কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ৩.২ বিলিয়ন ডলাৰৰ ষ্টাৰ্টআপৰ বাবে টেষ্টিং আন্তঃগাঁথনি নিৰ্মাণ অসমৰ ছাত্ৰৰ

0 50

ভাৰতৰ টেক খণ্ডই নেক্সট জেন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু ক্লাউড দক্ষতাত ৫৩ শতাংশৰ পৰা ৬০ শতাংশলৈকে প্ৰতিভাৰ অভাৱ হোৱা বুলি তথ্য প্ৰকাশ পোৱাৰ মাজতে অসমৰ এজন কলেজত অধ্যয়নৰত ছাত্ৰই কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ৩.২ বিলিয়ন ডলাৰৰ ষ্টাৰ্ট আপৰ টেষ্টিং আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে । ছাত্ৰজন হল অসমৰ গোলাঘাট জিলাৰ দেৰগাঁৱৰ উদীয়মান যুৱ ডেভলপাৰ বিৰাজিত শইকীয়া । তেওঁ বৰ্তমান Y Combinator ৰ সমৰ্থনপ্ৰাপ্ত ছিলিকন ভেলী ভিত্তিক ৩.২ বিলিয়ন ডলাৰৰ প্ৰতিষ্ঠান AfterQuery ৰ বাবে এই বেঞ্চমাৰ্কবোৰেই নিৰ্মাণ আৰু পৰীক্ষা কৰি আছে। তেওঁৰ এই সাফল্যই উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে গ্ল’বেল টেক চাকৰি লাভৰ নতুন পথ মুকলিৰ আশা কৰা হৈছে। উল্লেখ্য যে নিউটন স্কুল অৱ টেকনোলজীত প্ৰথম ছেমিষ্টাৰত অধ্যয়ন কৰি থাকোঁতেই শইকীয়াই বিখ্যাত জেনকিংছত কড জমা দিছিল । বিশ্বৰ
হাজাৰ হাজাৰ ডেভেলপাৰৰ ভিতৰত, শইকীয়াই সফলতাৰে তেওঁৰ ৯০ টাতকৈও অধিক পৃথক পুল ৰিকুৱেষ্ট পৰ্যালোচনা কৰাই অফিচিয়েল জেনকিংছ ৰিপ’জিটৰীত মাৰ্জ কৰাবলৈ সক্ষম হৈছিল।তেওঁৰ নিৰ্দিষ্ট দায়িত্ব আছিল http://jenkins.io ৰ মূল ডকুমেণ্টেচন প্লেটফৰ্মটো নতুনকৈ সজাই তোলা আৰু পুনৰ নিৰ্মাণ কৰা।
অ’পেন-ছ’ৰ্চ প্ৰকল্পত শইকীয়াৰ অৱদান আৰু কাৰিকৰী সামৰ্থ্যই তেওঁক আমেৰিকা ভিত্তিক এ আই কোম্পানী AfterQuery ত ইণ্টাৰ্ণশ্বিপ লাভ কৰাত সহায় কৰিছিল। তেওঁৰ প্ৰদৰ্শনে তেওঁক কোম্পানীটোৰ ক’ৰ ইঞ্জিনিয়াৰিং দলত স্থান দিলে, য’ত তেওঁ এতিয়া বৃহৎ পৰিসৰৰ এ আই মূল্যায়ন পাইপলাইনত কাম কৰি আছে । তেওঁৰ কামৰ ভিতৰত আছে উন্নত এ আই মডেলবোৰে বাস্তৱ জগতৰ ছফটৱেৰ ইঞ্জিনিয়াৰিং কামত, যেনে কমাণ্ড-লাইন অপাৰেচন আৰু ছফটৱেৰৰ বাগ সমাধানত, কেনে প্ৰদৰ্শন কৰে তাক মূল্যায়ন কৰিবলৈ বেঞ্চমাৰ্কিং আন্তঃগাঁথনি বিকশিত কৰা। এই মূল্যায়ন ব্যৱস্থাবোৰক দ্ৰুতগতিত বিকশিত হৈ থকা এ আই সামৰ্থ্যৰ সৈতে খাপ খুৱাবলৈ নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰয়োজন। ইয়াৰ লগতে, শইকীয়াই এমবডিডএত ৱৰ্ল্ড মডেলৰ বাবে মূল্যায়ন আৰু বেঞ্চমাৰ্কিংৰ কাম কৰা এটা দলত ৰিম’ট ছাত্ৰ গৱেষক হিচাপে কাম কৰি আহিছে । দলটোত আই আই টি, খড়গপুৰৰ পঞ্চম বৰ্ষৰ এজন গৱেষকো আছে। শইকীয়াই কয় যে আৰম্ভণিৰ পৰাই গৱেষণাই তেওঁৰ মূল লক্ষ্য আছিল আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা এ আই ষ্টাৰ্টআপ এটাই কেনেকৈ কাম কৰে তাক শিকিবলৈ তেওঁ AfterQuery ৰ চাকৰিটো লৈছিল । প্ৰতিটো নতুন এ আই মডেলক কোনেও বিশ্বাস কৰাৰ আগতে পৰীক্ষা কৰিব লাগিব । মই এই বছৰটো সেই টেষ্টিং নিৰ্মাণ কৰিছো AfterQuery ত আৰু গৱেষণাত । এই সকলো কাম আৰম্ভ হৈছিল প্ৰথম ছেমিষ্টাৰত অ’পেন-ছ’ৰ্চ ক’ডৰ পৰা । উদ্যোগৰ তথ্যই দেখুৱাইছে যে সক্ৰিয় আই টি এছাইনমেণ্টৰ এক বিশাল ঢৌ টিয়েৰ-২ আৰু টিয়েৰ-৩ অঞ্চলৰ ফালে স্থানান্তৰিত হৈছে।

Leave A Reply

Your email address will not be published.