশোক কুমাৰ শইকীয়া, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, বিশিষ্ট সমাজকৰ্মী মানিক গোস্বামী, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰকে ধৰি সুধীসমাজে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.