দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে

0 45

অসমৰ সমাজ জীৱনত মহিলাৰ দিহানামে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ লোক বাস কৰা হিন্দু ধৰ্মালম্বী লোকৰ বসতি প্ৰধান অঞ্চল সমূহত থকা সত্ৰ আৰু নামঘৰ সমুহক কেন্দ্ৰ কৰি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্রীমাধৱদেৱৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে দিহানাম সমুহ প্ৰচলিত হৈ আহিছে। সময়ৰ সোঁতত কালক্ৰমত বিহু হুঁচৰিৰ দৰে এই দিহানাম সত্ৰ আৰু নামঘৰৰ চাৰিবেৰৰ পৰা মঞ্চলৈ ওলাই আহিছে। আনকি দিহানামক কেন্দ্ৰ কৰি আজি কিছু বছৰৰ পৰা বিভিন্ন দল – সংগঠনে ৰাজ্যিক , জিলা বা আঞ্চলিক ভিত্তিত প্ৰাইজমানি প্ৰতিযোগিতাও অনুষ্ঠিত কৰি অহা দেখা গৈছে। ইয়ে দিহানামক অধিক জনপ্ৰিয় কৰি তোলাও পৰিলক্ষিত হৈছে। আগতে সত্ৰ বা নামঘৰত কেৱল বয়োজ্যেষ্ঠ মহিলা সকলে দিহানাম পৰিবেশন কৰা দেখা গৈছিল। কিন্তু আজিকালি বিদ্যালয় – মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী তথা যুৱতী সকলেও দিহানাম পৰিবেশন কৰা পৰিলক্ষিত হৈছে। ইফালে মহাপুৰুষ দুজনাৰ নৱ বৈষ্ণৱ ধৰ্মৰ মূল নাম-কীর্তনৰ লগতে হিন্দু ধৰ্মৰ দেৱ – দেৱীক সাৰোগত কৰি অসমৰ বেছিভাগ অঞ্চলত গঢ়ি উঠিছে মহিলা দিহানামৰ দল। তেনে এটা মহিলা নামতি দল হল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিৰ বৃহত্তৰ খানামুখ অঞ্চলৰ জ্ঞানমালিনী বিকশিত নামতি দল । এই সন্দৰ্ভত খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলৰ সভানেত্ৰী পূৰ্ণিমা কলিতা আৰু সম্পাদিকা তথা মূখ্য নামতি জুমি কলিতাই জানিবলৈ দিয়া মতে ২০১৭ চনত প্ৰথমতে খানামুখ অঞ্চলৰ ১২ জনী মান মহিলা – যুৱতীয়ে লগ হৈ ভক্তিৰসৰ অমিয়া বিলাবৰ বাবে নামতি দল গঠন কৰিছিল। বৰ্তমান দলটোৰ সদস্যাৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পাইছে। দলটোৰ সদস্যা সকল হল ক্ৰমে – প্ৰতিষ্ঠাপক সভানেত্ৰী শেৱালী কুমাৰী দাস, জুনু দাস, মীনা দাস, অঞ্জুমণি কলিতা বৰ্মন, সুজলা কলিতা , দেৱজানি কলিতা ( তুতু) , অণিমা কলিতা (মামণি ) , নীলিমা কলিতা, লক্ষ্মী ঠাকুৰীয়া, নৱনীতা কলিতা, দুলুমণি দাস আৰু গিনীমা দাস । অৱশ্যে ইয়াৰ মাজতে যোৱা ২১ জুনত আন এজন প্ৰতিষ্ঠাপক সদস্যা গীতাৰাণী বৈশ্য ( বুবু) ৰ অসুখত ভুগি অকাল মৃত্যু হৈছে। তেওঁলোকৰ দলটোৱে জন্মলগ্নৰে পৰা নাম- কীৰ্তনৰ মাজেৰে আকাশ-বতাহ মুখৰিত কৰি তোলাৰ লগতে অঞ্চলটোত সমন্বয়ৰ বান্ধোন গঢ়ি তুলিবলৈ সক্ষম হৈছে। তাৰ মাজতে বিভিন্ন দিহানামৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি ব্যক্তিগত শাখাত মুখ্য নামতি জুমি কলিতাই শ্ৰেষ্ঠ নামতিৰ সন্মান লাভ কৰাৰ লগতে দলগতভাৱেও বিভিন্ন পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আনকি ২০১৮ চনত পৱিত্ৰ ভাদ মাহত প্ৰথমবাৰৰ বাবে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙত তাৰ অসমীয়া সমাজৰ নিমন্ত্ৰণ ক্ৰমে – ধানখেতিস্থিত শ্ৰী শ্ৰী মাধৱদেৱ নামঘৰ, লাবানৰ অসমীয়া নামঘৰ আৰু বিষ্ণুপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ চৌহদত থকা শঙ্কৰদেৱ নামমঘৰত দিহানাম পৰিবেশন কৰি শ্বিলঙৰ অসমীয়াবাসী ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছিল। পৰৱৰ্তী সময়ত ২০২২ চনত পৱিত্ৰ ভাদ মাহত আকৌ বিষ্ণুপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰত তেঁওলোকৰ আমন্ত্ৰণ ক্ৰমে আকৌ নাম পৰিবেশন কৰিছিল। তাৰ পাছত ২০২৪ বৰ্ষত পৱিত্ৰ ভাদ মাহত মেঘালয়ৰ ৰি-ভয় জিলাৰ নংপোৰ সমীপৰ মাৰঙাত আৰু তাৰ অসমীয়া সমাজৰ আমন্ত্ৰণ ক্ৰমে তাত শঙ্কৰদেৱ সংঘৰ প্ৰাথমিক শাখাৰ নামঘৰ উমিয়াম তথা বৰাপানীস্থিত জলবিদ্যুৎ শক্তি উৎপাদন কেন্দ্ৰ চৌহদৰ অসমীয়া নামঘৰত দিহানাম পৰিবেশন কৰি সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ২০২৫ বৰ্ষৰ ভাদ মাহত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ নিলগৰ মেঘালয়ৰ ৰি-ভয় জিলাৰ মহকুমা সদৰ পাথৰখামাৰ সমীপৰ ৰাভা জনগোষ্ঠীৰ দুখন বসতি প্ৰধান গাওঁ ক্ৰমে – উমচাওঁ বাৰেগাঁৱৰ শ্ৰী শ্ৰী কলীয়া ঠাকুৰ নামঘৰ আৰু চিক্লনি কলনীৰ টেনচন ফ্ৰি মঞ্চত দিহানাম পৰিবেশন কৰি অঞ্চলটোৰ ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল। আনহাতে যোৱা ভাদ মাহৰ শেহৰ ফালে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ মহা প্ৰয়াণ হোৱা পশ্চিমবংগৰ কোচবিহাৰত থকা ঐতিহাসিক মধুপুৰ ধাম সত্ৰত দুটা দিন তাত থাকি নাম পৰিবেশন কৰিছিল। পাছত এই বিষয়ে অৱগত হৈ কোচবিহাৰত থকা মহাৰাজা নৰনাৰায়ণৰ বংশধৰ, কোচবিহাৰৰ ৰাজ পৰিয়ালৰ সভাপতি কুমাৰ জিতেন্দ্ৰ নাৰায়ণ, সচিব কুমাৰ ব্ৰজেন্দ্র নাৰায়ণ আৰু মুখপাত্ৰ কুমাৰ মৃদুল নাৰায়ণে দলটোক গুৱাহাটীলৈ উভতি অহাৰ সময়ত কোচবিহাৰৰ এখন হোটেলত আদৰণি জনাই মত বিনিময় কৰিছিল । আনহাতে খানামুখকে ধৰি দাঁতি কাষৰীয়া অঞ্চলত কোনো ব্যক্তি বা অনুষ্ঠান – প্ৰতিষ্ঠান সমুহৰ ধৰ্মীয় বা আন কোনো মাংগলিক কাৰ্যত আমন্ত্ৰণ জনালে তেঁওলোকৰ দলটোৱে দিহানাম পৰিবেশন কৰে বুলি সভানেত্ৰী পূৰ্ণিমা কলিতা আৰু সম্পাদিকা জুমি কলিতাই জানিবলৈ দিছে। দিহানাম যাতে শুদ্ধ ৰূপত পৰিবেশন কৰা হয় তাৰ ওপৰতো তেঁওলোকৰ দলটোৱে সদায় গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁলোকৰ মূল লক্ষ্য হৈছে অসমীয়া সংস্কৃতিৰ অন্যতম অংগ স্বৰূপ দিহানামক বিশ্বৰ দৰবাৰলৈ নি তাক শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰা।

Leave A Reply

Your email address will not be published.