দুবাৰকৈ অলিম্পিক পদক বিজয়ী, প্ৰখ্যাত বেডমিণ্টন খেলুৱৈ তথা টাটা ইলেক্ট্ৰনিকছ গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথন ২০২৭ৰ ব্ৰেণ্ড এম্বেছেডৰ পি ভি সিন্ধুৱে আগন্তুক টাটা ইলেক্ট্ৰনিকছ গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক অংশগ্ৰহণৰ বাবে উৎসাহিত কৰি অসম চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে। ২০২৭ চনৰ ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই মাৰাথনত শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণে তেওঁলোকক ক্ৰীড়াৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিব আৰু সুস্থ জীৱনশৈলীৰ এক অবিচ্ছেদ্য অংশ হিচাপে গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। সুস্থ জীৱনশৈলী নিশ্চিত কৰাৰ উপৰি ক্ৰীড়াই শৃংখলাবোধ, অধ্যৱসায়, আত্মবিশ্বাস, দায়বদ্ধতা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ তাক অতিক্ৰম কৰাৰ মানসিকতা গঢ় দিয়া আদিৰ দৰে জীৱনৰ অত্যাৱশ্যকীয় মূল্যবোধ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
অসম চৰকাৰৰ কামৰূপ (মহানগৰ) জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এখন পত্ৰৰ জৰিয়তে এই পদক্ষেপৰ কথা অৱগত কৰা হৈছে। এই পদক্ষেপৰ লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠানটোত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ অধিক অংশগ্ৰহণ উৎসাহিত কৰা। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে এখন বৃহৎ ক্ৰীড়া মঞ্চৰ অভিজ্ঞতা লাভ কৰাৰ লগতে সুস্থ জীৱনশৈলীৰ গুৰুত্ব উপলব্ধি কৰাৰ সুযোগ লাভ কৰিব। এই পদক্ষেপৰ অধীনত জিলাখনৰ চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়সমূহৰ পৰা অংশগ্ৰহণৰ আহ্বান জনোৱা হৈছে।
এই পদক্ষেপৰ প্ৰশংসা কৰি প্ৰখ্যাত বেডমিণ্টন খেলুৱৈ তথা টাটা ইলেক্ট্ৰনিকছ গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ ব্ৰেণ্ড এম্বেছেডৰ পি ভি সিন্ধুৱে কয়, “টাটা ইলেক্ট্ৰনিকছ গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক অংশগ্ৰহণৰ বাবে উৎসাহিত কৰিবলৈ অসম চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰা পদক্ষেপক মই আন্তৰিকতাৰে প্ৰশংসা কৰিছোঁ। কম বয়সতে শিক্ষাৰ্থীসকলক সুস্থ জীৱনশৈলী গঢ় দিয়াৰ এই পৰিৱেশৰ সৈতে পৰিচয় কৰাই দিয়াটো অত্যন্ত গুৰুত্বপূৰ্ণ। এনে বৃহৎ পৰিসৰৰ অনুষ্ঠানত অংশগ্ৰহণে তেওঁলোকক সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰাৰ সমান্তৰালকৈ বৃহৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠানৰ অভিজ্ঞতা অনুভৱ কৰাৰ এক মূল্যৱান সুযোগো প্ৰদান কৰিব। অসমৰ শিক্ষাৰ্থীসকলক এই সুন্দৰ পদক্ষেপৰ অংশ হোৱাৰ বাবে আগবাঢ়ি আহিবলৈ মই আহ্বান জনাইছোঁ।
বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক বিশেষভাৱে উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজকসকলে অংশগ্ৰহণকাৰী সকলো শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া পঞ্জীয়ন আৰু অংশগ্ৰহণৰ ব্যৱস্থা ঘোষণা কৰিছে। তেওঁলোকৰ অংশগ্ৰহণ সহজ কৰি তুলিবলৈ আয়োজকসকলে বিদ্যালয়ৰ পৰা মাৰাথনৰ স্থানলৈ আৰু অনুষ্ঠানৰ পাছত পুনৰ বিদ্যালয়লৈ বিনামূলীয়া বাছ পৰিবহণৰ ব্যৱস্থা কৰিব। ইয়াৰ উপৰি অনুষ্ঠানৰ পাছত খাদ্যৰ টোপোলা, দিনটোৰ ভিতৰত শক্তিবৰ্ধক পানীয় আৰু খোৱাপানী, আনুষ্ঠানিক দৌৰৰ দিনটোৰ টি-চাৰ্ট আৰু মাৰাথনৰ উপহাৰৰ টোপোলাও প্ৰদান কৰা হ’ব।
এই পদক্ষেপৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব দি অংশগ্ৰহণ কৰা প্ৰতিখন বিদ্যালয়ক বিশেষভাৱে প্ৰস্তুত কৰা এটা ক্ৰীড়া সামগ্ৰীৰ টোপোলা প্ৰদান কৰা হ’ব। ইয়াত ফুটবল, ক্ৰিকেটৰ বেট, টেনিছ বল, জঁপিওৱাৰ বাবে ৰছী আৰু অন্যান্য ক্ৰীড়া সঁজুলি থাকিব। শিক্ষাৰ্থীসকলৰ সৈতে যোৱা শিক্ষক-শিক্ষয়িত্ৰীসকলকো বিশেষভাৱে প্ৰস্তুত কৰা উপহাৰৰ টোপোলা প্ৰদান কৰা হ’ব।
বিদ্যালয়সমূহক www.guwahatiinternationalmarathon.org ৱেবছাইটৰ জৰিয়তে অনলাইন পঞ্জীয়ন কৰি শিক্ষাৰ্থীসকলৰ সৰ্বাধিক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ উৎসাহিত কৰাৰ লগতে দৌৰৰ দিনা অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলৰ সৈতে থাকি তেওঁলোকৰ তদাৰক কৰিবলৈ প্ৰতিখন বিদ্যালয়ৰ পৰা দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক মনোনীত কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
পি এম জি স্পৰ্টছ এল এল পি-ৰ উদ্যোগত আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সহযোগিতাত অনুষ্ঠিত হ’বলগীয়া এই মাৰাথনত মুঠ ১.২৫ কোটি টকাৰ পুৰস্কাৰৰ ধন থাকিব। এই মাৰাথনত কেনিয়া, ইথিওপিয়া, নামিবিয়া আৰু উগাণ্ডাৰ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় মাৰাথন দৌৰবিদসকলৰ লগতে ভাৰতৰ শীৰ্ষস্থানীয় খেলুৱৈসকলেও অংশগ্ৰহণ কৰিব।
টাটা ইলেক্ট্ৰনিকছ গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ প্ৰথম সংস্কৰণত পাঁচটা শাখা থাকিব। সেইকেইটা হৈছে – পূৰ্ণ মাৰাথন, অৰ্ধ মাৰাথন, ১০ কিলোমিটাৰ দৌৰ, ৫ কিলোমিটাৰ দৌৰ আৰু ১.৫ কিলোমিটাৰ দৌৰ। এই শাখাসমূহে বিভিন্ন বয়সৰ লোকসকলক অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিব।
আয়োজকসকলে ব্যক্ত কৰে যে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক মাৰাথনত অংশগ্ৰহণৰ বাবে উৎসাহিত কৰাটো কেৱল এটি ক্ৰীড়া অনুষ্ঠানৰ অংশ হোৱাৰ বিষয় নহয়; এয়া হৈছে এটা প্ৰজন্মক সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ, স্বাস্থ্যকৰ অভ্যাস গঢ়ি তুলিবলৈ আৰু ক্ৰীড়াক শিক্ষা তথা জীৱনৰ এক অপৰিহাৰ্য অংশ হিচাপে উপলব্ধি কৰিবলৈ অনুপ্ৰাণিত কৰাৰ পদক্ষেপ।