তিনিচুকীয়াত স্বাস্থ্য সেৱাৰ পৰ্যালোচনা, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নতুন ৰক্ত ভাণ্ডাৰৰ শুভ উদ্বোধন

0 39

অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি ডিব্ৰুগড় জিলাত প্ৰথম আনুষ্ঠানিক ভ্ৰমণ সম্পন্ন কৰি অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় আৰু জিলা স্বাস্থ্য ব্যৱস্থাৰ সামগ্ৰিক কাৰ্যকলাপৰ বিস্তৃত পৰ্যালোচনা কৰে।
পুৱা মন্ত্ৰীগৰাকীয়ে অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত উপস্থিত হৈ ছুপাৰ স্পেচিয়েলিটি ব্লক, মাতৃ আৰু শিশু স্বাস্থ্য ব্লক আৰু কেজুৱেল্টি ৱাৰ্ড পৰিদৰ্শন কৰে। তেওঁ চিকিৎসাধীন ৰোগীসকলৰ সৈতে মত বিনিময় কৰি চিকিৎসা সেৱাৰ মান, ঔষধৰ উপলব্ধতা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অন্যান্য সুবিধাসমূহৰ বিষয়ে বুজ লয়।

ইয়াৰ পাছত চিকিৎসা মহাবিদ্যালয় খনৰ অধ্যক্ষ, অধীক্ষক, বিভাগীয় মুৰব্বী, অধ্যাপক আৰু জ্যেষ্ঠ চিকিৎসকসকলৰ সৈতে অনুষ্ঠিত এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত চিকিৎসালয়খনৰ আন্তঃগাঁথনি, মানৱ সম্পদ, ৰোগী সেৱা ব্যৱস্থাপনা আৰু চলি থকা সম্প্ৰসাৰণ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বিশদ মূল্যায়ন কৰা হয়। মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য সেৱাৰ মান অধিক উন্নত কৰাৰ লক্ষ্যৰে কেইবাটাও কৌশলগত নিৰ্দেশনা প্ৰদান কৰে।পিছত তেওঁ ডিব্ৰুগড় জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত আন এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে।মন্ত্ৰীগৰাকীয়ে অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী আৰু ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ সকলো কৰ্মচাৰীৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ শলাগ লৈ অদূৰ ভৱিষ্যতে পুনৰ ডিব্ৰুগড় ভ্ৰমণ কৰি স্বাস্থ্য বিভাগৰ বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতি বিশদভাৱে পৰ্যালোচনা কৰাৰ কথাও উল্লেখ কৰে।এই ভ্ৰমণত স্বাস্থ্য মন্ত্ৰীগৰাকীৰ সৈতে উদ্যোগ, বাণিজ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়া আৰু ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন উপস্থিত থাকে।লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত-সচিব পি. অশোক বাবু, অতিৰিক্ত সচিব ড° প্ৰণতি গগৈ, চিকিৎসা শিক্ষা সঞ্চালক ডা° মনোজ কুমাৰ চৌধুৰী উপস্থিত থাকে।

ডিব্ৰুগড়ৰ কাৰ্যসূচীৰ পিছত অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত তেওঁ চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ লগতে উপলব্ধ স্বাস্থ্য সেৱা, আন্তঃগাঁথনি আৰু ৰোগীসেৱাৰ মানদণ্ডৰ বুজ লয়।ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ, চিকিৎসক আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত পৰ্যালোচনা বৈঠকত চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন দিশৰ লগতে তিনিচুকীয়া জিলা স্বাস্থ্য বিভাগৰ কাৰ্যকলাপ, স্বাস্থ্য সূচক, সেৱা প্ৰদান ব্যৱস্থা আৰু চলি থকা উন্নয়নমূলক পদক্ষেপসমূহৰ অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনা কৰে। তেওঁ স্বাস্থ্য সেৱাৰ গুণগত মান অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় দিক-নিৰ্দেশনা আগবঢ়ায়।

ভ্ৰমণসূচীৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নতুন ৰক্ত ভাণ্ডাৰৰ শুভ উদ্বোধন কৰে। এই নতুন সুবিধাই জৰুৰীকালীন চিকিৎসা, অস্ত্ৰোপচাৰ, মাতৃ স্বাস্থ্য আৰু অন্যান্য বিশেষ চিকিৎসা সেৱাত ৰক্তৰ সহজলভ্যতা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

তিনিচুকীয়াৰ কাৰ্যসূচীত স্বাস্থ্য মন্ত্ৰীগৰাকীৰ সৈতে শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া, মাকুম সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, তিনিচুকীয়া সমষ্টিৰ বিধায়ক পুলক গোসাঁই, মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন উপস্থিত থাকে। তদুপৰি তিনিচুকীয়া জিলা আয়ুক্ত সুমিত সত্ৰৱান, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত-সচিব পি. অশোক বাবু, অতিৰিক্ত সচিব ড° প্ৰণতি গগৈ, চিকিৎসা শিক্ষা সঞ্চালক ডা° মনোজ কুমাৰ চৌধুৰী উপস্থিত থাকে।

ইয়াৰ পাছত, নিৰ্মীয়মাণ চৰাইদেউ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত জিলা আয়ুক্তৰ কাৰ্যালয়ত চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগৰ, যক্ষ্মা নিৰ্মূল অভিযান, মাতৃ আৰু শিশু স্বাস্থ্যকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ স্বাস্থ্য সূচকৰ অগ্ৰগতিৰ খতিয়ান লয়। তেওঁ সময়সীমাৰ ভিতৰত লক্ষ্য পূৰণ, ক্ষেত্ৰ পৰ্যায়ত অধিক তদাৰকী আৰু জবাবদিহিতা শক্তিশালী কৰি গুণগত স্বাস্থ্য সেৱা নিশ্চিত কৰিবলৈ বিষয়াসকলক আহ্বান জনায়।

Leave A Reply

Your email address will not be published.