গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত কৃত্ৰিম বুদ্ধিমত্তা আৰু তথ্য প্ৰযুক্তি বিষয়ক গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভ

0 96

গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগে আজি গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচী–২০২৬ ৰ শুভাৰম্ভ কৰে। বিশ্ববিদ্যালয়খনত স্নাতক শিক্ষাৰ্থীৰ বাবে আয়োজন কৰা এইটো এতিয়ালৈকে সৰ্ববৃহৎ গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচী। কাৰ্যসূচীত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ বিভিন্ন ৰাজ্যৰ কেবাখনো শিক্ষানুষ্ঠানৰ মুঠ ২৮০ গৰাকী শিক্ষাৰ্থীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা (AI), মেচিন লাৰ্নিং, জেনেৰেটিভ AI, নেচাৰেল লেংগুৱেজ প্ৰচেছিং (NLP), চাইবাৰ সুৰক্ষা, কম্পিউটাৰ ভিজন, ডাটা ছায়েন্স, মাল্টিমিডিয়া, ভিএফএক্স (VFX), AI for Cognition আৰু কম্পিউটাৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং আদি ১১টা অত্যাধুনিক বিষয় এই ইণ্টাৰ্নশ্বিপৰ অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে দিনৰ ১০ বজাত বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত আয়োজিত এক অনুষ্ঠানত
এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষা আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ বিভিন্ন অনুষদৰ ডীন, জ্যেষ্ঠ বিষয়া, বিভাগীয় মুৰব্বী, শিক্ষক-শিক্ষয়িত্ৰী, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে অসম চৰকাৰে ৰাজ্যখনত তথ্য প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ এক শক্তিশালী পৰিৱেশ গঢ়ি তোলাৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। তথ্য প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা এতিয়া কেৱল আইটি উদ্যোগৰ মাজতেই সীমাবদ্ধ হৈ থকা বিষয় নহয় । ই প্ৰতিটো ক্ষেত্ৰ আৰু প্ৰতিটো পেছাৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে। আমাৰ যুৱ প্ৰজন্মক ভৱিষ্যতৰ উপযোগী ডিজিটেল দক্ষতাৰে সজ্জিত হ’ব লাগিব । যাতে তেওঁলোকে অসমৰ জ্ঞানভিত্তিক ডিজিটেল অৰ্থনীতি গঢ়ি তোলাত নেতৃত্ব দিব পাৰে। তেনেদৰে উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই ভাষণত বিশ্ববিদ্যালয়খনৰ ঐতিহ্য আৰু আধুনিক প্ৰযুক্তিৰ সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ব প্ৰাচীন বিশ্ববিদ্যালয় হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্ব হৈছে নিজৰ গৌৰৱময় শৈক্ষিক ঐতিহ্য অক্ষুণ্ণ ৰাখি ভৱিষ্যতৰ প্ৰযুক্তিক আদৰি লোৱা। তথ্য প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাক কেন্দ্ৰ কৰি আন্তঃবিষয়ক শিক্ষা, গৱেষণা আৰু উদ্ভাৱনক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় প্ৰতিশ্ৰুতিবদ্ধ। এনে পদক্ষেপে আমাৰ শিক্ষাৰ্থীসকলক বিশ্বব্যাপী ডিজিটেল জ্ঞানভিত্তিক অৰ্থনীতিত সফল হ’বলৈ প্ৰয়োজনীয় দক্ষতা প্ৰদান কৰিব। আনহাতে আৰম্ভণিতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰযুক্তিগুৰু অধ্যাপক শিখৰ কুমাৰ শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰি কয় যে এই ইণ্টাৰ্নশ্বিপ কাৰ্যসূচী ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP-2020)-ৰ ফলপ্ৰসূ ৰূপায়ণৰ এক উল্লেখযোগ্য পদক্ষেপ। ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি ইণ্টাৰ্নশ্বিপ এতিয়া স্নাতক শিক্ষাৰ এক অবিচ্ছেদ্য অংশ। এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন শাখাৰ শিক্ষাৰ্থীসকলে কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্নিং, চাইবাৰ সুৰক্ষা, ডাটা ছায়েন্স আৰু জেনেৰেটিভ AI-ৰ দৰে আধুনিক বিষয়ত হাতে-কলমে প্ৰশিক্ষণ লাভ কৰাৰ সুযোগ পাইছে। তথ্য প্ৰযুক্তি বিভাগে কেৱল পাঠদানতেই সীমাবদ্ধ নাথাকি পাঠ্যক্ৰম, গৱেষণা আৰু প্ৰশিক্ষণক সদায় আধুনিক প্ৰযুক্তি আৰু উদ্যোগৰ চাহিদাৰ সৈতে সামঞ্জস্য ৰাখি আগবঢ়াই আছে, যাতে অসমৰ যুৱ প্ৰজন্মক বিশ্বমানৰ দক্ষ পেছাদাৰী হিচাপে গঢ়ি তোলা যায়। উল্লেখ্য যে এই গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ কাৰ্যসূচী ২২ জুলাইলৈকে চলিব। তথ্য প্ৰযুক্তি বিভাগৰ বিশেষজ্ঞ শিক্ষক-শিক্ষয়িত্ৰী আৰু টিচিং এছিষ্টেণ্টসকলৰ তত্বাৱধানত বিভাগীয় পৰীক্ষাগাৰত এই প্ৰশিক্ষণ অনুষ্ঠিত হ’ব। কাৰ্যসূচীটোৰ সমন্বয়ৰ দায়িত্ব পালন কৰিছে বিভাগটোৰ ডঃ কিশোৰ কাশ্যপ আৰু অহিদুৰ জামানে। ৰাষ্ট্ৰীয় শিক্ষা নীতি–২০২০-ৰ লক্ষ্য অনুসৰি এই উদ্যোগৰ জৰিয়তে শিক্ষাৰ্থীসকলক ব্যৱহাৰিক জ্ঞান, আন্তঃবিষয়ক অভিজ্ঞতা আৰু উদ্যোগমুখী দক্ষতাৰে সমৃদ্ধ কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.