খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ

0 33

অসম চৰকাৰৰ বন বিভাগৰ উদ্যোগত ৰাজ্যজুৰি চলি থকা বন মহোৎসৱ সপ্তাহৰ আজি সামৰণি পৰে। আনহাতে বন মহোৎসৱ সপ্তাহৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভাগীয় নিৰ্দেশনা অনুসৰি ৰাজ্যৰ সকলো খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া অঞ্চলত বাট – পথ আৰু মুকলি স্থান সমূহত গছপুলি ৰোপণ কৰা হয়। আনহাতে পূব গুৱাহাটী বন সংমণ্ডলৰ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইলৰ পৰা অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ জালুকবাৰী সংৰক্ষিত বনাঞ্চলৰ দাঁতিত থকা অংশখিনীত মঙলবাৰে গছপুলি ৰোপণ কৰা হয়। খণ্ড বন বিষয়া পাপৰি কছাৰীৰ নেতৃত্বত খানামুখ খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীসকলে আজাৰ, কৃষ্ণচূড়া , অৰ্জুন, আমলখি, মেহগনি, মহানিমকে ধৰি অসমৰ পাৰিপাৰ্শ্বিক জলবায়ুৰ লগত খাপ খোৱা থলুৱা প্ৰজাতিৰ প্ৰায় ১০০ টা বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়। ইয়াৰে উপৰিও গছপুলিসমূহ যাতে গৰু বা ছাগলীয়ে খাব নোৱাৰে তাৰ বাবে ৰোপণ চেকাৰ দিয়া হয়। এই সন্দৰ্ভত খণ্ড বন বিষয়া পাপৰি কছাৰীয়ে জানিবলৈ দিয়া মতে আজি ৰোপণ কৰা গছপুলিসমূহ ডাঙৰ নোহোৱালৈকে তেওঁলোকে প্ৰতিপালন কৰিব। একেদৰে কাৰ্যসূচীৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয় ইংলিছ মডেল হাইস্কুলত ছাত্ৰ – ছাত্ৰীৰ মাজত গছপুলি বিতৰণ কৰা হয়।

Leave A Reply

Your email address will not be published.