ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান

0 137

পঞ্জাব নেচনেল বেংক ঢকুৱাখনা শাখাই আকস্মিক মৃত্যুক সাৱটি লোৱা দীপা হাজৰিকা ভৰালীৰ বীমা দাবী নিষ্পত্তিৰ উদ্দেশ্যে শুক্ৰবাৰে এক বিশেষ দাবী নিষ্পত্তি অনুষ্ঠানৰ আয়োজন কৰে। ঢকুৱাখনাৰ আখৈফুতীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী, ঢকুৱাখনা শাখাৰ দৰমহা একাউণ্টধাৰী ভৰালী এক পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লৈছিল । প্ৰয়াত শিক্ষয়িত্ৰী গৰাকীৰ আত্মীয়ই বেংকৰ দৰমহা একাউণ্টৰ সৈতে সংযুক্ত বীমা সুবিধাৰ অধীনত আবেদন কৰাৰ পৰৱৰ্তী সময়ত শুক্ৰবাৰে বেংকে ১ কোটি টকাৰ Personal Accident Death Insurance Claim নিষ্পত্তি কৰি আত্মীয়ৰ হাতত ১ কোটি টকাৰ চেক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে ।

ঢকুৱাখনা নতুন আৱৰ্ত ভৱনত অনুষ্ঠিত উক্ত অনুষ্ঠানত ঢকুৱাখনা সমজিলাৰ সমজিলা আয়ুক্ত অপূৰ্ব কুমাৰ নাথ ,বেংকটোৰ চাৰ্কোল হেড সুধীৰ কুমাৰ ঝা ,লখিমপুৰস্থ লীড বেংক মেনেজাৰ এডৱিন এদিছন, চিফ মেনেজাৰ ৰিতেশ শ্ৰীবাস্তব, , ঢকুৱাখনা শাখাৰ শাখা প্ৰবন্ধক মানচাইলুম চাইটম ,ঘিলামৰা শাখাৰ প্ৰবন্ধক বাপ্পী দাস , এফ এল চি তিলক চন্দ্ৰ কুটুমকে ধৰি অন্যান্য বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

অনুষ্ঠানত চাৰ্কোল হেড সুধীৰ কুমাৰ ঝাই PNB Optima Salary Account-ৰ অধীনত উপলব্ধ বিভিন্ন বীমা আৰু আৰ্থিক সুবিধাসমূহৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে। তেওঁ দৰমহা একাউণ্টে একাউণ্টধাৰী আৰু পৰিয়ালক ব্যাপক আৰ্থিক সুৰক্ষা প্ৰদান কৰে বুলি উল্লেখ কৰে। ইয়াৰ ভিতৰত ১ কোটি টকাৰ Personal Accident Death Cover, ২ কোটি টকাৰ Air Accident Cover, ১ কোটি টকাৰ Permanent Total Disability Cover আৰু সৰ্বাধিক ৫০ লাখ পৰ্যন্ত Permanent Partial Disability Cover কৰে বুলি কৈ দৰমহা একাউণ্টত ৫ লাখৰ Term Insurance, ,৫ লাখৰ Spouse Death Cover, দুগৰাকী সন্তানৰ বাবে প্ৰতিগৰাকীৰ ৫ লাখকৈ কভাৰ, সৰ্বাধিক ৫ লাখ পৰ্যন্ত Children’s Education Cover আৰু প্ৰতিগৰাকী কন্যা সন্তানৰ বাবে সৰ্বাধিক ১০ লাখ পৰ্যন্ত Girl Child Marriage Cover আদি সুবিধাও উপলব্ধ বুলি কয় । ইয়াৰ উপৰি প্ৰযোজ্য নিয়ম আৰু চৰ্ত অনুসৰি জৰুৰীকালীন চিকিৎসা ব্যয়, Ambulance আৰু Air Ambulance সেৱা, Funeral Expenses আৰু Hospicash আদিৰ বাবেও বীমা সুবিধা উপলব্ধহোৱাৰ তথ্য দোহাৰি
PNB Optima Salary Account-এ অন্যান্য বেংকিং সুবিধাও উল্লেখ কৰি Zero-Balance Salary Account, Free RuPay Select Debit Card, মাহিলী Gross Salary-ৰ ১.৫ গুণ পৰ্যন্ত সীমাৰ Lifetime-Free Credit Card, Domestic আৰু International Airport Lounge Access, Locker Concession আৰু Housing, Vehicle আৰু Education Loan-ৰ Upfront Charges-ৰ ওপৰত ১০০% ৰেহাইৰ তথ্য সদৰী কৰে ।অনুষ্ঠানত দৰমহা একাউণ্টৰ সৈতে সংযুক্ত Term Insurance সুবিধাৰ অধীনত হিতাধিকাৰীগৰাকীয়ে ইয়াৰ পূৰ্বে ১০ লাখ লাভ কৰিছিল। বৰ্তমান ১ কোটি টকাৰ দাবী নিষ্পত্তিৰ ফলত দৰমহা একাউণ্টৰ সৈতে সংযুক্ত বীমা সুবিধাৰ জৰিয়তে পৰিয়ালটোৱে মুঠ ১.১০ কোটি টকাৰ আৰ্থিক সুবিধা লাভ কৰা বুলি সদৰী কৰে শীৰ্ষ বিষয়া সকলে।

অনুষ্ঠানত “লীড ডিষ্ট্ৰিক্ট মেনেজাৰ” এডউইন এডিছনে বিভিন্ন চৰকাৰী সামাজিক সুৰক্ষা আঁচনিৰ সুবিধা আৰু গুৰুত্বৰ বিষয়ে অৱগত কৰে। বিশেষকৈ প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (PMSBY), প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (PMJJBY) আৰু অটল পেঞ্চন যোজনা (APY)-ৰ বিষয়ে তেওঁ বিস্তৃত ব্যাখ্যা কৰে। যোগ্য লোকসকলে যাতে এই সামাজিক সুৰক্ষা আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিব পাৰে, তাৰ বাবে জনসাধাৰণৰ মাজত অধিক সজাগতা সৃষ্টি কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।
অনুষ্ঠানত সমজিলা আয়ুক্ত অপূৰ্ব কুমাৰ নাথে বেংকটোৰ দৰমহা একাউণ্টৰ বিভিন্ন সুবিধা আৰু চৰকাৰৰ সামাজিক সুৰক্ষা আঁচনিসমূহৰ বিষয়ে জনসাধাৰণৰ মাজত অধিক সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ দৰমহা একাউণ্টৰ সৈতে সংযুক্ত বীমা সুবিধাৰ জৰিয়তে শোকসন্তপ্ত পৰিয়ালটোক উল্লেখযোগ্য আৰ্থিক সহায় আগবঢ়োৱাৰ বাবে পঞ্জাব নেচনেল বেংকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.