অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম

0 38

অসমৰ ৰাজহুৱা স্বাস্থ্য সেৱা ব্যৱস্থাক অধিক শক্তিশালী আৰু দক্ষ কৰি তোলাৰ লক্ষ্যৰে নাৰ্ছসকলৰ জ্ঞান, দক্ষতা আৰু পেছাগত সক্ষমতা বৃদ্ধিৰ বাবে আজি গুৱাহাটীৰ জি এম চি এইচৰ চি এন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এক নতুন গাঁথনিবদ্ধ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে নাৰ্ছসকলক স্বাস্থ্যসেৱা ব্যৱস্থাৰ অন্যতম মূল চালিকাশক্তি হিচাপে অভিহিত কৰি তেওঁলোকৰ নিৰন্তৰ দক্ষতা বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।অসম চৰকাৰৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ উদ্যোগত আৰু অসম স্বাস্থ্য আন্তঃগাঁথনি উন্নয়ন আৰু ব্যৱস্থাপনা সমিতিৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটোত নাৰ্ছসকলৰ বাবে প্ৰস্তুত কৰা মানক কাৰ্যপদ্ধতি, প্ৰশিক্ষণ কাৰ্যপৰিকল্পনা আৰু প্ৰশিক্ষণ বহী আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

সভাত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে ৰোগীক উন্নতমানৰ, সুৰক্ষিত আৰু মানৱিক স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত নাৰ্ছসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। স্বাস্থ্যসেৱা ব্যৱস্থা যিমানেই আধুনিক নহওক কিয়, দক্ষতা আৰু মানৱিক দৃষ্টিভংগীৰে সেৱা আগবঢ়োৱা নাৰ্ছিং কৰ্মীৰ অবিহনে উন্নত স্বাস্থ্যসেৱা নিশ্চিত কৰা সম্ভৱ নহয়। সেয়েহে সময়ৰ পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি নাৰ্ছসকলৰ জ্ঞান আৰু ব্যৱহাৰিক দক্ষতা নিৰন্তৰ উন্নত কৰি নিয়াটো প্ৰয়োজনীয় বুলি তেওঁ উল্লেখ কৰে।এই উদ্দেশ্যে ৰাজ্যজুৰি নাৰ্ছসকলৰ বাবে গাঁথনিবদ্ধ প্ৰশিক্ষণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিয়মীয়া আৰু পৰিকল্পিত প্ৰশিক্ষণৰ জৰিয়তে নাৰ্ছসকলক আধুনিক চিকিৎসা পদ্ধতি, ৰোগীৰ সুৰক্ষা, সেৱাৰ গুণগত মান আৰু পেছাগত দায়িত্বৰ ক্ষেত্ৰত অধিক দক্ষ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। প্ৰশিক্ষণ বহীৰ জৰিয়তে প্ৰতিগৰাকী নাৰ্ছৰ প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ অগ্ৰগতি সুসংগঠিতভাৱে অনুসৰণ কৰাৰ ব্যৱস্থাও কৰা হৈছে।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ মাজত সুস্থ প্ৰতিযোগিতা আৰু উত্তম কৰ্মপদ্ধতিৰ পৰিৱেশ গঢ়ি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ প্ৰতিখন স্বাস্থ্য প্ৰতিষ্ঠানতে প্ৰতিমাহে কৰ্মদক্ষতা, সেৱাৰ মানদণ্ড আৰু ৰোগীৰ প্ৰতি দায়বদ্ধতাৰ ভিত্তিত এগৰাকী ‘শ্ৰেষ্ঠ নাৰ্ছ’ নিৰ্বাচন কৰি স্বীকৃতি আৰু পুৰস্কাৰ দিয়াৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে।

তেওঁ কয় যে স্বাস্থ্যকৰ্মীসকলৰ ভাল কামক স্বীকৃতি দিয়াৰ ফলত তেওঁলোক অধিক উৎসাহিত হ’ব আৰু সেৱাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ইতিবাচক প্ৰতিযোগিতাৰ সৃষ্টি হ’ব। একেদৰে প্ৰতিখন স্বাস্থ্য প্ৰতিষ্ঠানত সফলতাৰে ৰূপায়ণ কৰা ‘শ্ৰেষ্ঠ কৰ্মপদ্ধতি’ চিনাক্ত কৰি সেইসমূহ আন স্বাস্থ্য প্ৰতিষ্ঠানলৈ সম্প্ৰসাৰণ কৰাৰ বাবেও তেওঁ আহ্বান জনায়। এখন প্ৰতিষ্ঠানৰ সফল পদক্ষেপ আন প্ৰতিষ্ঠানসমূহে গ্ৰহণ কৰিলে সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য সেৱাৰ মান অধিক উন্নত কৰিব পৰা যাব বুলি তেওঁ মত প্ৰকাশ কৰে।

ইফালে, ৰাজহুৱা স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত অসমৰ আন এক উল্লেখযোগ্য সাফল্যৰ কথা উল্লেখ কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত অসমে দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ DVDMS Central Dashboard-ৰ ৰাজ্যিক ৰেংকিঙত অসমে এই স্থান লাভ কৰিছে। ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠানসমূহত ৰোগীৰ বাবে অত্যাৱশ্যকীয় ঔষধৰ নিশ্চিত উপলব্ধতা আৰু প্ৰাপ্যতাৰ ওপৰত ভিত্তি কৰি এই মূল্যায়ন কৰা হৈছে।

উল্লেখ্য যে, আজিৰ অনুষ্ঠানত চিকিৎসা শিক্ষা সঞ্চালক অধ্যাপক ডাঃ মনোজ কুমাৰ চৌধুৰী, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ জ্যেষ্ঠ বিষয়া প্ৰণৱ শৰ্মা, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডাঃ সুজিত বৰ্ধন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ বাবুল বেজবৰুৱাকে ধৰি অসমৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.