উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ

0 13

এয়া এক দহ বছৰীয়া যাত্ৰা—যি যাত্ৰা কেতিয়াও মসৃণ নাছিল। এই যাত্ৰাৰ আৰম্ভণি হৈছিল ২০১৬ চনৰ ১৫ আগষ্টত। সেইদিনাই আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিছিল অসমৰ প্ৰথমটো ইতিবাচক খবৰৰ নিউজ প’ৰ্টেল এন ই ফ’কাচ ডট কমে। উদ্দেশ্য আছিল এটাই—খবৰৰ জৰিয়তে জাতি তথা সমাজৰ বাবে এক সুস্থ আৰু ইতিবাচক পৰিৱেশ গঢ়ি তোলা।

প্ৰশ্ন হয়, যোৱা দহটা বছৰে আমি কি কৰিলোঁ?

যোৱা দহটা বছৰে ব্যৱসায়িক লাভালাভৰ কথা চিন্তা নকৰি সততা আৰু নিষ্ঠাৰে খবৰ পৰিৱেশন কৰিলো। খবৰৰ ভিৰত হেৰাই যোৱা খবৰক গুৰুত্ব দিছো, সমাজত সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তা বিলাইছোঁ। বিশেষকৈ উন্নয়নমূলক সাংবাদিকতাৰ এক শক্তিশালী ভেটি গঢ়ি তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছোঁ।

কেৱল সংবাদ পৰিৱেশনতে সীমাবদ্ধ নাথাকি বিভিন্ন সামাজিক কাম-কাজৰ জৰিয়তে সমাজ পৰিৱৰ্তনৰ বাৰ্তা প্ৰচাৰ কৰাৰ প্ৰয়াস কৰিছোঁ। সমসাময়িক আৰু গৱেষণালব্ধ বিষয়ক কেন্দ্ৰ কৰি পৰ্যটন প্ৰসাৰ, জলবায়ু পৰিৱৰ্তন, ব্ৰহ্মপুত্ৰ নদীৰ ভাৰসাম্যতা, অতীতৰ সংৰক্ষণ আৰু ভৱিষ্যতৰ সুৰক্ষা, ভূমিকম্পৰ সজাগতা তথা স্বাস্থ্য সজাগতা আদি বিষয়ত বিভিন্ন আলোচনা-সন্মিলন অনুষ্ঠিত কৰি সমাজত চিন্তাৰ কৰ্ষণ কৰাৰ প্ৰয়াস কৰিছোঁ। লগতে বিশেষজ্ঞ, বুদ্ধিজীৱী, পৰিকল্পনাকাৰী আমোলাতন্ত্ৰৰ মাজত সমন্বয়-সহযোগিতা স্থাপনৰ প্ৰয়াস কৰা কৰিলো।

আনহাতে, সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে এন ই ফ’কাচ গ্ল’ৰী এৱাৰ্ড অনুষ্ঠিত কৰি সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক সন্মান জনাই আহিছোঁ। শেহতীয়াকৈ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় হৈ আৰ্তজনক কিছু সকাহ দিয়াৰো প্ৰয়াস কৰিছোঁ।

অৱশ্যে, এই সকলোবোৰ সম্ভৱপৰ হৈ উঠিছে কেৱল আপোনালোকৰ আশীৰ্বাদ, মৰম আৰু সহযোগিতাৰ ফলত। এন ই ফ’কাচৰ এই দহ বছৰীয়া যাত্ৰাত যিসকল শুভাকাংক্ষী, পাঠক, সাংবাদিক বন্ধু আৰু সহযাত্ৰীসকলে প্ৰতিটো কঠিন সময়ত আমাৰ কাষত থিয় দিছে আৰু এন ই ফ’কাচৰ উত্তৰণৰ বাবে হাত আগবঢ়াইছে, এই বিশেষ ক্ষণত তেওঁলোক প্ৰতিগৰাকীলৈ জনাইছোঁ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ।

আগন্তুক দিনবোৰতো আপোনালোকৰ একেই মৰম, আশীৰ্বাদ আৰু সহযোগিতা লাভ কৰিম বুলি আন্তৰিকভাৱে আশা কৰিলোঁ। আপোনালোকৰ বিশ্বাস আৰু সহযোগিতাই আমাৰ অনুপ্ৰেৰণাৰ মূল শক্তি।

দহ বছৰ সম্পূৰ্ণ হ’ল, কিন্তু যাত্ৰা এতিয়াও অব্যাহত।
ইতিবাচক সাংবাদিকতা আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰ এই যাত্ৰা আগলৈও অবিৰত থাকক—এয়াই আমাৰ সংকল্প।
ধন্যবাদেৰে
সংগীতা শইকীয়া
সম্পাদক
এন ই ফ’কাচ ডট কম

Leave A Reply

Your email address will not be published.