বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান

0 42

বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত খানামুখ খণ্ড বন বিষয়া কাৰ্যালয়ৰ খণ্ড বিষয়া পাপৰি কছাৰীয়ে বন্যপ্ৰাণী সংৰক্ষণত দেখুওৱা দক্ষতাৰ বাবে তেওঁক বিশেষ বঁটা প্ৰদানৰে সন্মানিত কৰা হৈছে। ৭২ সংখ্যক বন্যপ্রাণী সপ্তাহৰ সামৰণিৰ লগত সংগতি ৰাখি ৬ অক্টোবৰত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ চৌহদৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত অসম চৰকাৰৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক তেওঁ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে বঁটা আৰু মানপত্ৰ প্ৰদান কৰে। গুৱাহাটীৰ শ্ৰীশ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত অনুষ্ঠিত এক’ অনুষ্ঠানত বনমন্ত্রী জয়ন্ত মল্ল বৰুৱাই পাপৰি কছাৰীক এই বিশেষ বঁটা আৰু মানপত্ৰ প্ৰদান কৰে। অনুষ্ঠানত বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বী সন্দীপ কুমাৰকে ধৰি বন বিভাগৰ কেবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে। উল্লেখ্য যে যোৱা ৩১ জুলাইত নিশা নিজৰ জীৱন বিপন্ন কৰিও সীমিত সংখ্যক বনকৰ্মীক লগত লৈ পাপৰি কছাৰীয়ে জালুকবাৰী সমষ্টিৰ আজাৰা থানা এলেকাৰ ধাৰাপুৰ গাঁৱত অভিযান চলাই দুটাকৈ মূল্যবান হাতীৰ দাত উদ্ধাৰ কৰাৰ লগতে বন্যপ্ৰাণী অংগৰ চোৰাং সৰবৰাহৰ লগত জড়িত দুজন লোকক আটক কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পূৰ্বে মানস ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত হৈ থাকোঁতেও বন্যপ্ৰাণী সংৰক্ষণত দেখুওৱা পাৰদৰ্শিতা আৰু চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা দুঃসাহসিক অভিযানৰ বাবে ২০২৫ চনত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসত নতুন দিল্লীত কেন্দ্ৰীয় বন মন্ত্ৰীয়ে তেওঁক বঁটা প্ৰদানৰে সন্মানিত কৰিছিল।

Leave A Reply

Your email address will not be published.